প্ৰতিবাদকাৰীয়ে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক জীৱন্তে জ্বলাই দিয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 6 h ago
প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ ঘৰটো প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ দৃশ্য
প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ ঘৰটো প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ দৃশ্য
কাঠমাণ্ডু

অব্যাহত থকা নেপালৰ অশান্তিৰ মাজতে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ পত্নী ৰবি লক্ষ্মী চিত্ৰাকৰৰ ডাল্লুৰ ঘৰটো প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। 

নেপালী সংবাদ মাধ্যম 'খবৰ হাব'ৰ মতে, পৰিয়ালৰ লোকে জনোৱা মতে, চিত্ৰাকৰক সংকটজনক অৱস্থাত কীৰ্তিপুৰ বাৰ্ন হস্পিতাললৈ লৈ যোৱা হয় যদিও তেও তেওঁৰ আঘাতৰ বাবে মৃত্যু হয়।

সামাজিক মাধ্যম প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা বুলি চৰকাৰে ঘোষণা কৰাৰ পাছতো নেপালত দ্বিতীয় দিনৰ বাবে জেন জি (Gen Z)ৰ নেতৃত্বত হিংসাত্মক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়। বিক্ষোভৰ দ্বিতীয় দিনা আৰু দুজন লোকৰ মৃত্যু হয় -- যাৰ ফলত মৃত্যুৰ সংখ্যা ২২লৈ বৃদ্ধি পায় আৰু ৩০০ৰো অধিক লোক আহত হয় -- আৰু ইয়াৰ পিছত বিক্ষোভকাৰীয়ে অলিক ক্ষমতাচ্যুত আৰু চৰকাৰ বৰ্খাস্ত কৰাৰ দাবী জনায়, ।

কাঠমাণ্ডুৰ কেন্দ্ৰীয় প্ৰশাসনিক কমপ্লেক্স সিং দৰবাৰ আৰু ৰাষ্ট্ৰপতিৰ বাসগৃহ শীতল নিৱাছত জুই লগাই দিয়াৰ ফলত সমগ্ৰ নেপালৰ ডাঙৰ চৰকাৰী আৰু ৰাজনৈতিক প্ৰতীকসমূহ আক্ৰমণৰ সন্মুখীন হয়। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী, আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহাল ‘প্ৰচন্দ’ আৰু শ্বেৰ বাহাদুৰ দেউবাৰ বাসগৃহও জ্বলাই দিয়া হয়।

দেউবাৰ বাসগৃহত হোৱা আক্ৰমণত তেওঁ আৰু তেওঁৰ পত্নী বৈদেশিক মন্ত্ৰী আৰ্জু ৰানা দেউবাক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। ক্ৰমাৎ বৃদ্ধি পোৱা অশান্তিৰ মাজতে ৰাজনৈতিক দলৰ কাৰ্যালয়কো লক্ষ্য কৰি লোৱা হয়।

চৰকাৰে সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাক লৈ হিংসাত্মক প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰে বুলি তেওঁৰ সহায়ক প্ৰকাশ ছিলৱালে নিশ্চিত কৰে। পদত্যাগ পত্ৰত অলিয়ে কয় যে “সমস্যাটোৰ সমাধানৰ সুবিধাৰ বাবে আৰু ৰাজনৈতিকভাৱে সমাধান কৰাত সহায় কৰিবলৈ” তেওঁ পদত্যাগ কৰিছে।

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, অলিয়ে ইয়াৰ পূৰ্বে অধিক বেয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা নিৰাপদে প্ৰস্থান নিশ্চিত কৰিবলৈ সামৰিক সাহায্য বিচাৰি নেপালৰ সেনা প্ৰধান জেনেৰেল অশোক ৰাজ ছিগডেলৰ সৈতে কথা পাতিছিল। খবৰ অনুসৰি সেনা প্ৰধানগৰাকীয়ে তেওঁক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল আৰু তেওঁ ক্ষমতা ত্যাগ কৰিলেহে সেনাই পৰিস্থিতি সুস্থিৰ কৰিব পাৰিব বুলি কৈছিল।