কেৰেলাৰ নাৰ্ছ নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ড স্থায়ীভাৱে বাতিল কৰা হৈছেঃ গ্ৰেণ্ড মুফতী এ পি আবুবাকাৰ

Story by  atv | Posted by  [email protected] • 19 h ago
কেৰেলাৰ নাৰ্ছ নিমিছা প্ৰিয়া
কেৰেলাৰ নাৰ্ছ নিমিছা প্ৰিয়া
 
নতুন দিল্লী

কেৰেলাৰ নাৰ্ছ নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ড স্থায়ীভাৱে বাতিল কৰা হৈছে বুলি ভাৰতৰ গ্ৰেণ্ড মুফতী শ্বেখ কান্তপুৰম এ পি আবুবাকাৰ মুছলিয়াৰৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত উল্লেখ পাইছে। যোৱা ১৬ জুলাইত কেৰালাৰ নাৰ্ছ নিমিছা প্ৰিয়াক য়েমেনত ব্যৱসায়িক সহযোগীক হত্যা কৰাৰ অভিযোগত ফাঁচী দিয়াৰ কথা আছিল যদিও সেয়া স্থগিত ৰখা হৈছিল।
 
এ এন আইৰ মতে, য়েমেনত হত্যাকাণ্ডৰ গোচৰত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা ভাৰতীয় নাগৰিক নিমিছা প্ৰিয়াৰ গোচৰত ভাৰতীয় গ্ৰেণ্ড মুফটিৰ কান্থাপুৰম এ পি আবুবাকাৰ মুছলাইয়াৰৰ কাৰ্যালয়ে কয়, "পূৰ্বতে স্থগিত ৰখা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰা হৈছে। ছানাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত পূৰ্বে সাময়িকভাৱে স্থগিত ৰখা মৃত্যুদণ্ড সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।"
 
২০২০ চনত তালাল আব্দো মাহদীক হত্যা কৰি মৃতদেহ নিষ্কাশনৰ গোচৰত দোষী সাব্যস্ত হৈছিল নিমিশ প্ৰিয়া। ভাৰত চৰকাৰ, ধৰ্মগুৰু, মানৱ অধিকাৰ সংগঠন, ভাৰতীয় প্ৰবাসীসকলে আৰম্ভ কৰা বহুমুখী প্ৰচেষ্টাৰ সময়তে তেওঁৰ মৃত্যু সাময়িকভাৱে পিছুৱাই দিয়া হৈছিল।
 
গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ে অৱশ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়াও য়েমেন কৰ্তৃপক্ষৰ পৰা আনুষ্ঠানিক লিখিত পত্ৰ লাভ কৰা নাই। গালফ নিউজৰ এক বাতৰি অনুসৰি য়েমেনৰ প্ৰশাসনিক সূত্ৰইও এই খবৰ নিশ্চিত কৰিছে। ২০০২ চনত নিমিছাক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২০২৩ চনত ক্ষমাৰ বাবে কৰা চূড়ান্ত আবেদন নাকচ কৰা হৈছিল।
ভাৰতৰ গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদে নিমিছাৰ জীৱন ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ধৰ্মীয় পৰ্যায়ত বিষয়টো সমাধানৰ বাবে তেওঁ য়েমেনৰ প্ৰখ্যাত চুফী ধৰ্মগুৰু হাবিব উমৰ বিন হাফিজৰ কাষ চাপিছিল। নিমিছাৰ ফাঁচীৰ তাৰিখ ওচৰ চাপি অহাৰ সময়তে গ্ৰেণ্ড মুফতীক বিষয়টো জনাইছিল কেৰেলাৰ বিধায়ক চাণ্ডী ওমেনে।
 
শেহতীয়াকৈ য়েমেনৰ ৰাজধানী ছানাত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই বিষয়টো আলোচনা হয় আৰু ইয়াত অংশ লয় মৃতকৰ পৰিয়াল, য়েমেনৰ জ্যেষ্ঠ ন্যায়াধীশ, চৰকাৰী প্ৰতিনিধি আৰু ধৰ্মীয় নেতাসকলে। এই বৈঠকৰ পিছত তালালৰ পৰিয়ালে নিমিছাক ক্ষমাদানৰ কথা বিবেচনা কৰিবলৈ সন্মত হয় আৰু ফাঁচীৰ তাৰিখ অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয়।
 
গ্ৰেণ্ড মুফতিৰ উপৰিও খ্ৰীষ্টান ইভংগেলিষ্ট ডাঃ কে.এ. পল, য়েমেনৰ ন্যায়াধীশ ৰিজৱান আহমেদ আল ৱাজৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিমিছাক বচাবলৈ চেষ্টা চলায়। য়েমেনৰ পৰা এটা ভিডিঅ’ বাৰ্তাত, ডাঃ পলে কয়, “নিমিছাৰ শাস্তি কেৱল স্থগিত ৰখাই নহয় সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আৰু ওমান, ইজিপ্ত, তুৰস্কৰ দৰে দেশৰ সহযোগত ভাৰতলৈ ঘূৰি অহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।”
 
এই মুহূৰ্তত ভাৰত চৰকাৰে হয়তো এই বিষয়ত সতৰ্ক বক্তব্য দিছে, কিন্তু বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছোৱালে স্বীকাৰ কৰিছে যে চৰকাৰে য়েমেন কৰ্তৃপক্ষৰ সৈতে আইনী সহায়, কনছুলাৰ যোগাযোগ, আৰু নিৰন্তৰ আলোচনা বজাই ৰাখিছে।
 
তেওঁ কয় যে আমি আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিলোঁ, কিন্তু বিষয়টো অত্যন্ত স্পৰ্শকাতৰ আছিল। এই গোচৰত শ্বেখ আবুবকাৰ আহমেদৰ হস্তক্ষেপ কেৱল ধৰ্মীয় পদক্ষেপ নাছিল; ই সেই সময়ৰ এক জীৱন্ত উদাহৰণ হৈ পৰিছিল যেতিয়া এজন মুছলমান ধৰ্মগুৰুৱে নিজৰ সুনাম আৰু প্ৰভাৱ দুয়োটাকে ব্যৱহাৰ কৰি এগৰাকী হিন্দু মহিলাৰ জীৱন ৰক্ষা কৰে।
 
ভাৰতৰ গ্ৰেণ্ড মুফতি শ্বেখ আবুবকাৰ আহমেদ কোনো সাধাৰণ ধৰ্মীয় নেতা নহয়। তেওঁৰ মতে সেৱা হৈছে ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ ৰূপ। ১৯৭৮ চনত কেৰালাৰ কালিকটত জামিয়া মাৰ্কাজ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা তেওঁ ১২ হাজাৰ বিদ্যালয়, ৬০০ মহাবিদ্যালয় মুকলি কৰিছে, ১৮ হাজাৰ অনাথ শিশুক বাসস্থান প্ৰদান কৰিছে, ৭০ হাজাৰ খোৱাপানী প্ৰকল্প, ৪,০০০ স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছে, আৰু প্ৰতিষ্ঠানটোৱে ১.৩৫ লাখ লোকক নিয়োজিত কৰিছে।