নতুন দিল্লী
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানৰ আশা পুনৰবাৰ নিৰাশাত পৰিণত হৈছে। বাৰম্বাৰ আবেদন আৰু কূটনৈতিক প্ৰচেষ্টা চলোৱাৰ পিছতো চুবুৰীয়া দেশখনে আজিকোপতি শক্তিশালী মিত্ৰজোঁট 'ব্ৰিকছ'ৰ সদস্য ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ ২০২৫ চনত কেইবাখনো নতুন ৰাষ্ট্ৰক ব্ৰিকছৰ মজিয়াত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয় যদিও, এইবাৰো পাকিস্তানক সম্পূৰ্ণৰূপে উপেক্ষা কৰা হয়।
উল্লেখ্য যে, ব্ৰিকছৰ সদস্য পদ লাভৰ বাবে পাকিস্তানে আজিৰ পৰা নহয়, বৰঞ্চ ২০২৩ চনৰ পৰাই অহৰহ প্ৰচেষ্টা চলাই আহিছে। ২০২৩ চনত আনুষ্ঠানিকভাৱে আবেদন জনোৱাৰ পাছত, ২০২৫ চনতো দেশখনে মিত্ৰজোঁটটোৰ অংশীদাৰ হ'বলৈ পুনৰ অনুৰোধ জনাইছিল। পিছে প্ৰতিবাৰেই পাকিস্তানৰ এই প্ৰয়াস ব্যৰ্থ হৈছে আৰু দেশখনে বাৰে বাৰে নতুন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
ব্ৰিকছ হৈছে বিশ্বৰ কেইখনমান আগশাৰীৰ উন্নয়নশীল অৰ্থনীতিৰ এক উমৈহতীয়া মঞ্চ, য'ত প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰতবৰ্ষৰ উপৰিও আছে ব্ৰাজিল, ৰাছিয়া, চীন আৰু দক্ষিণ আফ্ৰিকা। মিত্ৰজোঁটটোৰ শক্তি বৃদ্ধি কৰি শেহতীয়াকৈ ইজিপ্ত, ইথিঅ'পিয়া, ইৰান আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে ইয়াত নতুন সদস্য হিচাপে যোগদান কৰিছে। পিছে ব্ৰিকছৰ নীতি-নিয়ম অনুসৰি, যিকোনো এখন নতুন ৰাষ্ট্ৰক অন্তৰ্ভুক্ত কৰিবলৈ হ'লে মিত্ৰজোঁটৰ সকলো পুৰণি সদস্য ৰাষ্ট্ৰৰ পূৰ্ণ সৰ্বসন্মতিৰ প্ৰয়োজন। এই নিয়মটোৱেই পাকিস্তানৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে।
বৰ্তমান সময়ত ব্ৰিকছৰ বৰ্ধিত গুৰুত্বলৈ লক্ষ্য ৰাখি বিশ্বৰ আন কেইবাখনো দেশে ইয়াৰ সদস্য পদ লাভৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আবেদন জনোৱা এনে ২৯ খন দেশৰ ভিতৰত পাকিস্তান অন্যতম। পাকিস্তানৰ এই আগ্ৰহৰ আঁৰৰ মূল কাৰণটোৱেই হৈছে অৰ্থনীতি। বৰ্তমানৰ জুৰুলা আৰু সংকটগ্ৰস্ত অৰ্থনীতিক পুনৰুজ্জীৱিত কৰি টনকিয়াল কৰাৰ সুদূৰপ্ৰসাৰী উদ্দেশ্যৰেই পাকিস্তানে এই শক্তিশালী মিত্ৰতাত অন্তৰ্ভুক্ত হ'বলৈ অহোপুৰুষাৰ্থ কৰিছে।
পাকিস্তানৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন অনুসৰি, দেশখনৰ বৰ্তমানৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হৈছে মাত্ৰ ৩.৭০ শতাংশ। এনে এক সংকটজনক অৱস্থাত, বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দৰে প্ৰতিষ্ঠানৰ ওপৰত দীৰ্ঘদিনীয়া নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ পাকিস্তানে চেষ্টা চলাইছে। বিত্তীয় বিকল্পৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত পাকিস্তানে আনকি ব্ৰিকছ সমৰ্থিত 'নিউ ডেভেলপমেণ্ট বেংক'ত ৫৮০ মিলিয়ন ডলাৰৰ শ্বেয়াৰো ক্ৰয় কৰিছে। ইয়াৰ জৰিয়তে দেশখনে পৰোক্ষভাৱে হ'লেও ব্ৰিকছৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হ'বলৈ এক কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে।