পাকিস্তান অধিকৃত কাশ্মীৰত যাত্ৰীবাহী বাছত কৰা গুলীচালনাত নিহত ৮ জন

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
চিলাছ  
 
শনিবাৰে এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি পাকিস্তান অধিকৃত কাশ্মীৰৰ গিলগিট বাল্টিস্তানত যাত্ৰীবাহী বাছত গুলীচালনাৰ ঘটনাত কমেও ৮ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৬ জন লোক আহত হয়। 
 
উপ আয়ুক্ত ডায়েমাৰ কেপ্তেইন আৰিফ আহমেদৰ উদ্ধৃতি দি এক প্ৰতিবেদনত চিলাছ জিলাত সংঘটিত হোৱা এই কাণ্ডৰ কথা উল্লেখ কৰি কয় যে অচিনাক্ত আক্ৰমণকাৰীয়ে যাত্ৰীবাহী বাছ এখনত গুলীচালনা কৰে আৰু তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। লগতে তেওঁ আঠজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰি ৰাৱালপিণ্ডি অভিমুখী বাছখন ঘিজাৰৰ পৰা আহিছিল বুলি প্ৰকাশ কৰিছে। 
 
ইয়াৰ পূৰ্বে চিলাছৰ সমীপৰ এটা দ' খাৱৈত এখন বাছ বাগৰি যোৱাৰ ফলত কমেও তিনিজন যাত্ৰী নিহত হোৱাৰ লগতে ২৪ জন আহত হয় বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে। ৰেচকিউ ১১২২ৰ তথ্য অনুসৰি ৰাৱালপিণ্ডিৰ পৰা স্কাৰডু অভিমুখী পথত এখন বাছ বিপৰীত ফালৰ পৰা অহা আন এখন বাহনৰ সৈতে খুন্দা মৰাৰ ফলত বাছখন দ' খাৱৈত বাগৰি যায় আৰু থিতাতে তিনিজন যাত্ৰীৰ মৃত্যু হয়।  
 
বাছ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহত আৰু মৃতকক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে।
 
ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীৰ আন এক ঘটনাত গিলগিট-বাল্টিস্তানৰ চিলাছ চহৰৰ কোহিস্তান শতিয়াল চৌকিৰ সমীপত কাৰাকোৰাম ঘাইপথত যাত্ৰীবাহী বাছে এখন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষত কমেও ২৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। 
 
এ আৰ ৱাই নিউজৰ বাতৰি অনুসৰি ৪৫ জন যাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী বাছখনে গাড়ীখনৰ সৈতে মুখামুখি সংঘৰ্ষ কৰি কোহিস্তান শতিয়াল চৌকিৰ সমীপৰ কাৰাকোৰাম ঘাইপথত এটা খাৱৈত বাগৰি যায়।