ৰজা চাৰ্লছক গছপুলি উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
ৰজা চাৰ্লছ আৰু প্ৰধানমন্ত্ৰী মোদী
ৰজা চাৰ্লছ আৰু প্ৰধানমন্ত্ৰী মোদী
 
লণ্ডন
 
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ব্ৰিটেইনৰ ৰাজ পৰিয়ালক সাক্ষাৎ কৰে। পৰিৱেশ সংৰক্ষণৰ উদ্যোগ হিচাপে 'এক পেড় মা কে নাম'ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ৰাজ পৰিয়ালক গছপুলি উপহাৰ দিয়ে। শৰৎ কালত এই গছপুলি ৰোপণ কৰা হ'ব বুলি জানিব পৰা গৈছে।
 
এক্সৰ এক পোষ্টত ৰাজ পৰিয়ালে (ৰয়েল ফেমিলি) লিখিছে, "আজি বিয়লি ৰজাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চেণ্ড্ৰিংহাম হাউচত আদৰণি জনায়। এই সাক্ষাতৰ সময়ত পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ হিচাপে মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে মানুহক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰি "এক পেড় মা কে নাম"ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে শৰৎ কালত ৰোপণ কৰিবলৈ ৰজাক গছপুলি উপহাৰ দিয়ে।"  
 
প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিয়া গছপুলিটো হৈছে ডেভিডিয়া ইনভ'লুক্ৰেটা 'ছোনোমা', যাক সাধাৰণতে ছোনোমা ড'ভ ট্ৰী বা হেণ্ডকাৰচীফ ট্ৰী বুলিও জনা যায়। ই এবিধ আলংকাৰিক গছ য'ত যথেষ্ট পৰিমাণৰ ফুল ফুলে। ডেভিডিয়া ইনভ'লুক্ৰেটাৰ প্ৰজাতিৰ গছবোৰত ফুল ফুলিবলৈ সচৰাচৰ ১০ৰ পৰা ২০ বছৰ সময় লাগে। কিন্তু 'ছোনোমা' হৈছে ব্যতিক্ৰম য'ত সাধাৰণতে ৰোপণৰ ২ৰ পৰা ৩ বছৰৰ ভিতৰতে ফুল ফুলিবলৈ আৰম্ভ কৰে। ইয়াৰ আটাইতকৈ চিনাকি বৈশিষ্ট্য হ'ল ডালত ওলমি থকা ডাঙৰ ডাঙৰ উৰি ফুৰা বগা ফুলবোৰ।  
 
বুধবাৰে ব্ৰিটেইনলৈ ৰাওনা হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে, তেওঁ ৰজা চাৰ্লছক সাক্ষাৎ কৰিবলৈ আগ্ৰহী। এক্সৰ এটা পোষ্টত তেওঁ লিখিছিল, "ব্ৰিটেইনলৈ যাত্ৰা, যিখন দেশৰ সৈতে আমাৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বই যোৱা কেইবছৰমানৰ পৰা উল্লেখযোগ্য গতি অৰ্জন কৰিছে। মই প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে মোৰ বৈঠক আৰু মহামহিম ৰজা তৃতীয় চাৰ্লছৰ সৈতে মোৰ সাক্ষাৎকাৰৰ বাবে আগ্ৰহী।"