নতুন দিল্লী
বুধবাৰে ব্ৰিটেইন ভ্ৰমণ কাৰ্যসূচীৰে লণ্ডনত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত তেওঁ ব্ৰিটেইনত উপস্থিত হৈছে। আনহাতে, ব্ৰিটেইনত উপস্থিত হোৱাৰ লগে লগে প্ৰবাসী ভাৰতীয়ৰ বিভিন্ন গোটে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। ইয়াৰ মাজত আছিল প্ৰবাসী অসমীয়াও।
লণ্ডনৰ এটা বিহু দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিহুনাচেৰে আদৰণি জনায়। আনহাতে, এই সুযোগ লাভ কৰি বিহু দলটোৱে যথেষ্ট গৌৰৱ আৰু আনন্দ লাভ কৰা বুলি প্ৰকাশ কৰিছে।
অনুষ্ঠান পৰিবেশনৰ পূৰ্বে বিহু দলটোৰ এগৰাকী নাচনী মধুস্মিতা বৰগোঁহায়ে কয়, "মই অসমৰ। বিগত ১২ বছৰ ধৰি ব্ৰিটেইনত বসবাস কৰি আহিছোঁ। আজি প্ৰধানমন্ত্ৰী মোদীক দেখিবলৈ পালে কিমান সুখী হ'ম সেয়া প্ৰকাশ কৰিব নোৱাৰো। আজি আমি বিহুনাচ প্ৰদৰ্শন কৰিম।"
নিজৰ আৱেগ প্ৰকাশ কৰি আন এগৰাকী নাচনী চিনু কিশোৰে কয়, "... মই অসমৰ আৰু যোৱা ২২ বছৰ ধৰি ব্ৰিটেইনত বসবাস কৰি আহিছোঁ। আজি প্ৰধানমন্ত্ৰী মোদীক ব্যক্তিগতভাৱে চাবলৈ বৰ উৎসুক হৈ আছোঁ আৰু আমি তেওঁৰ সন্মুখত অসমৰ বিহুনাচ প্ৰদৰ্শন কৰিম।"
উল্লেখ্য যে প্ৰবাসী ভাৰতীয়সকলে ইংলেণ্ডত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক আদৰণি জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ চহকী আৰু বৈচিত্ৰ্যময় পৰম্পৰাক প্ৰতিভাত কৰি তুলিবলৈ এক বিস্তৃত সাংস্কৃতিক তথা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। তাৰেই অংশ হৈছে এই বিহুনাচ।
দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিটেইনত উপস্থিত হয়। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। কিয়নো দুয়োখন দেশে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে।