টকিঅ'
ইটোৰ পিছত সিটো নিৰ্বাচনী পৰাজয়ৰ বাবে তীব্ৰ হেঁচাত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই দেওবাৰে পদত্যাগ কৰে। তেওঁৰ পদত্যাগে শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিত অশান্ত সময়ত নেতৃত্বৰ যুঁজ সৃষ্টি হৈছে।
টেলিভিছনত প্ৰচাৰিত সংবাদমেলত ইছিবাই কয় যে, "মই লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো। মই সচিব প্ৰধান মৰিয়ামাক সভাপতি নিৰ্বাচনৰ পদ্ধতিসমূহ সম্পন্ন কৰিবলৈ কৈছো... মই বিচাৰিছোঁ যে তেওঁ নতুন সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰক।”
যোৱা অক্টোবৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা ৬৮ বছৰীয়া নেতাগৰাকীয়ে কেইবা সপ্তাহ ধৰি পদত্যাগ কৰাৰ আহ্বানক প্ৰতিহত কৰি সকীয়াই দিছিল যে যি সময়ত জাপানে “বৃহৎ প্ৰত্যাহ্বান”ৰ সন্মুখীন হৈছে — য’ত আমেৰিকাৰ শুল্ক, মুদ্ৰাস্ফীতি, ধান নীতিৰ সংস্কাৰ আৰু ক্ৰমাৎ আঞ্চলিক উত্তেজনা আদিও অন্তৰ্ভুক্ত আছে -- সেই সময়ত পদত্যাগ কৰিলে ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হ’ব।
কিন্তু ইটোৰ পিছত সিটো নিৰ্বাচনী পৰাজয়ৰ পিছত ইছিবাৰ স্থিতি দুৰ্বল হৈ পৰে, তেওঁৰ শাসকীয় মিত্ৰজোঁটে সংসদৰ দুয়োখন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাই পেলায়। এল ডি পিয়ে আগতীয়াকৈ নেতৃত্বৰ নিৰ্বাচন আহ্বান — যিটো পদক্ষেপক তেওঁৰ বিৰুদ্ধে বাস্তৱিকতে অনাস্থা প্ৰস্তাৱ হিচাপে দেখা গৈছিল -- কৰিব নে নকৰে সেই সন্দৰ্ভত ভোটদানৰ মাত্ৰ এদিন পূৰ্বে তেওঁ পদত্যাগ কৰে।
ৰক্ষণশীল প্ৰবীণ নেতা তাৰো আছ’ আৰু কেইবাজনো কেবিনেট মন্ত্ৰীকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে তেওঁক প্ৰস্থানৰ বাবে মুকলিকৈ দাবী জনাইছিল। শনিবাৰে ইছিবাই কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী যোছিহিদে ছুগাৰ সৈতে সাক্ষাৎ কৰে আৰু দুয়োজনে ভোটদানৰ পূৰ্বে তেওঁক আঁতৰি যাবলৈ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে।
ইছিবাই কণ্ঠত আৱেগিক হৈ ক’লে, "জাপানে বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা আৰু ৰাষ্ট্ৰপতিয়ে কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ লগে লগে আমি এটা মূল বাধা পাৰ হৈছো। মই বাকী থকা কামবোৰ পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াব বিচাৰোঁ।”
এল ডি পিয়ে জৰুৰীকালীন নেতৃত্বৰ প্ৰতিদ্বন্দিতা অনুষ্ঠিত কৰিব, য’ত বেংক অৱ জাপানৰ ৰেট বৃদ্ধিৰ সমালোচক দলৰ প্ৰবীণ নেতা ছানাই তাকাইচি আৰু ইছিবাৰ কৃষি মন্ত্ৰী তথা দলটোৰ উদীয়মান তাৰকা শ্বিনজিৰো ক’ইজুমিকে ধৰি সম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে অংশগ্ৰহণ কৰিব। যোৱা বছৰৰ এল ডি পিৰ প্ৰতিদ্বন্দিতাত ইছিবাই টাকাইচিক সংকীৰ্ণভাৱে পৰাস্ত কৰিছিল।
মেইজি ইয়াছুদা ৰিচাৰ্চ ইনষ্টিটিউটৰ অৰ্থনীতিবিদ কাজুটাকা মায়েডাৰ উদ্ধৃতি দি সংবাদ সংস্থাই কয় যে, "এল ডি পিৰ বাৰে বাৰে নিৰ্বাচনী পৰাজয়ৰ পিছত ইছিবাৰ ওপৰত ৰাজনৈতিক হেঁচা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পদত্যাগ অনিবাৰ্য আছিল। কোইজুমি আৰু টাকাইচিক আটাইতকৈ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে দেখা যায়।”
বিশ্লেষকসকলে কয় যে নতুন নেতাগৰাকীয়ে তেওঁলোকৰ কাৰ্যভাৰ শক্তিশালী কৰিবলৈ আকস্মিক নিৰ্বাচন আহ্বান কৰিব পাৰে। কিন্তু দেওবাৰে প্ৰকাশিত কিয়’ড’ৰ এক সমীক্ষাত দেখা গৈছে যে ৫৫% লোকে বিশ্বাস কৰে যে আগতীয়াকৈ ভোটদানৰ প্ৰয়োজন নাই বুলি সংবাদ সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
প্ৰধানমন্ত্ৰী হিচাপে ইছিবাৰ শেষৰটো ডাঙৰ কাম আছিল আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰা। এই চুক্তিৰ জৰিয়তে জাপানৰ ৫৫০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ বিনিময়ত জাপানী সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ শুল্ক ২৫%ৰ পৰা ১৫%লৈ হ্ৰাস কৰা হয়। লগতে তেওঁ ট্ৰাম্পলৈ ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰি মিত্ৰজোঁটত “সোণালী যুগ”ৰ আশা প্ৰকাশ কৰি জাপান ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।