প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ত্ৰিনিদাদ আৰু ট’বেগোৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান প্ৰদান
নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ত্ৰিনিদাদ আৰু ট’বেগোৰৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা “The Order of the Republic of Trinidad & Tobago” প্ৰদান কৰা হৈছে। পাঁচখন দেশৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কেৰিবিয়ান দ্বীপপুঞ্জলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অহা মোদীক ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতে গভীৰ সংযোগ আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ত মানৱীয় সাহায্যৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
বৃহস্পতিবাৰে এই বঁটা ঘোষণা কৰে ত্ৰিনিদাদ আৰু ট’বেগোৰৰ প্ৰধানমন্ত্ৰী কমলা পেৰছাদ-বিছেছাৰে মোদীৰ এই ভ্ৰমণক গৌৰৱ আৰু ঐতিহাসিক সংযোগৰ মুহূৰ্ত বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এই সন্মান দুয়োখন দেশৰ চিৰন্তন আৰু গভীৰ বন্ধুত্বৰ প্ৰতীক।
এই সন্মান মই ১৪৬ কোটি ভাৰতীয়ৰ হৈ গৌৰৱময় অংশীদাৰিত্ব হিচাপে গ্ৰহণ কৰো বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগোৰে সন্মানিত হোৱা প্ৰথমজন বৈদেশিক নেতা। প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশৰ পৰা লাভ কৰা এয়া হৈছে ২৫ সংখ্যক আন্তৰ্জাতিক সন্মান।
অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ উল্লেখযোগ্য বিজয়ীসকলৰ ভিতৰত আছে নোবেল বঁটা বিজয়ী ডেৰেক ৱালকট আৰু ভি এছ নাইপল, ক্ৰিকেটৰ কিংবদন্তি ব্রায়ান লাৰা, প্ৰাক্তন ৰাষ্ট্ৰপতি এলিছ ক্লাৰ্ক, নূৰ হাছানালি, আৰু জৰ্জ মেক্সৱেল ৰিচাৰ্ডছ, আৰু ড° এৰিক উইলিয়ামছ, কমলা পাৰ্ছাড-বিচেছাৰ, ন্যায়াধীশ মাইকেল ডি লাবাষ্টাইড, আৰু অধ্যাপক কেনেথ জুলিয়েনৰ দৰে ব্যক্তিসকল।
প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ এইখন দেশ প্ৰথম ভ্ৰমণ আৰু ১৯৯৯ চনৰ পিছত প্ৰধানমন্ত্ৰী পৰ্যায়ত ট্ৰিনিদাদ আৰু ট’বাগোলৈ প্ৰথম ভাৰতীয় দ্বিপাক্ষিক ভ্ৰমণ। ঘানাৰ পৰা ত্ৰিনিদাদ আৰু ট’বাগোত উপস্থিত হোৱা মোদীয়ে দেশখনৰ ৰাষ্ট্ৰীয় সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে।