৩০ হাজাৰ দক্ষ ভাৰতীয়ক নিয়োগৰ সুবিধা দিব ৰোমানিয়াই

Story by  atv | Posted by  [email protected] • 3 h ago
৩০ হাজাৰ দক্ষ ভাৰতীয়ক নিয়োগৰ সুবিধা দিব ৰোমানিয়াই
৩০ হাজাৰ দক্ষ ভাৰতীয়ক নিয়োগৰ সুবিধা দিব ৰোমানিয়াই
 
নতুন দিল্লী
 
ভাৰত আৰু ৰোমানিয়াই ইউৰোপীয় দেশখনৰ শ্রম বজাৰৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ ৩০ হেজাৰ দক্ষ ভাৰতীয় পেছাদাৰী লোকক বার্ষিক প্ৰৱেশৰ সুবিধা প্রদান কৰিব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্র্যালয়ে প্রকাশ কৰিছে। ভাৰতৰ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্রী জিটিন প্রসাদ আৰু ৰোমানিয়াৰ অর্থনীতি, ডিজিটেলাইজেচন, উদ্যোগীকৰণ আৰু পর্যটন মন্ত্ৰীৰ সহ-অধ্যক্ষতাত বুখাৰেষ্টত অনুষ্ঠিত ভাৰত-ৰোমানিয়া যুটীয়া অর্থনৈতিক সহযোগিতা সমিতিৰ ১৯ সংখ্যক বৈঠকত এই বুজাবুজিত উপনীত হয়।
 
মন্ত্র্যালয়ে এক বিবৃতিত কয় যে তেওঁৰ ভ্ৰমণৰ সময়ত প্রসাদে ৰোমানিয়াৰ শ্রম, পৰিয়াল, যুৱ আৰু সামাজিক সংহতি মন্ত্রী পেট্টে-ফ্ল'বিন মানোলেকো সাক্ষাৎ কৰে, য'ত দুয়োপক্ষই দক্ষতাভিত্তিক গতিশীলতা আৰু অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। বিবৃতিটোত কোৱা হৈছে যে বছৰি প্ৰায় এক লাখ অনা-ইউৰোপীয় শ্রমিকৰ প্ৰয়োজন হোৱা ৰোমানিয়াই প্ৰতি বছৰে প্রায় ৩০ হেজাৰ দক্ষ ভাৰতীয় পেছাদাৰীৰ বাবে নিয়োগৰ পথ সৃষ্টি কৰিবলৈ সাজু বুলি প্রকাশ কৰিছে।
 
তেওঁলোকে নিযুক্তি, ভাষা আৰু বৃত্তিমূলক প্রশিক্ষণ, নিয়োগ চুক্তি আৰু নিয়োগকর্তাৰ বাবে দ্রুত প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত সহযোগিতা সম্পর্কেও আলোচনা কৰে।