নতুন দিল্লী
বৃহস্পতিবাৰে পূব আমুৰ অঞ্চলত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। ছয়জন ক্ৰু সদস্যকে ধৰি ৪৯ জন যাত্ৰী আছিল ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনত। প্ৰাথমিক তথ্যৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে জনোৱা মতে, জাহাজখনত থকা সকলো লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।
চাইবেৰিয়াস্থিত আংগাৰা নামৰ এয়াৰলাইনে পৰিচালিত বিমানখনে গন্তব্যস্থান চীনৰ সীমান্তৱৰ্তী আমুৰ অঞ্চলৰ টিণ্ডা চহৰৰ কাষ চাপিবলৈ গৈ ৰাডাৰৰ পৰা নিৰুদ্দেশ হৈছিল।
আঞ্চলিক গৱৰ্ণৰ ভাচিলি অৰলভে কয় যে প্ৰাথমিক তথ্য অনুসৰি বিমানখনত পাঁচ শিশু আৰু ছয়জন ক্ৰু সদস্যকে ধৰি ৪৩ জন যাত্ৰী আছিল।
ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে যাত্ৰীবাহী বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰকাৰী হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে।
ৰয়টাৰৰ মতে, ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে টেলিগ্ৰামত কয় যে ৰোজাভিয়াটচিয়া (ৰাছিয়াৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ)ৰ দ্বাৰা পৰিচালিত এখন মি-৮ হেলিকপ্টাৰে বিমানখনৰ জ্বলি থকা দৃশ্য দেখা পাইছে।
এ এফ পিৰ মতে, উদ্ধাৰকাৰী হেলিকপ্টাৰখনে টিণ্ডাৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰৈৰ পাহাৰৰ ঢালত জ্বলি থকা বিমানখনৰ ধ্বংসাৱশেষ দেখা পাইছিল। স্থানীয় উদ্ধাৰকাৰীয়ে জনোৱা মতে, হেলিকপ্টাৰখনত ওপৰৰ পৰা কোনো লোক জীৱিত থকাৰ প্ৰমাণ দেখা নগ’ল।
অঞ্চলটোৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই উদ্ধাৰকাৰীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। এএফপিৰ মতে, এই মুহূৰ্তত ২৫ জন লোক আৰু পাঁচটা ইউনিট সঁজুলি প্ৰেৰণ কৰা হৈছে, আৰু ক্ৰু থকা চাৰিখন বিমান সাজু কৰি ৰখা হৈছে।
ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি দুৰ্বল দৃশ্যমানতাত অৱতৰণ কৰাৰ সময়ত ক্ৰুৰ ভুলক দুৰ্ঘটনাৰ আঁৰৰ কাৰণ বুলি বিবেচিত হৈছে। ১৯৫০ চনত নিৰ্মিত এণ্টন’ভ এন-২৪ ৰাছিয়াত মালবাহী আৰু যাত্ৰী পৰিবহণৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই বিমানখনৰ ১০০০ৰো অধিক ইউনিট উৎপাদন কৰা হয়।