১৭ ফেব্ৰুৱাৰীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব তাৰিক ৰহমানে; বিভিন্ন দেশৰ প্ৰতিনিধিৰ লগতে প্ৰধানমন্ত্ৰী মোদীকো নিমন্ত্ৰণ

Story by  atv | Posted by  [email protected] • 16 h ago
তাৰিক ৰহমান
তাৰিক ৰহমান
 
নতুন দিল্লী
 
বাংলাদেশত ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া বিএনপি নেতা তাৰিক ৰহমানে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে আৰু ইয়াক এক বৃহৎ কূটনৈতিক অনুষ্ঠান হিচাপে উপস্থাপন কৰা হৈছে।
 
অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ১৩খন দেশৰ চৰকাৰৰ মুৰব্বীলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰিছে। এই পদক্ষেপক নতুন বাংলাদেশ চৰকাৰৰ বৈদেশিক নীতি আৰু আঞ্চলিক ভাৰসাম্যৰ দিশত ইয়াক সংকেত হিচাপে দেখা গৈছে।
 
শপতগ্ৰহণ অনুষ্ঠানটোলৈ যিবোৰ দেশক নিমন্ত্ৰণ দিয়া হৈছে সেই দেশ সমূহ হৈছে,ভাৰত, চীন, চৌদি আৰব, পাকিস্তান, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, মালয়েছিয়া, ব্ৰুনাই, শ্ৰীলংকা, নেপাল, মালদ্বীপ আৰু ভূটান।
 
দক্ষিণ এছিয়াৰ পৰা পশ্চিম এছিয়াৰ দেশবোৰক একেলগে নিমন্ত্ৰণ দিয়াটো অনুষ্ঠানটোৰ কূটনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।
 
ঢাকাত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণক কেৱল আনুষ্ঠানিক অনুষ্ঠান বুলি গণ্য কৰা হোৱা নাই,বৰঞ্চ ইয়াক নতুন চৰকাৰৰ আন্তৰ্জাতিক বাৰ্তা হিচাপেহে দেখা গৈছে। বিশেষকৈ ভাৰত আৰু চীন দুয়োখন দেশকে আমন্ত্ৰণ কৰাটো আঞ্চলিক ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস হিচাপে দেখা গৈছে।
 
অৱশ্যে জানিব পৰা মতে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢাকা যোৱাৰ সম্ভাৱনা কম, কাৰণ ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে।