নতুন দিল্লী
আজিৰে পৰা ভাৰতৰ ৰাজধানী নতুন দিল্লীত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ১৮ সংখ্যক ব্ৰিকছ সন্মিলন। এই বিশেষ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে বিশ্বৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় তথা বিশিষ্ট নেতা নতুন দিল্লীত উপস্থিত হৈছেহি। এই সন্মিলনৰ এক অন্যতম মূল আকৰ্ষণ হৈছে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং-ৰ অংশগ্ৰহণ। উল্লেখযোগ্য যে শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং-ৰ মাজত এখন অতি গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। এই বহু প্ৰত্যাশিত বৈঠকৰ পূৰ্বেই চীনৰ ফালৰ পৰা এক যোগাত্মক আৰু গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ভাৰতত নিযুক্ত চীনৰ ৰাষ্ট্ৰদূত শ্বু ফেইহোঙে স্পষ্ট কৰি দিছে যে দুয়োখন দেশৰ মাজত থকা সকলো মতবিৰোধ সঠিক আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰা হ’ব।
সামাজিক মাধ্যম ‘এক্স’ যোগে চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছি-ৰ মাজত হ’বলগীয়া এই দ্বিপাক্ষিক বৈঠকৰ বাবে চীন আৰু ভাৰতে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। তেওঁ এই কথা সুঁৱৰি দিয়ে যে ২০২৪ চনত কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলন আৰু ২০২৫ চনত তিয়ানজিনত অনুষ্ঠিত এছচিঅ’ সন্মিলনত দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাই ইতিবাচক প্ৰভাৱ পেলাইছিল। এইবাৰ একেৰাহে তৃতীয়টো বছৰৰ বাবে দুয়োগৰাকী বিশ্ব নেতাই পুনৰবাৰ মুখামুখিকৈ মিলিত হ’ব।
ৰাষ্ট্ৰদূত শ্বু ফেইহোঙে দুয়োখন দেশৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে উল্লেখ কৰি কয় যে চীনে ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ আগ্ৰহী। দুয়োগৰাকী শীৰ্ষ নেতাৰ ৰাজনৈতিক আৰু কৌশলগত নিৰ্দেশনাসমূহ বাস্তৱায়িত কৰিবলৈ চীনে গুৰুত্ব প্ৰদান কৰিব। দ্বিপাক্ষিক সম্পৰ্কক কেৱল সাময়িক নহয়, বৰঞ্চ এক দীৰ্ঘম্যাদী আৰু সুদৃঢ় ৰাজনৈতিক দৃষ্টিভংগীৰে আগবঢ়াই নিয়াৰ লগতে পাৰস্পৰিক আলোচনা আৰু সহযোগিতা বৃদ্ধি কৰাত দুয়োখন দেশে জোৰ দিব। তেওঁ লগতে কয় যে মতবিৰোধসমূহ সঠিকভাৱে নিৰাময় কৰি, এক সু-প্ৰতিবেশীসুলভ সম্পৰ্ক গঢ়ি তোলা হ'ব আৰু ইখনে সিখন দেশৰ সফলতাত এক সহায়ক অংশীদাৰ হিচাপে বন্ধুত্ব বজাই ৰাখিবলৈ চীনে প্ৰচেষ্টা চলাব।
বিগত দুটামান বছৰত ভাৰত আৰু চীনৰ শীৰ্ষ নেতৃত্বৰ মাজৰ সম্পৰ্কত এক চকুত লগা উন্নতি পৰিলক্ষিত হৈছে। কাজান আৰু তিয়ানজিনৰ বৈঠকৰ পিছত এই দ্বিপাক্ষিক বৈঠকে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক বিশ্বাস আৰু আস্থাক অধিক মজবুত কৰি তুলিব বুলি কূটনৈতিক মহলত গভীৰ ধাৰণা কৰা হৈছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কৰা আন এটি প’ষ্টত চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে মন্তব্য কৰিছিল যে চীনে ব্ৰিকছ ভুক্ত দেশসমূহৰ মাজৰ সহযোগিতাক গভীৰ গুৰুত্ব প্ৰদান কৰে আৰু চলিত বৰ্ষত ভাৰতৰ নেতৃত্বত আয়োজিত এই সন্মিলনখন সফল কৰি তোলাত চীনে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। চলিত বৰ্ষত ভাৰতে ব্ৰিকছৰ দৰে গুৰুত্বপূৰ্ণ মঞ্চৰ নেতৃত্ব গ্ৰহণ কৰাৰ সময়ত চীনৰ এই সমৰ্থন কূটনৈতিকভাৱে অতি তাৎপৰ্যপূৰ্ণ। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চলি থকা শুল্ক সংক্ৰান্তীয় জটিলতা আৰু বিশ্বজুৰি দেখা দিয়া ভূ-ৰাজনৈতিক উত্থান-পতনৰ সময়ছোৱাত ভাৰত আৰু চীনৰ এই ক্ৰমৱৰ্ধমান ঘনিষ্ঠতাই সমগ্ৰ ‘গ্ল’বেল চাউথ’ৰ বাবে এক অত্যন্ত শক্তিশালী আৰু ঐক্যবদ্ধ বাৰ্তা কঢ়িয়াই আনিছে।