নতুন দিল্লী
ইৰান-ইজৰাইলৰ যুদ্ধত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে সৰু সৰু দেশসমূহ। বাংলাদেশ, পাকিস্তানৰ ইন্ধনৰ তীব্ৰ নাটনিৰ পিছত এইবাৰ নেপালত হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পে'ট্ৰল-ডিজেলৰ লগতে চিলিণ্ডাৰৰ তীব্ৰ নাটনিৰ বাবে দেশখনত হৈছে মূল্যবৃদ্ধি।
নেপালৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দেশখনত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৩১টকা আৰু ডিজেল প্ৰতি লিটাৰত ৫৪টকাকৈ বৃদ্ধি পাইছে। লগতে চিলিণ্ডাৰৰ দামো ২৯৬ টকাকৈ বৃদ্ধি হৈছে। দেশখনত হোৱা এনে মূল্যবৃদ্ধিক লৈ হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে জনতাৰ মাজত।
উল্লেখযোগ্য যে, ইন্ধনৰ বাবে সম্পূৰ্ণৰূপে আমদানিৰ ওপৰতে নিৰ্ভৰশীল নেপাল। আজিলৈকে নেপালত কোনো শোধনাগাৰ স্থাপন কৰা হোৱা নাই। গতিকে এই চুবুৰীয়া দেশখন ভাৰতৰ ওপৰত ইন্ধন আৰু তেলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। ভাৰতীয় তেল কোম্পানী ইণ্ডিয়ান অইলৰ প্ৰতিও নেপালৰ তেল নিগমে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
এই সংকটৰ সময়তো নেপাললৈ ইন্ধনৰ যোগান মসৃণ কৰি ৰখাৰ বাবে ইণ্ডিয়ান অইলক ধন্যবাদ জনাইছে নিগমে। ভাৰত সদায় আমাৰ লগত থিয় দি আহিছে। নেপালত পেট্ৰল, ডিজেল আৰু গেছ যোগানৰ ১০০% ভাৰতৰ পৰা হয়।