বিশ্বত বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা; প্লাষ্টিকত ব্যৱহৃত ৰসায়নে প্ৰাণ লৈছে ৩.৫৬ লাখ লোকৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
প্লাষ্টিকত ব্যৱহাৰ হোৱা ৰসায়নে বিশ্বত বছৰি প্ৰাণ লৈছে ৩.৫৬ লাখ লোকৰ। ইয়াৰে ১.০৩ লাখ ভাৰতৰ। প্লাষ্টিকক অধিক পাতল কৰাৰ বাবে ডাই-২ এথিলহেক্সিল ফ্লেটলেট নামৰ ৰসায়ন ব্যৱহাৰ কৰা হয়। এই ৰসায়নৰ প্ৰভাৱত বিশ্বত বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা।
 
যাৰ ফলত হৃদৰোগত আক্রান্ত হৈছে অগণন লোক। প্লাষ্টিকৰ পাইপ, প্লাষ্টিকত খাদ্য পেকেট কৰা, সৌন্দর্য প্রসাধন, চিকিৎসাজনিত আহিলাসমূহক অধিক পাতল আৰু বহুদিনলৈ টিকি থকাৰ বাবে এইবিধ ৰসায়ন প্রয়োগ কৰা হয়। পিচে ইয়াৰ পৰিণতিত বহু লোক যে হৃদৰোগত আক্রান্ত হয় সেয়া বহুতে গম নাপায়।
 
শেহতীয়াকৈ আমেৰিকাৰ এন ৱাই ইউ লেংগন হেল্থৰ এক গৱেষণামূলক প্রতিবেদনত এই কথা সদৰী কৰা হৈছে। ২০১৮ চনতে প্লাষ্টিকত ব্যৱহৃত এইবিধ ৰসায়নৰ বাবে ৩,৫৬,২৩৮ জন লোকৰ মৃত্যু হৈছিল। বিশ্বৰ ২০০ খনৰো অধিক দেশত প্লাষ্টিকৰ এইবিধ ৰসায়নে ভয়ংকৰ প্ৰভাৱ পেলাইছে