নতুন দিল্লী
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে দেশখনৰ ৰাজধানী চহৰ ৱাশ্চিংটন ডিচিৰ পৰা গৃহহীন লোক সকলক সেই স্থান পৰিত্যাগৰ নিৰ্দেশ দিয়ে। লগতে প্ৰতিজন অপৰাধীক জেললৈ পঠোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ট্ৰাম্পৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ৱাশ্বিংটনৰ মেয়ৰে অপৰাধ বৃদ্ধি হোৱা নাই বুলি যুক্তি আগবঢ়ায়।
ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত ট্ৰাম্পে লিখিছে,যে গৃহহীনসকল সেই স্থানৰ পৰা তৎক্ষণাত ওলাই অহাটো প্ৰয়োজন। আমি আপোনালোকক ৰাজধানীৰ পৰা আঁতৰত থাকিবলৈ ঠাই দিম। আৰু অপৰাধীসকল, আপোনালোক ক'লৈকো ওলাই যাব নালাগে। আমি আপোনালোকক য'ত আছে তাতেই জেলত ভৰাই দিম।
ট্ৰেম্পে লগতে কয় যে, আমাৰ ৰাজধানী চহৰখনক পূৰ্বৰ তুলনাত অধিক নিৰাপদ আৰু সুন্দৰ কৰি তুলিম।ট্ৰাম্পে ৱাশ্বিংটন ডি.চি.ত হিংসাত্মক অপৰাধ বন্ধ কৰাৰ বিষয় সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। সেই সময়ত তেওঁ নিজৰ উচ্ছেদ পৰিকল্পনাৰ বিষয়ে অধিক তথ্য দিব নে নাই সেয়া স্পষ্ট নহয়।
উল্লেখ কৰা প্ৰয়োজন যে, নিজৰ সিদ্ধান্তৰ বাবে প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ডিষ্ট্ৰিক্ট অৱ কলম্বিয়া হোম ৰুল এক্ট কাৰ্যকৰী কৰি ডিচি মেট্ৰ’পলিটান আৰক্ষী বিভাগলৈ নিয়ন্ত্ৰণ হস্তান্তৰ কৰা বুলি ঘোষণা কৰিছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত পদক্ষেপ বুলি একাংশই উল্লেখ কৰিছে।
লক্ষ্যণীয় যে, ডি চিৰ এটা সংস্থা কমিউনিটি পাৰ্টনাৰশ্বিপৰ মতে, প্ৰতি নিশাই প্ৰায় ৭ লাখ লোকৰ চহৰখনত ৩,৭৮২ জন ব্যক্তিয়ে গৃহহীন হ'বলগীয়া হৈছে। বেছিভাগ গৃহহীন লোক সকল বৰ্তমান জৰুৰীকালীন আশ্ৰয় শিবিৰত বাস কৰি আছে। আনহাতে প্ৰায় ৮০০ জনক আশ্ৰয়হীন বা পথত বাস কৰাৰ তথ্য পোৱা গৈছে।