ওমানত ড্ৰ’ন আক্ৰমণত নিহত দুগৰাকী ভাৰতীয়; আহত ১০ জন

Story by  atv | Posted by  [email protected] • 5 h ago
এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল আৰু অতিৰিক্ত সচিব অসীম মহাজন
এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল আৰু অতিৰিক্ত সচিব অসীম মহাজন
 
নতুন দিল্লী
 
শুকুৰবাৰে ওমানৰ সোহৰত ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে ১০ জন আহত হয়। ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণ-আমেৰিকা-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত স্থল অঞ্চলত ভাৰতীয় লোকৰ মৃত্যুৰ এয়া প্ৰথম ঘটনা৷
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (উপসাগৰীয়) অসীম মহাজনে মহাজনে পশ্চিম এছিয়াত চলি থকা সংকটৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ওমানত দুজন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰে৷
 
তেওঁ লগতে উল্লেখ কৰে যে সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা পশ্চিম এছিয়াৰ পৰা ১ লাখ ৫০ হাজাৰ ভাৰতীয় নাগৰিক দেশলৈ উভতি আহিছে।
মহাজনে কয়, "আজি সোহাৰ চহৰত সংঘটিত হোৱা এটা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। তাত ড্ৰোন আক্ৰমণ সংঘটিত হয়, যাৰ ফলত দুজন ভাৰতীয় নাগৰিকৰ মৃত্যু হয়। আমি তেওঁলোকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰিছো। আক্ৰমণত আহত ১১ জন লোকৰ ভিতৰত ১০ জন ভাৰতীয়। ইয়াৰে ৫ জন লোকক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে আৰু আন ৫ জন লোকে স্থানীয় চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে।"
 
তেওঁ পুনৰ কয়, "কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই ৷ আমাৰ মিছনে সংশ্লিষ্ট কোম্পানী আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে আৰু সকলো ধৰণৰ সহায় আগবঢ়াই আছে ৷"
 
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
 
জয়ছোৱালে কয়, "পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে আজি ওমানৰ সোহৰত হোৱা আক্ৰমণত আমি দুজন ভাৰতীয় নাগৰিকক হেৰুৱালোঁ ৷ আন কেইবাজনো ভাৰতীয় নাগৰিকো আহত হয় ৷ আমি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷ ওমানত থকা আমাৰ মিছনে স্থানীয় কৰ্তৃপক্ষৰ লগতে নিয়োগকৰ্তা কোম্পানীটোৰ সৈতেও যোগাযোগ ৰাখিছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে ৷"