খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইন চৰকাৰৰ অভিযান; ৩০০টা বেংক একাউণ্ট জব্দঃ আঁৰত এন এছ এ ডোভাল

Story by  atv | Posted by  [email protected] • 1 Months ago
এন এছ এ অজিত ডোভাল আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক
এন এছ এ অজিত ডোভাল আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী

ভাৰতৰ সৈতে মিলি ব্ৰিটেইনে খালিস্তানী সন্ত্ৰাসবাদীসকলক তীব্ৰ আঘাত হানিছে। শেহতীয়া এক অভিযানত ব্ৰিটিছ চৰকাৰে খালিস্তানীৰ পৰা ১০০ কোটি টকা জব্দ কৰিছে। আমোদজনক কথাটো হ’ল, ইমান ডাঙৰ পদক্ষেপ এটা লোৱাৰ পিছতো কিন্তু ক’তো ইয়াৰ বিষয়ে বিশেষ একো আলোচনা হোৱা নাই। 
 
উল্লেখ্য যে, পূৰ্বে এনে বহু ঘটনা পোহৰলৈ আহিছে, যেতিয়া খালিস্তানীসকলে নিজৰ পতাকা লৈ যিকোনো ঠাইত প্ৰৱেশ কৰিছিল। আনকি ভাৰতীয় দূতাবাসতো আক্ৰমণ কৰি। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। ছ’চিয়েল মিডিয়াত এনে বহু ভিডিঅ’ত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী খালিস্তানীসকলক খেদি পঠিওৱা দেখা গৈছে।
 
তেনে এটা ভিডিঅ’ গুজৰাটৰ লেখক সোহৰাব আব্বাছে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ অভিযোগ কৰিছে যে খালিস্তানীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ সমৰ্থন আছে।
ভিডিঅ'টো শ্বেয়াৰ কৰাৰ সময়ত তেওঁ এক্সত এলানি টুইট কৰিছে, য'ত লিখা আছে-"এই ভিডিঅ'টোৰ দৰে অনলাইনত বহুতো দৃশ্য উপলব্ধ, য'ত দেখা গৈছে যে খালিস্তানীসকলে পৃথক খালিস্তানৰ দাবী কৰাৰ পৰিৱৰ্তে ভাৰতক বিভাজনৰ কথা কৈছে। এই কথা শুনি মই অধিক আৱেগিক হৈছো।"
 
তেওঁ আৰু কয়, "খালিস্তানীৰ এনে সকলো ঘৃণাজনিত অপৰাধ ট্ৰুডো প্ৰশাসনৰ সমৰ্থনত সংঘটিত হয়, য'ত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জুৰে। এই ভিডিঅ'টোৰ দৰেই এনে বহুতো তথ্য প্ৰমাণ অনলাইনত উপলব্ধ, য'ত দেখা যায় যে খালিস্তানসকলে ভাৰতক বিভাজিত কৰাৰ প্ৰতি অধিক আবেগিক।"
খালিস্তানীসকলে নিয়মিতভাৱে কানাডাত ৰেলীৰ আয়োজন কৰে। কেতিয়াবা তেওঁলোকে ভাৰতীয় ৰাষ্ট্ৰদূত আৰু কূটনীতিবিদক ভাবুকি দিয়ে, কেতিয়াবা ভাৰত বিৰোধী শ্লোগান দিয়ে, আৰু কেতিয়াবা হিন্দুৰ বিৰুদ্ধে শ্লোগান দিয়ে। এনে ভাৰত-বিৰোধী কাৰ্যকলাপত ব্যস্ত খালিস্তানৰ ওপৰত ব্ৰিটেইনৰ অৰ্থনৈতিক কাৰ্যকলাপৰ তথ্য টুইট কৰিছে ‘টাইমছ এলজেব্ৰা’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে।
 
তাত কোৱা হৈছে যে, ‘ঋষি সুনাক চৰকাৰে খালিস্তানীৰ ৩০০টা বেংক একাউণ্ট জব্দ কৰাৰ লগতে ১০০ কোটি টকা জব্দ কৰিছে। ইয়াৰ উপৰিও ৫০০০ টা বেংক একাউণ্টৰ ওপৰত নজৰ ৰাখিছে। লগতে দাবী কৰা হৈছে যে যিসকলৰ বেংক একাউণ্ট জব্দ কৰা হৈছে, তেওঁলোকৰ ভিতৰত এজন হৈছে এছ এফ জিৰ মুৰব্বী গুৰপতৱন্ত সিং।
 
সংবাদ প্ৰতিষ্ঠানটোৱে লগতে দাবী কৰিছে যে জব্দ কৰা বেংক একাউণ্টসমূহলৈ কানাডা, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ পৰা ধন স্থানান্তৰ কৰা হৈছিল। এই টুইটৰ সৈতে শ্বেয়াৰ কৰা হৈছে ঋষি সুনক আৰু ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ফটো।
 
এই খবৰটো নিউজ ১৮কে ধৰি আন বহু সংবাদ মাধ্যমেও নিশ্চিত কৰিছে। অৱশ্যে, কৌশলগত চিন্তাবিদ সোণম মহাজনে টুইট কৰি দাবী কৰিছে,  "মই ব্ৰিটেইনৰ বিভিন্ন সাংবাদিকৰ সৈতে ইয়াৰ সত্যাসত্য নিৰূপণৰ চেষ্টা কৰিছিলো। ঋষি সুনাকে খালিস্তানীৰ বিৰুদ্ধে এনে কোনো শক্তিশালী পদক্ষেপ আৰম্ভ কৰাৰ কথা তেওঁলোকৰ কোনোৱেই গম পোৱা নাই৷"
উল্লেখ্য যে, যোৱা বছৰ ভাৰতৰ প্ৰচণ্ড হেঁচাত ব্ৰিটেইন চৰকাৰে খালিস্তানী সমৰ্থকৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছিল। এন এছ এ অজিত ডোভালক সাক্ষাৎ কৰিবলৈ ভাৰতলৈ অহা ব্ৰিটিছ নিৰাপত্তা মন্ত্ৰী Tom Tugendhat-এ এই টাস্ক ফ’ৰ্চৰ বাবে প্ৰায় এক কোটি টকাৰ পুঁজি মুকলি কৰি দিছিল।
 
প্ৰতিবেদনত আৰু সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে, “যোৱা বছৰ গঠন হোৱা ব্ৰিটিছ টাস্ক ফ’ৰ্চৰ ৱাচ লিষ্টত ৫ হাজাৰতকৈ অধিক একাউণ্ট আছে। টাস্ক ফ’ৰ্চে এই একাউণ্টসমূহ দুটা ভাগত বিভক্ত কৰিছে। প্ৰথম নম্বৰত সেইবোৰ একাউণ্ট আছে যিবোৰ পোনপটীয়াকৈ খালিস্তানী নেতাৰ, আনহাতে আন একাউণ্ট খালিস্তানী সমৰ্থকৰ।"
 
বেংক একাউণ্টৰ পৰা এটা সময়ত ৫০ হাজাৰতকৈ অধিক টকাৰ লেনদেন হ’লে সবিশেষ উলিয়াই লোৱা হয়। কেৱল এয়াই নহয়, আমেৰিকাত খালিস্তানী সমৰ্থকৰ নেটৱৰ্ক ভাঙিবলৈ ব্ৰিটিছ টাস্ক ফৰ্চে আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইৰ সৈতেও যোগাযোগ কৰিছে।
 
টাস্ক ফ’ৰ্চৰ এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, অহা মাহত এটা দল আমেৰিকালৈ যাব, যাতে খালিস্তানী নেতাসকলৰ ধনৰ লেনদেন বন্ধ কৰিব পাৰে। যদিহে বেংক একাউণ্ট জব্দ কৰাৰ প্ৰক্ৰিয়া তীব্ৰতৰ হয়, তেন্তে হাৱালাৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
প্রতিবেদনত প্রকাশ কৰা হৈছে যে খালিস্তান সমর্থক শিখ ফৰ জাষ্টিচৰ একাউণ্টৰ পৰা প্রায় ২০ কোটি টকা জব্দ কৰা হৈছে৷  স্কটলেণ্ডৰ খালিস্তানী সমৰ্থসকলৰ মাজত এক সমাৱেশ আয়োজন কৰিবলৈ শিখ ফৰ জাষ্টিচে এই ধন সংগ্ৰহ কৰিছিল।
 
খালিস্তানীৰ বিৰুদ্ধে ভাৰত আৰু ব্ৰিটেইনৰ যৌথ প্ৰচেষ্টাক ঋষি সুনকৰ এক বিবৃতিতেও নিশ্চিত কৰিছে। বৰ্তমান তেওঁৰ ভিডিঅ'টো ভাইৰেল হৈ আছে, য'ত তেওঁ কোৱা শুনা গৈছে যে "ব্ৰিটেইনে এতিয়া আৰু হিংসা-মৌলবাদ সহ্য নকৰে।" ভাৰত আৰু ব্ৰিটেইনে এনেধৰণৰ কাম-কাজ, বিশেষকৈ খালিস্তানীসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
 
তেওঁ আৰু কয় যে ব্ৰিটেইন আৰু ভাৰতৰ নিৰাপত্তা সংস্থাই খালিস্তানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে যৌথ প্ৰচেষ্টা চলাইছে। দুয়োখন দেশতে এই বিষয়ত তথ্যৰ আদান-প্ৰদান চলি আছে। শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীক দিল্লীত সাক্ষাৎ কৰিছে। কোৱা হৈছে যে ইয়াৰ মাজতে তেওঁ ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালক লগ পাইছিল। এই বৈঠকতে তেওঁলোকে খালিস্তান সমৰ্থক উগ্ৰবাদৰ সৈতে মোকাবিলা কৰিবলৈ ব্ৰিটেইনত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠনৰ কথা আলোচনা কৰিছিল।