ৱাশ্বিংটন
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে কয় যে, আমেৰিকাৰ প্ৰধান প্ৰতিদ্বন্দ্বী দেশৰ বিৰুদ্ধে অব্যহত থকা ইজৰাইলৰ যুদ্ধত যোগদান কৰি আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণ কৰিছে। ১৯৭৯ চনত ইৰাণী বিপ্লৱৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাই ইৰাণৰ ভিতৰৰ সুবিধাসমূহ আক্ৰমণ কৰিছে।
শুকুৰবাৰে ইজৰাইলৰ পক্ষত আমেৰিকাই সংঘাতত যোগদান কৰিব লাগে নে নাই সেইটো সিদ্ধান্ত ল’বলৈ দুসপ্তাহমান সময় লাগিব বুলি উল্লেখ কৰা ট্ৰাম্পে কয় যে, ইৰাণৰ ফৌণ্ডৌ, নতাজ আৰু ইস্ফহানত আমেৰিকাৰ বিমানসমূহে অতি সফল আক্ৰমণ কৰিছে।
টেলিভিছনত প্ৰচাৰিত অ’ভেল অফিচৰ ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ইৰাণৰ মূল পাৰমাণৱিক সমৃদ্ধিৰ সুবিধাসমূহ সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে। এই আক্ৰমণসমূহ বিধ্বংসী সামৰিক আক্ৰমণ আছিল। মধ্যপ্ৰাচ্যৰ 'গুণ্ডা' ইৰাণে এতিয়া শান্তি স্থাপন কৰিব লাগিব। যদি তেওঁলোকে নকৰে, তেন্তে ভৱিষ্যতে আক্ৰমণ বহুত বেছি ভয়াৱহ হ’ব।
ইজৰাইল-ইৰাণৰ যুদ্ধ আৰম্ভ হৈছিল যেতিয়া ইজৰাইলৰ সেনাই যোৱা শুকুৰবাৰে “অপাৰেচন ৰাইজিং লায়ন” আৰম্ভ কৰিছিল আৰু ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক স্থান, শীৰ্ষ জেনেৰেল আৰু পাৰমাণৱিক বিজ্ঞানীসকলক আক্ৰমণ কৰিছিল। ইজৰাইলে কয় যে, তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছে যে, তেহৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে।
ৱাশ্বিংটনস্থিত ইৰাণৰ এটা মানৱ অধিকাৰ সংগঠনৰ তথ্য অনুসৰি ইৰাণত ৬০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইলে প্ৰকাশ কৰিছে যে, ইৰানে প্ৰতিশোধ লৈ ৪৫০টা ক্ষেপণাস্ত্ৰ আৰু ১০০০ ড্ৰোন নিক্ষেপ কৰিছিল, যাৰ ফলত কমেও ২৪ জন লোকৰ মৃত্যু হৈছে।
ট্ৰাম্পে প্ৰথমে তেওঁৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত আমেৰিকাৰ আক্ৰমণৰ কথা ঘোষণা কৰিছিল। ট্ৰাম্পে কয়, "আমাৰ মহান আমেৰিকান যুজাৰু সকললৈ অভিনন্দন। বিশ্বত আন কোনো সামৰিক বাহিনী নাই, যিয়ে এই কাম কৰিব পাৰিলেহেঁতেন। এতিয়া শান্তিৰ সময়!" আমেৰিকা, ইজৰাইল আৰু বিশ্বৰ বাবে এইটো এটা ঐতিহাসিক মুহূৰ্ত। ইৰানে এতিয়া এই যুদ্ধৰ অন্ত পেলাবলৈ সন্মত হ’ব লাগিব। নহয় ধবংসৰ বাবে সাজু থাকক এই বুলি সকীয়নি দিয়ে ট্ৰাম্পে।
ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকা বাহিনীয়ে আক্ৰমণ কৰাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ড’নাল্ড ট্ৰাম্পক প্ৰশংসা কৰে। ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযানত আমেৰিকাই যোগদান কৰাৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ'ৰ জৰিয়তে ভাষণত কয় যে, "অভিনন্দন ৰাষ্ট্ৰপতি ট্ৰাম্প। আমেৰিকাৰ ভয়ংকৰ আৰু সৎ শক্তিৰে ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহক লক্ষ্য কৰি লোৱাৰ আপোনাৰ সাহসী সিদ্ধান্তই ইতিহাস সলনি কৰিব। ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই প্ৰায়ে কওঁ: ‘শক্তিৰ জৰিয়তে শান্তি।’ প্ৰথমে শক্তি আহে, তাৰ পিছত শান্তি আৰু আজি নিশা ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাই বহু শক্তিৰে কাম কৰিলে।"
তেওঁ কয়, "অপাৰেচন ৰাইজিং লাইনত ইজৰাইলে সঁচাকৈয়ে আচৰিত কাম কৰিছে, কিন্তু ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহৰ বিৰুদ্ধে আজি নিশাৰ কাৰ্য্যত আমেৰিকাই অতুলনীয় হৈ পৰিছে - পৃথিৱীৰ আন কোনো দেশে কৰিব নোৱাৰা কাম ই কৰিছে। ইতিহাসে লিপিবদ্ধ কৰিব যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্বৰ আটাইতকৈ বিপজ্জনক শাসন ব্যৱস্থা - বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰসমূহক অস্বীকাৰ কৰিবলৈ কাম কৰিছিল।"
নেতানিয়াহুৱে কয় যে, "ট্ৰাম্পৰ নেতৃত্বই এক ইতিহাসৰ সৃষ্টি কৰিছে, যিয়ে মধ্যপ্ৰাচ্য আৰু ইয়াৰ বাহিৰতো সমৃদ্ধি আৰু শান্তিৰ ভৱিষ্যতলৈ লৈ যোৱাত সহায় কৰিব পাৰে। ঈশ্বৰে আমেৰিকাক আশীৰ্বাদ কৰক। ঈশ্বৰে ইজৰাইলক আশীৰ্বাদ কৰক। ঈশ্বৰে আমাৰ অটল মিত্ৰতাক, আমাৰ অভেদ্য বিশ্বাসক আশীৰ্বাদ কৰক।"
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বেলিষ্টিক মিছাইলৰ অস্ত্ৰভাণ্ডাৰৰ “অস্তিত্বৰ ভাবুকি” দূৰ কৰিবলৈ ইৰাণত ইজৰাইলৰ সামৰিক অভিযান “যিমান দিন লাগে” অব্যাহত থাকিব বুলিও তেওঁ কয়।
আমেৰিকাৰ এজন বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ চলাবলৈ আমেৰিকাই বি-২ বোমাৰু বিমান ব্যৱহাৰ কৰিছিল। আমেৰিকাই প্ৰশান্ত মহাসাগৰীয় দ্বীপ গুৱামলৈ বি-২ বোমাৰু বিমান স্থানান্তৰ কৰি আছে।
বি-২ বিমানখনে আমেৰিকাৰ ৩০,০০০ পাউণ্ড (প্ৰায় ১৩,৬০০ কিলোগ্ৰাম) ওজনৰ জিবিইউ-৫৭ মেছিভ অৰ্ডানেন্স পেনেট্ৰেটৰ কঢ়িয়াই নিব পৰাকৈ সজ্জিত, যিটো মাটিৰ গভীৰত থকা লক্ষ্যক ধ্বংস কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। বিশেষজ্ঞসকলে কৈছিল যে, এইটোৱেই হৈছে ফৌণ্ডৌকে ধৰি ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত আক্ৰমণ কৰিব পৰা অস্ত্ৰ।
আনহাতে, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহৰ ওপৰত আমেৰিকাই চলোৱা আক্ৰমণৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে আৰু ইয়াক বিপজ্জনক উত্থান বুলি অভিহিত কৰিছে।
এক্সত এক পোষ্টত ৰাষ্ট্ৰসংঘৰ মুৰব্বী গুটেৰেছে কয় যে, "ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ 'বল প্ৰয়োগ' আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে 'প্ৰত্যক্ষ' ভাবুকিস্বৰূপ। আজি ইৰাণৰ বিৰুদ্ধে আমেৰিকাই বল প্ৰয়োগ কৰিছে, যাক লৈ মই খুবেই আতংকিত হৈছো। ইতিমধ্যে এইটো এক বিপজ্জনক উত্থান আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি।"
তেওঁ লগতে লিখিছে যে, "এই সংঘাত দ্ৰুতগতিত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা বাঢ়িছে – যাৰ ফলত সাধাৰণ নাগৰিক, দেশ দুখন আৰু বিশ্বৰ বাবে বিপৰ্যয়জনক পৰিণতি হ’ব পাৰে। মই সদস্য ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ অন্যান্য নিয়মৰ অধীনত নিজৰ বাধ্যবাধকতাসমূহ হ্ৰাস কৰিবলৈ আৰু পালন কৰিবলৈ আহ্বান জনাইছো। এই বিপদজনক সময়ত বিশৃংখলতাৰ সৰ্পিল ধাৰা এৰাই চলাটো অতি জৰুৰী। যুদ্ধ কোনো সমাধান নহয়। আগুৱাই যোৱাৰ একমাত্ৰ পথ হ’ল কূটনীতি।"