ইজৰাইক সহযোগ কৰিলে লোহিত সাগৰত আমেৰিকাৰ জাহাজক আক্ৰমণ কৰাৰ সকীয়নি হাউথীৰ

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
শনিবাৰে য়েমেনৰ হাউথীয়ে আমেৰিকাক সকীয়ানি দিয়ে যে, যদিহে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সৈতে আক্ৰমণ কৰে, তেন্তে তেওঁলোকে লোহিত সাগৰত আমেৰিকাৰ জাহাজক আক্ৰমণৰ লক্ষ্য কৰি ল'ব। নৱম দিনত প্ৰৱেশ কৰাৰ ইজৰাইল আৰু ইৰাণৰ সংঘাতৰ অন্ত পৰাৰ কোনো সাম কটাৰ লক্ষণ দেখা নোপোৱাত হাউথীৰ মুখপাত্ৰই এই কথা ঘোষণা কৰিছে।
 
উল্লেখযোগ্য যে, মে' মাহত আমেৰিকা আৰু হাউথীয়ে যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছিল, যাৰ অধীনত কোনো পক্ষইয়ে কোনোটো পক্ষকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাছিল। 
 
দীৰ্ঘদিনীয়া শত্ৰু ইজৰাইল আৰু ইৰাণৰ মাজত এসপ্তাহতকৈও অধিক সময় ধৰি চলি থকা আকাশী যুদ্ধ সম্প্ৰতিও অব্যাহত আছে। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ আৰু টেল আভিভে ইৰাণৰ এজন প্ৰবীণ সেনাপতিক হত্যা কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল। 
 
১৩ জুনত ইজৰাইলে অপাৰেচন ৰাইজিং লায়নৰ অধীনত ইৰাণৰ ওপৰত আক্ৰমণ চলাই কয় যে, তেহৰাণ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে। অৱশ্যে ইছলামিক ৰিপাব্লিকে কয় যে, তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী কেৱল শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবেহে।
 
ইৰাণৰ চৰকাৰী নৌৰ নিউজে স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে, ইজৰাইলে আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা ইৰাণত কমেও ৪৩০ জন লোক নিহত হোৱাৰ লগতে ৩৫০০ লোক আহত হৈছে। 
 
ইজৰাইলত দীৰ্ঘদিনীয়া শত্ৰুৰ মাজত হোৱা আটাইতকৈ ভয়াৱহ সংঘাতত স্থানীয় কৰ্তৃপক্ষৰ মতে, ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ২৪ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।