তেহৰাণ
ইজৰাইলৰ সৈতে অব্যাহত থকা ইৰাণৰ সংঘাতৰ মাজতে ইৰাণৰ পৰা সকলো ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে বুলি শনিবাৰে ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। এক্সত এক পোষ্টত ইৰাণত থকা ভাৰতীয় দূতাবাসে জৰুৰীকালীন যোগাযোগ নম্বৰ আৰু এটা টেলিগ্ৰাম চেনেলৰ লিংক প্ৰদান কৰিছে।
ইয়াত কোৱা হৈছে যে, "ইৰাণত থকা ভাৰতীয় দূতাবাসে ইৰাণত থকা সকলো ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসৰ সৈতে টেলিগ্ৰাম চেনেল বা জৰুৰীকালীন যোগাযোগ নম্বৰ ক্ৰমে +৯৮৯০১০১৪৪৫৫৭, +৯৮৯১২৮১০৯১১৫ +৯৮৯১২৮১০৯১০৯ সৈতে যোগাযোগ কৰিব পাৰিব।"
আন এক পোষ্টত দূতাবাসে কয় যে, তেওঁলোকৰ এই উদ্ধাৰ কৰাৰ প্ৰচেষ্টাই নেপাল আৰু শ্ৰীলংকাৰ নাগৰিককো সামৰি ল'ব। নেপাল আৰু শ্ৰীলংকা চৰকাৰৰ অনুৰোধত ইৰাণত থকা ভাৰতীয় দূতাবাসৰ উদ্ধাৰৰ প্ৰচেষ্টাই নেপাল আৰু শ্ৰীলংকাৰ নাগৰিককো সামৰি ল'ব।
পোষ্টটোত লগতে কোৱা হৈছে যে, "নেপাল আৰু শ্ৰীলংকাৰ নাগৰিকে জৰুৰীভাৱে দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব, হয় টেলিগ্ৰাম চেনেলত নহয় জৰুৰীকালীন যোগাযোগ নম্বৰ+৯৮৯০১০১৪৪৫৫৭, +৯৮৯১২৮১০৯১১৫, +৯৮৯১২৮১০৯১০৯ৰ সৈতে।"
কলম্বোত থকা শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰালয়েও ইৰাণত থকা নাগৰিকসকলক দেশ এৰি যাব বিচাৰিলে তেহৰাণত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে।
মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, "শ্ৰীলংকা চৰকাৰে ইৰাণ এৰি যাব বিচৰা শ্ৰীলংকাৰ লোকসকলক বিমানত স্থান দি সহায় কৰাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰৰ সৈতে।"
বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইৰাণত ১০০ জনতকৈও কম শ্ৰীলংকাৰ নাগৰিক থকাৰ বিপৰীতে ইজৰাইলত প্ৰায় ২০ হাজাৰ লোক কৰ্মৰত হয় আছে।
দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰা ইজৰাইলৰ সৈতে সংঘাতৰ সাম কটাৰ কোনো লক্ষণ দেখা নোপোৱাত ভাৰতে বুধবাৰে নিজৰ নাগৰিকক ইৰাণৰ পৰা উদ্ধাৰ কৰিবলৈ 'অপাৰেচন সিন্ধু' আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, 'অপাৰেচন সিন্ধু'ৰ অধীনত এতিয়ালৈকে ইৰাণৰ পৰা ৫০০ৰো অধিক ভাৰতীয় নাগৰিক ঘৰলৈ উভতি আহিছে।