ৱাশ্বিংটন
আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ২২ জুন দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বহু চৰ্চিত 'Axiom-4' মিছনৰ উৎক্ষেপণৰ কাৰ্যসূচী পুনৰ পিছুৱাই দিছে।
নাছা, এক্সিঅ'ম স্পেছ আৰু স্পেছএক্স (NASA, Axiom Space আৰু SpaceX) এ প্ৰস্তাৱিত এক্সিঅ'ম -৪ (Axiom-4) উৎক্ষেপণ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। এতিয়া এই অভিযান অনাগত দিনত নতুন এক তাৰিখত আৰম্ভ কৰা হ’ব। যি তাৰিখৰ ঘোষণা শীঘ্ৰেই কৰিব।
নাছাই কৈছে যে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (আই এছ এছ) ঝভেজডা সেৱা মডিউলৰ পিছফালে শেহতীয়াকৈ মেৰামতিৰ কামৰ পিছত, ষ্টেচনটোৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰা হৈছে।
যিহেতু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সকলো ব্যৱস্থা গভীৰভাৱে আন্তঃসংযোগী, সেই কাৰণে নাছাই নিশ্চিত কৰিব বিচাৰিছে যে, কেন্দ্ৰটোলৈ অতিৰিক্ত মহাকাশচাৰী পঠোৱাৰ আগতে সকলো ব্যৱস্থা সম্পূৰ্ণৰূপে সুৰক্ষিতভাৱে তৈয়াৰ হওঁক।
নাছাই লগতে কয় যে, “আমি বিচাৰো যে, মহাকাশ কেন্দ্ৰটোৱে যিকোনো নতুন দল নিৰাপদে গ্ৰহণ কৰিবৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হওঁক। গতিকে আমি অতিৰিক্ত তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰি আছো।”
এই অভিযান ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ দৰে দেশৰ বাবে ঐতিহাসিক বুলি গণ্য কৰা হয়। এই অভিযানত জড়িত ৪জন মহাকাশচাৰী বৰ্তমান ফ্ল’ৰিডাত কোৱাৰেণ্টাইনত আছে আৰু ষ্টেচনৰ পৰা গ্ৰীণ চিগনেল পোৱাৰ লগে লগে উৎক্ষেপণৰ বাবে সাজু হ’ব।
স্পেছএক্সে ফেলক'ন ৯ ৰকেট আৰু ড্ৰেগ'ন স্পেচক্ৰাফ্টখন বৰ্তমান নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰত লঞ্চ কমপ্লেক্স ৩৯এ ত উপস্থিত আছে আৰু কাৰিকৰীভাৱে সম্পূৰ্ণ সুস্থ।
নাছা, এক্সিঅ'ম স্পেছ আৰু স্পেছএক্সয়ে কয় যে, তেওঁলোকে এই অভিযানৰ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে আৰু কাৰ্যকৰী প্ৰস্তুতিৰ সম্পূৰ্ণ পৰ্যালোচনাৰ পিছতহে ইয়াক আৰম্ভ কৰা হ’ব।