নতুন দিল্লী
শান্তিৰ নোবেল বঁটা দিব লাগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। এইবাৰ এই দাবী উত্থাপন কৰিছে পাকিস্তানে। অৱশ্যে পাকিস্তানৰ এই দাবীত আচৰিত হোৱা নাই ট্ৰাম্প। পূৰ্বেও একাংশই তেওঁৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মুকলিকৈ প্ৰস্তাৱ কৰিছিল।
এইবাৰ ইছলামাবাদে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিব লাগে বুলি দাবী উত্থাপন কৰিছে। ইছলামাবাদৰ বৈদেশিক মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, "ক্ৰমবৰ্ধমান আঞ্চলিক অস্থিৰতাৰ মাজতে ট্ৰাম্পে অসাধাৰণ কূটনৈতিক দৃষ্টিভংগী দেখুৱাইছে। তেওঁ নিপুণতাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত নিষ্পত্তিৰ মধ্যস্থতা কৰিছে। পৰিস্থিতি অতি দ্ৰুতগতিত অৱনতি ঘটিছিল। কিন্তু শেষত ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ দুখনৰ মাজত যুদ্ধবিৰতি নিশ্চিত কৰিলে। ফলত বৃহত্তৰ সংঘাত ৰোধ হৈছে। লাখ লাখ লোকৰ দুখ-কষ্টও কৰিব পৰা গৈছে।"
পাকিস্তানৰ এনেদৰে মুকলিকৈ ভাৰত-পাকিস্তানৰ যুদ্ধৰ অৱসান ঘটোৱাৰ কৃতিত্ব ড’নাল্ড ট্ৰাম্পক দি আহিলেও ভাৰতে ইয়াৰ বিপৰীত দাবীহে কৰিছে।ভাৰত চৰকাৰে যোৱা সময়ছোৱাত মুকলিকৈ কৈ আহিছে পাকিস্তানৰে যুদ্ধ বিৰতিত নাই আমেৰিকাৰ ভূমিকা।
আনকি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক আলোচনাৰ সময়তো নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক ভাৰত-পাকিস্তানৰ মাজত সামৰিক পৰ্যায়ত হোৱা আলোচনাৰ পাছতহে যুদ্ধ বিৰতি হোৱা বুলি স্পষ্ট কৰি দিছে বুলি দেশৰ বৈদেশিক সচিবগৰাকীয়ে স্পষ্ট কৰি দিছিল। ইয়াত যে আমেৰিকাৰ কোনো ভূমিকা নাই সেই কথাও মোদীয়ে ট্ৰাম্পক কোৱা বুলি অৱগত কৰিছিল।
কিন্তু তাৰ পিছতো ইছলামাবাদে মুকলিকৈ ভাৰত-পাকিস্তানৰ যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিবলৈ মুকলিকৈ আহ্বান জনোৱা বিষয়টোৱ পুনৰ চৰ্চা লাভ কৰিছে। অৱশ্যে বিভিন্ন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ উদ্বাউল হৈ থকা ট্ৰাম্পৰ মতে তেওঁক কেৱল এবাৰেই নহয়, চাৰি-পাঁচবাৰ শান্তিৰ নোবেল বঁটা দিব লাগে। কিন্তু তেওঁক যে শান্তিৰ নোবেল বঁটা প্ৰদান নকৰে সেই কথাও তেওঁ নিজেই উল্লেখ কৰিছে।
ট্ৰাম্পে নোবেল কমিটীক উদ্দেশ্যে কৰি কয়, "তেওঁলোকে মোক ৰোৱাণ্ডাৰ বাবে শান্তিৰ নোবেল বঁটা দিব লাগে। যদি আপুনি কংগো, বা ছাৰ্বিয়া, ক'ছ'ভ'লৈ শান্তি স্থাপনৰ ক্ষেত্ৰত মোৰ অৱদানৰ বিষয়ে লক্ষ্য কৰে তেন্তে বহু কথা কোৱাৰ প্ৰয়োজন আছে।
একে সময়তে ট্ৰাম্পে লগতে কয়, " সকলোতকৈ ডাঙৰ কাম হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি স্থাপন। ইয়াৰ বাবে মই ইয়াক (নোবেল বঁটা) চাৰি-পাঁচবাৰ পোৱা উচিত।" অৱশ্যে নোবেল কমিটীয়ে যে তেওঁক শান্তিৰ নোবেল নিদিয়ে সেই কথা হতাশাৰে উল্লেখ কৰি তাৰ ব্যাখ্যাও আগবঢ়াইছে। তেওঁ কয়, "তেওঁলোকে (নোবেল কমিটীয়ে) মোক শান্তিৰ নোবেল বঁটা নিদিয়ে। কাৰণ তেওঁলোকে সেয়া কেৱল উদাৰবাদীকহে দিয়া হয়।"