চীনৰ শোধনাগাৰত নিষেধাজ্ঞা জাৰি আমৰিকাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ড’নাল্ড ট্ৰাম্প
ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
ইৰানৰ সৈতে সংঘাত চলি থকাৰ মাজতে চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ড’নাল্ড ট্ৰাম্পে। চীনত অৱস্থিত এটা শোধনাগাৰ আৰু ইৰানৰ তেল বাণিজ্যৰ সৈতে জড়িত কেইবাখনো জাহাজৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে।ইয়াৰ উদ্দেশ্য হৈছে ইৰানৰ তেলৰ ৰাজহৰ ওপৰত হেঁচা বৃদ্ধি কৰা। আমেৰিকাৰ কোষাগাৰ বিভাগে কৈছে যে, তেওঁলোকৰ বিদেশী সম্পত্তি নিয়ন্ত্ৰণৰ কাৰ্যালয়ে ‘হেংলি পেট্ৰ’কেমিকেল (ডালিয়ান) শোধনাগাৰ কোম্পানী লিমিটেড’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।
 
বিভাগটোৰ মতে,এই কোম্পানীটো ইৰানৰ পৰা অহা খাৰুৱা তেল আৰু পেট্ৰলিয়াম সামগ্ৰীৰ অন্যতম বৃহৎ ক্ৰেতা।কোষাগাৰ সচিব স্কট বেছাণ্টে কয়,অৰ্থনৈতিক নিষেধাজ্ঞাই ইৰাণৰ শাসন ব্যৱস্থাত আৰ্থিক ফান্দ কটকটীয়া কৰি তুলিছে,মধ্যপ্ৰাচ্যত তেওঁৰ আগ্ৰাসনক ৰোধ কৰিছে,আৰু ইয়াৰ পাৰমাণৱিক উচ্চাকাংক্ষাক ৰোধ কৰাত সহায় কৰিছে। এই অভিযানত প্ৰায় ৪০টা জাহাজ কোম্পানী আৰু জাহাজকো লক্ষ্য কৰি লোৱা হৈছে,যিবোৰক ইৰাণৰ তথাকথিত “ছাঁয়া বহৰ”ৰ অংশ বুলি গণ্য কৰা হয়।
 
আমেৰিকাই কয় যে এই জাহাজসমূহে সমগ্ৰ বিশ্বতে তেল আৰু পেট্ৰ’কেমিকেল সামগ্ৰী পৰিবহণ কৰে,যাৰ পৰা ইৰান চৰকাৰে ধন লাভ কৰে।স্কট বেছাণ্টেও কৈছে যে, ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাই পূৰ্বেও সেই জাহাজবোৰ,মধ্যভোগী আৰু ক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব,যিসকলে ইৰানৰ তেল বিশ্বৰ বজাৰলৈ পৰিবহণ কৰাত সহায় কৰে।তেওঁ সকীয়াই দিয়ে যে যি সকল ব্যক্তি বা জাহাজে এই কামত অংশ হ’ব, তেওঁলোকে আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।