নতুন দিল্লী
ইৰান-ইজৰাইলতকৈ এতিয়া অধিক যুযুঁধান ৰূপত যুজঁত নামিছে আমেৰিকা। যুদ্ধক্ষেত্ৰত সাহেসেৰে আমেৰিকাৰ বিৰুদ্ধে থিয় হোৱা ইৰানক কোঙা কৰিবলৈ শেহতীয়াকৈ আমেৰিকাই তৈয়াৰ কৰিছে এক বিশেষ পৰিকল্পনা। তৈল ভাণ্ডাৰৰ ক্ষেত্ৰত অতিকৈ চহকী ইৰানক এইবাৰ হৃদপিণ্ডত আক্ৰমণৰ পৰিকল্পনা কৰিছে আমেৰিকাই।
তৈল খণ্ডত অতিকৈ চহকী ইৰানৰ সৰ্বাধিক তথা প্ৰায় ৯০শতাংশ ইন্ধন মজুত ৰাখে এটা বিশেষ দ্বীপত। এই দ্বীপটোৰ নাম হৈছে খৰ্গে দ্বীপ। ইৰানৰ পৰা বহিঃদেশলৈ ৰপ্তানি হোৱা সকলো তেলৰ জাহাজ এই দ্বীপটোৰ পৰাই ওলাই আহে। এই দ্বীপটো অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাখে ইৰান চৰকাৰে।
আমেৰিকাই এইবাৰ এই দ্বীপটোক আক্ৰমণৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে এই আক্ৰমণৰ বাবে আমেৰিকাৰ উচ্চ প্ৰশিক্ষিত প্ৰায় ২৫০০জোৱানক সাজু কৰিছে আমেৰিকাই। এখন বিশাল যুজাঁৰু জাহাজেৰে এই দলটোক মধ্য প্ৰাচ্যত অৱস্থান ল'বলৈ নিৰ্দেশ দিয়া হৈছে।
আমেৰিকাৰ এই পৰিকল্পনাৰ কথা আগতীয়াকৈ গম পাইছে ইৰানে। সেয়েহে ইৰানৰ সেনা প্ৰধানে আমেৰিকাক সৰ্তকবাণী প্ৰদান কৰিছে যে, ইয়াত যদি আমেৰিকাই আক্ৰমণ কৰে পৰিণাম ভয়ংকৰ হ'ব। ইৰানে আমেৰিকাক এনে কথা ভুলতো নাভাৱিবলৈ সাৱধানবাণী জাৰি কৰিছে।
আমেৰিকাই যদিহে এই আক্ৰমণ কৰিবলৈ হয়। তেন্তে ভয়ংকৰ নাটনিয়ে দেখা দিব ইন্ধনৰ ক্ষেত্ৰত। এই বৃহত তৈল ভাণ্ডাৰত যদিহে আক্ৰমণ কৰে তেন্তে ইয়াৰ প্ৰভাৱ সকলো দেশতে পৰিব। বিশেষকৈ ভাৰতত ইয়াৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰাৰ সম্ভাৱনা আছে।