ভিছা-অন-এৰাইভেল লাভ কৰিবলৈ ভাৰতীয় যাত্ৰীসকলে কি কি চৰ্ত পূৰণ কৰিব লাগিব

Story by  atv | Posted by  [email protected] • 14 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ডুবাই

শেহতীয়াকৈ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) চৰকাৰে ভাৰতীয় নাগৰিকৰ বাবে ভিছা-অন-এৰাইভেল (visa-on-arrival) সুবিধা আৰম্ভ কৰিছে, যাৰ ফলত সাধাৰণ পাছপ’ৰ্ট থকাসকলৰ বাবে যাতায়ত সহজ হৈ পৰিছে। এই পদক্ষেপৰ জৰিয়তে যোগ্য দৰ্শনাৰ্থীসকলে ইউ এ ইৰ যিকোনো প্ৰৱেশ স্থানত উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিব পাৰে, আৰু ভাৰতীয় নাগৰিকসকলৰ প্ৰৱেশৰ সহজতা বৃদ্ধি পাইছে।
 
ভিছা-অন-এৰাইভেল লাভ কৰিবলৈ হ’লে ভাৰতীয় যাত্ৰীসকলে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। সেইবোৰ হৈছেঃ
 
বৈধ পাছপ’ৰ্টঃ ইউ এ ইত উপস্থিত হোৱাৰ তাৰিখৰ পৰা পাছপ’ৰ্টৰ বৈধতা কমেও ছমাহ হ’ব লাগে।
 
ভিছা বা ৰেচিডেন্সিৰ প্ৰয়োজনীয়তাঃ আবেদনকাৰীৰ হাতত আমেৰিকা, যুক্তৰাজ্য বা ইউৰোপীয় সংঘৰ যিকোনো দেশৰ পৰাও স্থায়ী ৰেচিডেন্সি কাৰ্ড, গ্ৰীণ কাৰ্ড বা বৈধ ভিছা থাকিব লাগিব।
 
ভিছাৰ বিকল্পঃ যোগ্য ভ্ৰমণকাৰীৰ বাবে উপলব্ধ বিকল্পসমূহৰ ভিতৰত তলত দিয়া দুবিধ ভিছা উল্লেখনীয়।
 
১৪ দিনৰ ভিছাঃ এই ভিছাৰ বৈধতা আৰু ১৪ দিনৰ বাবে বৃদ্ধি কৰিব পাৰিব। এই মাচুলৰ দাম সাধাৰণতে ১২০ৰ পৰা ১৫০ ঢাকালৈকে হয় যিটো প্ৰায় ২৭০০ৰ পৰা ৩৪০০ টকা।
 
৬০ দিনৰ অবৰ্ধিত ভিছাঃ এই ভিছাৰ দাম প্ৰায় ১১০০ৰ পৰা ১২০০ ঢাকা (ভাৰতীয় হিচাপত প্ৰায় ২৪,৫০০ৰ পৰা ২৭,০০০ টকা)। উল্লেখযোগ্য যে, দুয়োবিধ ভিছাৰ বাবে আহি পোৱাৰ লগে লগে প্ৰযোজ্য মাচুল পৰিশোধ কৰিব লাগিব।
 
ভ্ৰমণৰ ওপৰত প্ৰভাৱঃ এই নতুন নীতি ভাৰত আৰু ইউ এ ইৰ মাজৰ সম্পৰ্ক বৃদ্ধিৰ লক্ষ্যৰে লোৱা একাধিক ব্যৱস্থাৰ ভিতৰত অন্যতম। বৰ্তমান ভাৰতে ডুবাইৰ পৰ্যটকৰ আগমনৰ সৰ্বোচ্চ উৎস বজাৰৰ ভিতৰত স্থান লাভ কৰিছে যি ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বৰ স্তৰৰ তুলনাত ২০২৩ চনত ২৫ শতাংশ বৃদ্ধি পাইছে। এই ভিছা-অন-এৰাইভেল সুবিধাৰ প্ৰৱৰ্তনে পৰ্যটনক আৰু অধিক প্ৰসাৰিত কৰিব আৰু ভাৰতীয় নাগৰিকসকলৰ বাবে অপৰিকল্পিত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
 
মেজৰ জেনেৰেল ছুহেইল ছাইদ আল খাইলীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ইউৰোপীয় ইউনিয়ন, আমেৰিকা আৰু ব্ৰিটেইনৰ ভিছাধাৰী ভাৰতীয় নাগৰিকক প্ৰদান কৰাটো ইউ এ ই আৰু ভাৰতৰ মাজত দীৰ্ঘম্যাদী কৌশলগত অংশীদাৰিত্বৰ পৰিসৰৰ ভিতৰত আহে।