ভাৰতীয় সেনাক অস্ত্ৰ অবিহণে যুঁজ দিয়াৰ কৌশল শিকোৱা গুৱাহাটীৰ এজন যুৱক

Story by  atv | Posted by  [email protected] • 1 Years ago
ছাকিল ইনজাম
ছাকিল ইনজাম
মুকুট শৰ্মা / গুৱাহাটী
 
বয়স তেওঁৰ মাত্ৰ ২৮ বছৰ। সমৰকলাৰ জন্মস্থান হিচাপে পৰিচিত চীনত সমৰকলাৰ উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা যুৱকজন এতিয়া ভাৰতীয় সেনাৰ কেইবাটাও স্পেচিয়েল ফ'ৰ্চৰ আমন্ত্ৰিত প্ৰশিক্ষক। ভাৰত-চীন সীমান্তত দেশৰ অতন্দ্ৰ প্ৰহৰী হৈ থকা দেশৰ সশস্ত্ৰ বাহিনীক তেওঁ শিকায় অস্ত্ৰ অবিহণে যুঁজ দিয়াৰ অভিনৱ কৌশল।
 
অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উশ্বু, মুৱাই-থাই, কিক-বক্সিং খেলুৱৈ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, শক্তি উক্তোলক, ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং কোচ, চাৰ্টিফাইড স্পৰ্টছ নিউট্ৰিচনিষ্ট আৰু মাৰ্চিয়েল আৰ্টছৰ কেইবাটাও শাখাত ব্লেক বেল্ট অৰ্জন কৰা বহু প্ৰতিভা সম্পন্ন এই যুৱকজন হ'ল ৰাজ্যৰ আগশাৰীৰ এম এম এ ফাইটাৰ ছাকিল ইনজাম (MMA Fighter Shakil Injam)।
 

শিক্ষা আৰু সাহিত্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এটি উচ্চ শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা ছাকিল স্বাভাৱিকতে আছিল এজন মেধাৱী ছাত্ৰ। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ২০১৫ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বিশিষ্ট সাহিত্যিক আৰু শিক্ষাবিদ পিতৃ ইছমাইল হুছেইনৰ ইচ্ছা আছিল তেওঁলোকৰ একমাত্ৰ সন্তান ছাকিলক সংস্কৃতৰ অধ্যাপক হিচাপে গঢ় দিয়াৰ।
 
আৰ্মী জোৱানক প্ৰশিক্ষণ আগবঢ়াইছে গুৱহাটীৰ ছাকিলে
 
'দেউতাই মোক এজন সংস্কৃতৰ অধ্যাপক হিচাপে গঢ় দিব বিচাৰিছিল। একেদৰে, মাই বিচাৰিছিল প্ৰশাসনিক সেৱাত যোগ দিয়াটো। সেই অনুসৰি মই শৈক্ষিক কেৰিয়াত ভাল ফলাফলো দাঙি ধৰিছিলো। অসম জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিকত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈছিলো। ইয়াৰ পিছত শ্ৰীমন্ত শংকৰ একাডেমীত হায়াৰ ছেকেণ্ডাৰী আৰু দিছপুৰ কলেজত বি.এ পঢ়ো। ২০১৫ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰো। মা-দেউতা যিহেতু কলা-সংস্কৃতিৰ সৈতে জড়িত লোক, সেয়ে সৰুতে তেওঁলোকে মোক সত্ৰীয়া নৃত্য আৰু গানৰ প্ৰশিক্ষণত নাম লগাই দিছিল। কিন্তু সেইবোৰে মোক আকৰ্ষিত কৰা নাছিল। জীৱনটোক অধিক উপভোগ্য আৰু ৰোমাঞ্চকৰ কৰি তুলিবলৈ কিবা এটা ব্যতিক্ৰম কৰাৰ লক্ষ্য লৈছিলো আৰু এদিন সমৰকলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো।,' আৱাজ্য দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাকিলে কয়।
 
অসমত প্ৰায় ৬ বছৰ ধৰি কুংফু, কাৰাটে, টাইকোৱাণ্ডো, উশ্বু, জিমনাষ্টিকছ, মুৱাই-থাই, আৰু কিক বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণৰ পিছত অৱশেষত তেওঁ ২০১৬ চনত উন্নত প্ৰশিক্ষণৰ বাবে চীনৰ হেনান প্ৰদেশলৈ যোৱাৰ সিদ্ধান্ত লয়। তাত তেওঁ চীনৰ এখন আগশাৰীৰ উশ্বু একাডেমী Yuntaishan International Wushu Schoolত তিনি মাহ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই একাডেমীখনক চীনৰ আৰ্মী স্কুল বুলিও জনা যায়। 
 
সমৰকলাৰ প্ৰশিক্ষণৰ বাবে চীনত থকাৰ সময়ত ছাকিল ইনজাম
 
"সমৰকলাৰ নতুন নতুন কৌশল শিকিবলৈ মই সদায় আগ্ৰহী। চীনৰ পৰা আহি মই হাৰিয়ানাৰ গুৰগাঁৱতো মল্লযুঁজৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো। ভাৰতৰ প্ৰাচীন যুদ্ধ কলা কলাৰিপায়াট্টু শিকিবলৈ কেৰালাত তিনিমাহ কটাইছিলো। অসমৰ হৈ মই ৰাষ্ট্ৰীয় পৰ্যায়ত কুংফু, উশ্বু, কিক-বক্সিং আদি খেলত অংশ লৈছো আৰু কেইবাটাও পদক জয় কৰিছো," সম্প্ৰতি গুৱাহাটীৰ চান্দমাৰীত Legacy Combat MMA & Fitness নামৰ এটা জিমত বহু যুৱক-যুৱতীক প্ৰশিক্ষণ আগবঢ়াই থকা ছাকিল ইনজামে কয়। 
 
মনকৰিবলগীয়া যে, সমৰকলাত বিৰল প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰা ছাকিল এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদো। তেওঁ জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰিছিল। ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত ছাকিলৰ এনে বহু ঈৰ্ষণীয় সাফল্যই ভাৰতীয় সেনা বাহিনীকো আকৰ্ষিত কৰিছিল। তেওঁলোকে ২০১৯ত অসমৰ সুদক্ষ সমৰকলাবিদজনক ইণ্ডিয়ান আৰ্মীৰ স্পেচিয়েল ফ'ৰ্চক প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰণ জনায়। দেশৰ অতন্দ্ৰ প্ৰহৰী হৈ চীন সীমান্তত থিয় হৈ থকা ভাৰতীয় সেনাৰ বিভিন্ন ৰেজিমেণ্টৰ জোৱানসকলক তেওঁ অস্ত্ৰ অবিহণে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল শিকায়।  
 
জিমত সতীৰ্থৰ সৈতে ছাকিল ইনজাম
 
ছাকিলে কয়, "মই ২০১৯ৰ পৰা ভাৰতীয় সেনাৰ কিছুমান গোটৰ সৈতে জড়িত হৈ আছো। তেওঁলোকক স্পেচিয়েল ফ'ৰ্চ বুলি কোৱা হয়। স্পেচিয়েল ফ'ৰ্চৰ জোৱানসকলক মই আনআৰ্ম কমবেটৰ প্ৰশিক্ষণ প্ৰদান কৰো। প্ৰতি বছৰে প্ৰায় এমাহৰ বাবে মই আৰ্মীৰ শিবিৰলৈ যাও আৰু জোৱানসকলক অস্ত্ৰ অবিহণে যুঁজাৰ কৌশল শিকাও। প্ৰতিবাৰে বেলেগ বেলেগ স্থানত অনুশীলন শিবিৰবোৰ অনুষ্ঠিত হয়। এইদৰে দেশ মাতৃক সেৱা কৰিবলৈ পোৱাটো মোৰ বাবে নিশ্চয়কৈ গৌৰৱৰ কথা"।  
ইফালে, মিক্সড মাৰ্চিয়েল আৰ্টছ অথবা সমৰকলাৰ জৰিয়তে নৱ প্ৰজন্মক ড্ৰাগছ অথবা নিচাযুক্ত সামগ্ৰী সেৱনৰ দৰে সামাজিক ব্যাধিৰ পৰা আঁতৰাই কৰিব পাৰি বুলি উল্লেখ কৰি জনপ্ৰিয় ফাইটাৰজনে কয় যে মাৰ্চিয়েল আৰ্টছ প্ৰকৃততে এটা নিছা আৰু যিয়ে ইয়াক জীৱনৰ অংশ কৰি লয়, তেওঁ কেতিয়াও ড্ৰাগছ অথবা নিচাযুক্ত সামগ্ৰী সেৱনৰ দৰে কাম কৰিব নোৱাৰে। 
"মাৰ্চিয়েল আৰ্টছক সাধাৰণ দৃষ্টিত হিংসাত্মক মাৰপাট যেন লাগে যদিও প্ৰকৃতাৰ্থতে তেনে নহয়। ইয়াত যথেষ্ট ধৈৰ্য, সংযম আৰু অনুশাসনৰ প্ৰয়োজন হয়। এই কলা শিকা লোকে কেতিয়াও ৰাস্তাত অযথা মাৰপিট কৰিব নাযায়। ইয়াত অহাৰ পিছত এজন উগ্ৰ লোকেও উপলব্ধি কৰে যে এম এম এৰ অৰ্থ মাৰপিট নহয়। পেছাদাৰী ক্ষেত্ৰত ফাইটৰ বাবে বহুত শিকিবলগীয়া কথা থাকে। গাৰ বলেৰে ইয়াত যুঁজ জিকিব নোৱাৰি। অসমত ইয়াক লৈ যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজন আছে,"ছাকিলে পুনৰ কয়।