বিশ্ব দেহশ্রী প্রতিযোগিতাত ব্রঞ্জৰ পদক লাভ অসমৰ পবিত্ৰ নাথৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
পবিত্ৰ নাথ
পবিত্ৰ নাথ
 
গুৱাহাটী 
 
মাজুলীৰ সুসন্তান পবিত্র নাথে ৱৰ্ল্ড ব'ডী বিল্ডিং এণ্ড ফিজিক চেম্পিয়নশ্বিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা বিশ্বৰ অন্যতম বৃহৎ প্রতিযোগিতাখনত পদক লাভেৰে দেশৰ লগতে মাজুলীবাসীক গৌৰাৱান্বিত কৰিছে মাজুলীৰ পুৰণিবাৰী গাঁৱৰ পবিত্ৰ নাথে।  
 
উল্লেখ্য যে যোৱা জুলাই মাহত মালদ্বীপত অনুষ্ঠিত দক্ষিণ এছিয়ান দেহশ্ৰী প্রতিযোগিতাত ১৭৫ চেঃ মিঃ শাখাত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ দেশলৈকে গৌৰৱ কঢ়িয়াই আনিছে পবিত্ৰ নাথে। পবিত্ৰৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ এই সফলতাত আনন্দত আত্মহাৰা হৈ পৰিছে। 
 
এই সফলতাৰ বাবে মাজুলীৰ ক্রীড়াপ্ৰেমীসকলৰ লগতে মাজুলীবাসীয়ে পবিত্রক জনাইছে শুভেচ্ছা। মাজুলীৰ বিধায়ক ভুবন গাম, মাজুলী জিলা আয়ুক্ত কাবেৰী বি শর্মা, প্রশাসনিক বিষয়াসকল, বিভিন্ন দল- সংগঠনে পবিত্ৰ নাথক শুভেচ্ছা জনাইছে।  


শেহতীয়া খবৰ