জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত পৰিস্থিতিক সংগীতৰ ৰূপত তুলি ধৰিছে জনপ্ৰিয় ৰেপাৰ হুমাইৰা আৰু এম চি ৰাৰে

Story by  atv | Posted by  [email protected] • 7 Months ago
ৰেপাৰ হুমাইৰা আৰু এম চি ৰা
ৰেপাৰ হুমাইৰা আৰু এম চি ৰা
 
মেহক বান্দে/নতুন দিল্লী

কাশ্মীৰৰ জনপ্ৰিয় ৰেপাৰ হুমাইৰা জান আৰু এম চি ৰাৰ (Humaira and MC Raa) যুটীয়া গীত ‘বদালতা কাশ্মীৰ’ই ইণ্টাৰনেটত খলকনি তুলিছে। সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰ উপত্যকাত হোৱা ইতিবাচক পৰিৱৰ্তনক উদযাপন কৰা এই ৰেপ গীতটোৱে প্ৰথম দিনাই ১০ লাখ দৰ্শকক হৃদয় স্পৰ্শ কৰিছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ নেতা, চেলিব্ৰিটি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলে গীতটো শ্বেয়াৰ কৰিছে।
 
ভাৰত চৰকাৰেও তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত গীতটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "এটা শক্তিশালী ৰেপ গীতৰ জৰিয়তে কাশ্মীৰৰ যুৱক-যুৱতীসকলে মনৰ কথা কৈছে। নতুন কাশ্মীৰৰ উত্থানক সামৰি লোৱা গীতটো শুনক।"
 
ৰেপাৰ এম চি ৰাৰ প্ৰকৃত নাম হৈছে মহম্মদ ৰছিক আহমদ শ্বেখ। তেওঁ দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ানৰ পিৰপোৰা গাঁৱৰ বাসিন্দা। ইতিমধ্যে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰা এই ২১ বছৰীয়া ৰেপাৰগৰাকীয়ে কয়, "কাশ্মীৰত যি উন্নয়ন ঘটিছে, তাক এই গীতটোৱে বুজাবলৈ চেষ্টা কৰিছে। স্মাৰ্ট চিটি প্ৰজেক্ট, জি-২০ৰ সফলতা ইত্যাদি দৃশ্যই আমাক অনুপ্ৰাণিত কৰিছে। মই আগতে শ্ৰীনগৰৰ পৰা শ্বোপিয়ানলৈ গৈছিলো আৰু বাটত যি উন্নয়ন দেখিছিলো, তেওঁলোকৰ ওপৰত ৰেপ বনোৱাৰ কথা ভাবিছিলো।”
 
হুমাইৰা জান
 
একেদৰে, ১৪ বছৰীয়া হুমাইৰা জান (Humairah Jan) মধ্য কাশ্মীৰৰ কাংগান অঞ্চলৰ বাসিন্দা আৰু আৰ্মী গুডউইল স্কুলৰ প্ৰাক্তন ছাত্ৰী। 
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত এম চি ৰায়ে কয়, "যেতিয়া মই এই গীতটো লিখি আছিলো তেতিয়া মোৰ মনলৈ আহিছিল যে এই গীতটোত এগৰাকী মহিলা শিল্পী থাকিব লাগে কাৰণ এতিয়া মই দেখা আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ'ল আগৰ ছোৱালীবোৰক তেওঁলোকৰ পোচাকৰ দ্বাৰা বিচাৰ কৰা হৈছিল, কিন্তু এতিয়া সেইবোৰ আৰু নাই। গতিকে মই মোৰ লগত এগৰাকী মহিলা ৰেপাৰক গীতটোত ৰখাৰ কথা ভাবিলোঁ।"
 
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাইও গীতটোক ভূয়সী প্ৰশংসা কৰি নিজৰ এক্স একাউণ্টত লিখিছে, "এই কাশ্মীৰী শিল্পীজনে প্ৰ'-লেভেলৰ ৰেপিং প্ৰদৰ্শন কৰিছে। এইদৰে ভাল কামবোৰ কৰি যোৱা।"
 
কেন্দ্ৰীয় বৈদ্যুতিন আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰেও গীতটি শ্বেয়াৰ কৰি লিখিছে, "নয়ে ভাৰত কা নয়া কাশ্মীৰ। ভাৰতীয় যুৱকে কাশ্মীৰৰ পৰিৱেশ সলনি কৰি আছে!।"
ৰেপ গীতটোৰ থিম সন্দৰ্ভত হুমাইৰাই কয়, “মই মোৰ ককা-আইতাৰ পৰা শুনিছো যে আগৰ কাশ্মীৰ ইমান উন্নত নাছিল, আৰু আমাৰ ঠাইৰ পৰা শ্ৰীনগৰলৈ যাত্ৰা কৰিবলৈ বহু সময় লাগিছিল কাৰণ ৰাস্তা আৰু দলংৰ অৱস্থা ভাল নাছিল। কিন্তু আজি শ্ৰীনগৰ পাবলৈ মাত্ৰ ৩০ৰ পৰা ৪০ মিনিট সময় লাগে। মোৰ জিলাখনত (গাণ্ডাৰবাল) চলি থকা জোজিলা সুৰংগ প্ৰকল্প আৰু কাৰ্যক্ষম হৈ থকা ৱেইল দলংখন হৈছে সংযোগ সম্পৰ্কীয় কিছুমান ডাঙৰ উন্নয়ন, যিয়ে সকলোৰে জীৱনক প্ৰত্যক্ষভাৱে স্পৰ্শ কৰে।”
 
সংগীত যাত্ৰাৰ বিষয়ে হুমাইৰাই কয়, “যেতিয়া মই দ্বিতীয় শ্ৰেণীত আছিলো তেতিয়া মোৰ পৰিচয় হৈছিল য়ো য়ো হানি সিঙৰ ৰেপ এলবাম দেশী কালাকাৰৰ সৈতে। মই ইয়াৰ প্ৰতি আকৃষ্ট হৈ পৰিলোঁ আৰু হিপ হপ শিল্পীসকলক অনুসৰণ কৰি তেওঁলোকৰ গীতবোৰ গাবলৈ ধৰিলোঁ।”
 
হিপ-হপ সংগীতৰ প্ৰতি তেওঁৰ এই প্ৰেমক আৰম্ভণিতে হুমাইৰাই গুৰুত্বসহকাৰে লোৱা নাছিল। “মই একো চিন্তা নকৰাকৈয়ে গান গাইছিলোঁ।”-তেওঁ কয়। 
 
ৱাজাহাট ফাৰুক ভাটৰ সৈতে এম চি ৰা
 
কিন্তু ২০২১ চনৰ আগষ্ট মাহত গাণ্ডাৰবল জিলাত ৰেপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত তেওঁৰ জীৱন সলনি হয়। প্ৰতিযোগিতাখনৰ বিষয়ে তেওঁ স্কুল কৰ্তৃপক্ষৰ পৰা জানিব পাৰিছিল। মাক-দেউতাকেও তেওঁক প্ৰতিযোগিতালৈ যাবলৈ উৎসাহিত কৰিছিল।
 
পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত তেওঁৰ ৰেপ গীতসমূহ জনপ্ৰিয় হোৱাৰ লগে লগে হুমাইৰাই আন শিল্পীৰ সৈতে একেলগে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয় যে তেওঁ সপোন দেখে আৰু আশা কৰে যে এদিন তেওঁৰ আদৰ্শ ৰেপাৰ শিল্পী ৰফতাৰৰ সৈতে তেওঁৰ পৰিচয় হ’ব।
 
ইতিমধ্যে ছ’চিয়েল মিডিয়াত এম চি ৰাৰ কেইবাটাও ৰেপে ভাল প্ৰদৰ্শন কৰিছে। তেওঁ অধিকাংশ গীতত সাম্প্ৰতিক পৰিস্থিতি, যৌৱনৰ অৱস্থা, ড্ৰাগছ সেৱনৰ ভয়াবহতা আদিৰ ওপৰত গুৰুত্ব দিয়ে। “মই ৰফতাৰৰ ২০১৪ চনত মুক্তি পোৱা মেৰি দেশী কালাকাৰ গীতটো শুনি ৰেপিং আৰম্ভ কৰিছিলো। ২০১৯ চনত মই মোৰ প্ৰথম ৰেপ লিখিছিলো।" -তেওঁ কয়। 
 
আৰ্থিকভাৱে দূৰ্বল এটা পৰিয়ালৰ সন্তান এম চি ৰায়ে কয় যে তেওঁ প্ৰথম গীতটো ১০০ টকীয়া ইয়াৰফোনত এটা ইয়াৰপ্লাগযুক্ত কৰি ৰেকৰ্ডিং কৰিছিল। কেইদিনমান পিছত তেওঁৰ প্ৰতিভাক দেখা পাই ৱাজাহাট ফাৰুক ভাটে এম চি ৰাক সমৰ্থন আগবঢ়াবলৈ আগুৱাই আহে। ভাট আছিল চেভ ইউথ চেভ ফিউচাৰ নামৰ এটা এন জি অ’ৰ মালিক।  
 
'বদলতা কাশ্মীৰ' নামৰ ৰেপ গীতটোৰ এটা অংশ 
 
২০২১ চনত ইয়ং এচিভাৰ্ছ এৱাৰ্ডৰ দৰে বহু বঁটা লাভ কৰা এম চি ৰায়ে ২০২১ চনত ভাৰতীয় সেনাক লৈ 'দেশ কা ছিপাহী' নামৰ এটা গীত প্ৰস্তুত কৰিছিল। "মই ভাৰতবৰ্ষক হৃদয়েৰে ভাল পাওঁ আৰু মোৰ আৱেগক এই গীতটোৰ জৰিয়তে প্ৰকাশ কৰিছো। মই কোনো আদৰ্শ বা চাঞ্চল্য নহয়, কেৱল মই ভাবো আমাৰ সমাজত নেতিবাচকতাৰ কোনো স্থান থাকিব নালাগে।”-উদীয়মান ৰেপাৰগৰাকীয়ে কয়।
 
"বদলতা কাশ্মীৰ" গীতটোত এই দুই প্ৰতিভাশালী ৰেপাৰে তেওঁলোকৰ চৌপাশে দেখা পৰিৱৰ্তন আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ বিষয়ে প্ৰকাশ কৰিছে। ইয়াত জি-২০ৰ বৈঠক, কাশ্মীৰী পণ্ডিত আৰু কাশ্মীৰী মুছলমানৰ ঐক্য, লিংগ সমতা, ভাৰতৰ সংবিধানে নিশ্চিত কৰা মানুহৰ সমতা, ছোৱালীৰ সফলতা, সন্ত্ৰাসবাদৰ অন্ত ইত্যাদিৰ কথা কোৱা হৈছে।