'Accident Free Smart Car' ৰ মডেল উদ্ভাৱন শিশু বিজ্ঞানী ইলিয়াছ হুছাইনৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
শিক্ষক মোক্তাছিদুজ জামান আজাদৰ সৈতে ইলিয়াছ হুছাইন
শিক্ষক মোক্তাছিদুজ জামান আজাদৰ সৈতে ইলিয়াছ হুছাইন
আৰিফুল ইছলাম / গুৱাহাটী
 
ৰাজ্যৰ ঘাইপথ আৰু উপ-পথবোৰ দিনক দিনে উন্নত হৈ যোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। তেনে সময়তে গোৱালপাৰা জিলাৰ এজন শিশু বিজ্ঞানীয়ে পথ দুৰ্ঘটনাৰ কাৰণসমূহ অধ্যয়ন কৰি উদ্ভাৱন কৰি উলিয়াইছে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা এটা 'এক্সিডেন্ট ফ্ৰী স্মাৰ্ট কাৰ' নামৰ এক আৰ্হি। দশম শ্ৰেণীত অধ্যয়ন কৰি থকা এই মেধাবী ছাত্ৰজনৰ নাম ইলিয়াছ হুছাইন।
 
গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ফেটেঙ্গাপাৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ইলিয়াছ হুছাইনে শিক্ষক মোক্তাছিদুজ জামান আজাদৰ সহযোগত ৯৫ শতাংশ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰচেষ্টাৰে এই আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে। সাধাৰণতে চলন্ত অৱস্থাত হঠাতে চালকজন টোপনি গ'লে অথবা ইখন গাড়ীয়ে সিখন গাড়ীক অভাৰটেক কৰিলে বা বহু গাড়ীয়ে লাইট আপাৰ মোডত চলোৱাৰ ফলত পথ দুৰ্ঘটনাসমূহ সংঘটিত হোৱা দেখা যায়। এনে কাৰণবোৰ ৰোধৰ লক্ষ্যৰে ছাত্ৰজনে এক্সিডেন্ট ফ্রী স্মার্ট কাৰ আৰ্হিটো প্ৰস্তুত কৰিছে।
 
নাগপুৰত ইলিয়াছ হুছাইনৰ আৰ্হি প্ৰদৰ্শন
 
উল্লেখ্য যে, অলপতে মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত আয়োজিত ৰাষ্ট্ৰীয় কিশোৰ বিজ্ঞান সমাৰোহত  দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ তিনিজনকৈ শিশু বিজ্ঞানীয়ে প্ৰদৰ্শন কৰা আৰ্হিয়ে (মডেল) দৰ্শনাৰ্থীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। এই তিনি শিশু বিজ্ঞানীৰ ভিতৰত অন্যতম হ'ল গোৱালপাৰা জিলাৰ ইলিয়াছ হুছাইন।
শিক্ষক মোক্তাছিদুজ জামান আজাদৰ সহযোগত সাজি উলিওৱা অভিনৱ আৰ্হিটো সন্দৰ্ভত শিশু বিজ্ঞানী ইলিয়াছে কয়; "চলন্ত অৱস্থাত বহু সময়ত গাড়ী চালকজন টোপনি যোৱাৰ ফলত পথ দুৰ্ঘটনা সংঘটিত হয়। কিন্তু এই গাড়ীৰ আৰ্হিটোত চালকৰ সন্মুখত এটা চেন্সৰ লগোৱা হৈছে। যাৰ ফলত গাড়ী চালকজন টোপনি যোৱাৰ লগে লগে চেন্সৰৰ জৰিয়তে এলার্ম বাজি যাব। ইয়াৰ লগে লগে গাড়ী চালকজন সাৰ পাই উঠিব।" 
"দ্বিতীয়তে, অভাৰটেক কৰাৰ সময়ত গাড়ীৰ চালকে পিচফালে গাড়ী আহি আছে নে নাই সেয়া চাবলগীয়া হয়। বহু সময়ত পিচফালৰ গাড়ী চাবলৈ যাওঁতেই পথ দুর্ঘটনা হয়। এনে পৰিস্থিতিত সাজি উলিওৱা আৰ্হিটোত এটা মভেবুল (ঘূৰাব পৰা) কেমেৰা সংস্থাপিত কৰা হৈছে, যিটো কেমেৰা ছুইচ টিপিলেই বাহিৰলৈ ওলাই আহিব আৰু সহজে দেখা পোৱা যাব পিচফালে গাড়ী আহিছে নে নাই", ইলিয়াছে কয়। 
 
দর্শনাৰ্থীক আৰ্হিটোৰ বিষয়ে বুজাই থকা মুহূৰ্তত ইলিয়াছ হুছাইন
 
"তৃতীয়তে, আৰ্হিটোত আন এটা চেন্সৰ সংস্থাপন কৰা হৈছে, যিয়ে সন্মুখৰ দিশৰ পৰা আপাৰ লাইট মোডত আহি থকা গাড়ী এখনৰ লাইট ডিপাৰ মোডলৈ পৰিণত কৰিব পাৰিব। আপাৰ মোড চেন্সৰত পৰাৰ লগে লগে স্বয়ংক্রিয়ভাৱে সন্মুখৰ গাড়ীখনৰ লাইট ডিপাৰ মোড হ'ব। অৱশ্যে বিপৰীত গাড়ীখনতো অনুৰূপ চেম্বৰ সংস্থাপিত হৈ থাকিব লাগিব", ইলিয়াছে আৰ্হিটোৰ বিষয়ে বিতংভাৱে কয়।
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাত্ৰজনৰ গাইড শিক্ষক মোক্তাছিদুজ জামান আজাদে কয়; "মাত্র ২-৩ হেজাৰ টকাতে সাজি উলিওৱা এই আৰ্হিৰ জৰিয়তে ৯৫ শতাংশ পথ দুৰ্ঘটনা হ্ৰাস কৰিব পৰা যাব। মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক এনেকুৱা উদ্ভাৱনীমূলক কামৰ বাবে উৎসাহিত কৰোঁ আৰু সহযোগ কৰোঁ। এই আৰ্হিটোত বহু কোডিং ব্যৱহাৰ কৰা হৈছে, তাতো মই সহযোগ কৰিছোঁ। ইলিয়াছ আৰু মই পথ দুৰ্ঘটনা ৰোধৰ আৰ্হিটো প্ৰস্তুত কৰাৰ আগতে পথ দুৰ্ঘটনা কি কি কাৰণত হয়, সেইটো ভালদৰে অধ্যয়ন কৰিছিলোঁ।"
"আৰ্হিটো প্ৰস্তুত কৰোঁতে আমাৰ প্ৰায় ২ মাহ সময় লাগিছিল। কিন্তু বস্তুবোৰ অধ্যয়ন কৰা আৰু প্লেনিং কৰোঁতে বহু সময় গৈছিল। মই যিহেতু অন্য ছাত্ৰ-ছাত্ৰীক লৈ আগতেও বহুবাৰ সমাৰোহ সমূহত যোগদান কৰিছিলোঁ। মোক এন চি আৰ টিৰ পৰা যোগাযোগ কৰিছিল আৰু অনলাইন সকলো কাম-কাজ কৰি ইলিয়াছক লৈ নাগপুৰৰ সমাৰোহলৈ আহিছো। ইয়াৰ আগতে ২০২২ চনৰ নৱেম্বৰত একেটা আৰ্হি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞানী প্ৰদৰ্শনীতো প্ৰদৰ্শন কৰিছিলোঁ আৰু দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিলো", ইলিয়াছৰ শিক্ষাগুৰু মোক্তাছিদুজ জামান আজাদে নাগপুৰৰ পৰা কয়।
 
শিক্ষক মোক্তাছিদুজ জামান আজাদ আৰু শিশু বিজ্ঞানী ইলিয়াছ হুছাইন
 
ৰাষ্ট্ৰীয় কিশোৰ বিজ্ঞান সমাৰোহত অসমৰ পৰা অংশগ্ৰহণ কৰা আন দুগৰাকী  শিক্ষাৰ্থীৰ এগৰাকী ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ খৈৰাবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুল বড়োৱে প্রদর্শন কৰা 'ন' ফুৱেল অটমেটিক স্প্রে' মেচিন' শীৰ্ষক আহিটোৱে ছাত্ৰ-ছাত্ৰী, দৰ্শকৰ দৃষ্টি আকর্ষণ কৰে। প্রকল্পটোৰ গাইড হিচাপে আছিল শিক্ষয়িত্ৰী পল্লবী দাস। 
 
আনহাতে, ৰাষ্ট্ৰীয় কিশোৰ বিজ্ঞান সমাৰোহত ধেমাজি জিলাৰ বৰদলনি গাৰ্লছ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মৃদুকংকণা চুতীয়াৰ 'হুমি পোক নিয়ন্ত্ৰণত ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি থলুৱা প্ৰজাতিৰ উদ্ভিদ পচতীয়া পাত অধ্যয়ন' শীর্ষক প্ৰকল্পয়ো সমাদৰ লাভ কৰিছে। মুৰ্গী পালনৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই ছাত্রী মৃদুকংকণাই এই প্ৰকল্পটো প্ৰস্তুত কৰিছে। এই প্ৰকল্পটোৰ জৰিয়তে হুমি পোকৰ পৰা কেনেদৰে মুৰ্গীক ৰক্ষা কৰিব পৰা যায়, সেয়া দেখুওৱা হৈছে। প্ৰকল্পটোৰ গাইড হিচাপে আছে শিক্ষক ৰূপম অধিকাৰী।