তামৰ ঘণ্টাই ধৈৰ্য্য, শান্তি আৰু প্ৰেমৰ বাৰ্তা বিলায়ঃ আছঘৰ লোহাৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
আছঘৰ লোহাৰ
আছঘৰ লোহাৰ
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
বলীউদৰ ছুপাৰহিট ছবি 'দিলৱালে দুলহানিয়া লে জায়েংগে'ত শ্বাহৰুখ খানে তামেৰে নিৰ্মিত এটা ঘণ্টাৰ বাবে নিজৰ প্ৰেমিকাক লাভ কৰিছিল। কিন্তু এই তামৰ ঘণ্টাটো এতিয়া কেৱল জীৱ-জন্তুৰ ডিঙিত ওলমি থকা ঘণ্টা হৈয়ে থকা নাই, ই মানুহৰ হৃদয়ৰ স্পন্দন হৈ পৰিছে। কিয়নো বৰ্তমান মানুহে এই ঘণ্টাৰে ঘৰ সজাই আহিছে। বিশেষকৈ এই তামৰ ঘণ্টাবোৰৰ আঁৰৰ কাৰণ হৈছে ইয়াৰ বিশুদ্ধ শব্দ, ইতিবাচক শক্তি আৰু শান্তিৰ বাৰ্তা।   
 
এইবাৰ ৩৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সুৰাজকুণ্ড মেলাত আমি এনে এজন শিল্পীক লগ পাইছিলো, যিগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ পৰাই পিতৃ নূৰ মহম্মদৰ পৰা তামৰ ঘণ্টা প্ৰস্তুত কৰা শিকিছিল। তেওঁ তামৰ ঘণ্টা বনাবলৈ আৰু ইয়াৰ শব্দৰ বিষয়েও জ্ঞান আহৰণ কৰিছিল। 
 
শ্বাহৰুখ খান
 
'গুজৰাটী যেনেকুৱায়ে নহওঁক কিয়, তেওঁ সদায় ব্যৱসায়ীয়ে হয়' গুজৰাটৰ বিখ্যাত এই কথাষাৰক সত্য হিচাপে প্ৰতিপন্ন কৰি আছগৰ লোহাৰ নামৰ কাৰিকৰজনে বৰ্তমান কেৱল দেশতে নহয় বিদেশতো নিজৰ শিল্পকলা প্ৰদৰ্শন কৰি আহিছে। তেওঁ লণ্ডন আৰু ছিংগাপুৰতো তামেৰে নিৰ্মিত ঘণ্টা প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। 
 
আছগৰ লোহাৰে আৱাজ-দ্য ভইচ'ক কয় যে, তামৰ এটা ঘণ্টা বনাবলৈ বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয়। তেওঁ বিভিন্ন আৰ্হি আৰু শব্দৰ ওপৰত কাম কৰি আহিছে। সাধাৰণতে তামৰ ঘণ্টাবোৰ য'তেই নাথাকক কিয়, এই ঘণ্টাবোৰৰ শব্দ প্ৰায় একে হয়। এয়াই হৈছে ঘণ্টাবোৰৰ বিশেষত্ব। কিন্তু আছগৰে প্ৰস্তুত কৰা ঘণ্টাবোৰত ওম, সৰগম আদি ধ্বনি সন্নিবিষ্ট কৰা হৈছে।  
 
আছঘৰে প্ৰস্তুত কৰা সামগ্ৰী
 
প্ৰায় ২০০ বছৰ পুৰণি পূৰ্বপুৰুষৰ শিল্পকৰ্ম শিকাৰ পিছত আছগৰ লোহাৰে বহুতো আগ্ৰহী শিশুক এই শিল্পকৰ্ম শিকাবলৈ আৰম্ভ কৰিছে। আছগৰ লোহাৰ এন আই টি, নিফ্ট আদিৰ দৰে শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছে, য’ত তেওঁ শিক্ষণ আৰু প্ৰশিক্ষণৰ কাৰ্যসূচী আয়োজন কৰি আহিছে।   
 
আছগৰ লোহাৰে কয় যে তেওঁ এনে এখন গাঁৱৰ বাসিন্দা, যিখন গাঁৱত কেৱল তেওঁৰ মুছলমান পৰিয়ালটোৱে হিন্দু ভাই-ভনী সকলৰ সৈতে আনন্দৰে বাস কৰি আহিছে। গুজৰাটৰ কুটচৰ জুৰা গাঁৱৰ বাসিন্দা আছগৰ লোহাৰে ২৫ৰ পৰা ৩০টা পৰিয়ালৰ ভৰণপোষণৰ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁৰ কাৰখানাত থকা শিল্পীসকলে তামৰ ঘণ্টা প্ৰস্তুতৰ কাম কৰি আহিছে।   
 
আছগৰে তেওঁৰ কাৰখানাত কাম কৰা শিল্পীসকলক ভাল পাৰিতোষিক দি আহিছে, যাৰদ্বাৰা ১৫০ৰ পৰা ২০০ জন লোকৰ জীৱিকা সুনিশ্চিত হৈছে। তেওঁ আৱাজ-দ্য ভইচ'ৰ জৰিয়তে এই শিল্পকলাক প্ৰচাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। যথেষ্ট উত্তাপৰ জুইত পিটাই অতি ধৈৰ্য্যৰে কৰা এই কামৰ ফলত এটা নিখুঁত ঘণ্টা প্ৰস্তুত হৈ উঠে। ইয়াৰ বাবে প্ৰকৃতাৰ্থত অতি কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়।   
 
আছঘৰে প্ৰস্তুত কৰা সামগ্ৰী
 
আছগৰ লোহাৰ এতিয়া ইমানেই পাকৈত হৈ পৰিছে যে তেওঁ তামৰ চিটক জুইত পিটাই কাৰোবাৰ মুখৰ আকৃতিও প্ৰস্তুত কৰিব পাৰে। বৰ্তমান ডিজিটেল জগতখনৰ লগত খোজ মিলাবলৈ তেওঁ কাষ্টমাইজড পেটাৰ্ণো তৈয়াৰ কৰি আহিছে, য'ত ওম, সূৰ্য, ডাঙৰ বেল, সৰু বেল আদি অন্তৰ্ভুক্ত কৰা হৈছে। 
 
আছগৰৰ পিতৃ নূৰ মহম্মদে তেওঁৰ পূৰ্বপুৰুষৰ পৰা এই ঘণ্টা বনোৱা কৌশল শিকিছিল, যিটো আজিও তেওঁ মানুহক শিকাই আহিছে। এই শিল্পৰ জ্ঞান ল'ব বিচৰাসকলে বহু দূৰ-দূৰণিৰ পৰা তেওঁৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ আহে। তেওঁ কয় যে আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত তামৰ ঘণ্টা ব্যৱহাৰ কৰি শান্ত পৰিৱেশ সৃষ্টি কৰা হয় আৰু ইয়াৰ জৰিয়তে আভ্যন্তৰীণ শান্তি বিচাৰি পোৱা যায়।  
 
আছঘৰে প্ৰস্তুত কৰা সামগ্ৰী
 
ধ্যান কেন্দ্ৰত তামৰ ঘণ্টাৰ সহায়ত মালিচ কৰাৰ পিছত এনে এক শব্দ শুনা যায়, যিয়ে মানুহৰ মনটোক এক সুকীয়া সকাহ দিয়ে। এই শান্ত-সমাহিত শব্দটো উলিয়াই অনাটো আমাৰ বাবে এক প্ৰত্যাহ্বানমূলক কাম, যাৰ বাবে আমি দিনে-নিশাই কাম কৰো। আৰু এই ক্ষেত্ৰত আমাৰ শিল্পীসকল একো একোজন বিশেষজ্ঞৰ দৰে। 
 
আছগৰ লোহাৰে কয় যে প্ৰতিটো ঘণ্টাৰ শব্দ একল নামৰ বাদ্যযন্ত্ৰৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয়। যি গুণাগুন, অনুনাদী শব্দ উৎপাদনৰ দৰে তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। বহু শতিকাৰ আগতে সিন্ধৰ পৰা কুট্‌চলৈ প্ৰব্ৰজন কৰা গৰু-ম’হৰ ডিঙিত বান্ধি দিয়া এই ঘণ্টাৰ শব্দ শুনিবলৈ পোৱা গৈছিল। 
 
তামেৰে নিৰ্মিত ঘণ্টা শিল্পৰ প্ৰসাৰক আছগৰ লোহাৰে এই শিল্পক আগুৱাই নিয়াৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। তেওঁৰ এই শিল্প কেৱল সুন্দৰ আৰু মনোমোহাই নহয়, ই শান্তি আৰু একাগ্ৰতাও কঢ়িয়াই আনে।


শেহতীয়া খবৰ