ডাঃ মৰিয়াম আফিফা আনচাৰী: ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা স্নায়ু শৈল্য চিকিৎসক

Story by  atv | Posted by  Munni Begum • 1 Years ago
ডাঃ মৰিয়াম আফিফা আনচাৰী
ডাঃ মৰিয়াম আফিফা আনচাৰী
 
নতুন দিল্লী
 
নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে মানুহৰ জীৱনলৈ সফলতা কঢ়িয়াই আনে, এই কথা সত্য প্ৰমাণিত কৰিছে ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা স্নায়ু শৈল্য চিকিৎসক (নিউৰোচাৰ্জন) ডাঃ মৰিয়াম আফিফা আনচাৰীয়ে। কিয়নো শৈশৱৰে পৰা এগৰাকী চিকিৎসক হোৱাৰ সপোন মনত পুহি ৰখা ডাঃ মৰিয়ামে  ২০২০ চনত সৰ্বভাৰতীয় নীট পৰীক্ষাত ১৩৭সংখ্যক স্থান লাভ কৰিছিল। 
 
ডাঃ মৰিয়াম আফিফা আনচাৰীয়ে কয়, "এতিয়া মই মিছ আফিফাৰ পৰা ডাঃ আফিফা হৈছো আৰু মোৰ বগা কোট পিন্ধি ষ্টেথ'স্কোপেৰে ৰোগী পৰীক্ষা কৰাৰ সপোন বাস্তৱায়িত হৈছে।" উল্লেক্য যে, স্কুলীয়া দিনৰ পৰাই মৰিয়ামে সদায় পঢ়া-শুনাত শীৰ্ষ স্থান দখল কৰি আহিছে। তেওঁ মালাগাওঁৰ এখন উৰ্দু মাধ্যমৰ বিদ্যালয়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। 
 
 
এম এছ অ’ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, “দশম শ্ৰেণীলৈ উৰ্দু মাধ্যমৰ বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত মৰিয়ামে তেওঁৰ ধাৰাবাহিক সফলতাৰে সকলোকে আচৰিত কৰি তুলিছে। মৰিয়মে মালেগাওঁৰ এখন উৰ্দু মাধ্যমৰ বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ হায়দৰাবাদলৈ আহিছিল।"
 
হায়দৰাবাদত ৰাজকুমাৰী দুৰুশ্বেৱৰ বালিকা হাইস্কুলত মৰিয়ামে দশম শ্ৰেণীলৈ অধ্যয়ন কৰি দশম শ্ৰেণীত স্বৰ্ণ পদক লাভ কৰিছিল। মৰিয়ামে ওছমানিয়া মেডিকেল কলেজৰ পৰা এম বি বি এছ কৰিছিল আৰু তাৰ পিছত একেখন কলেজৰ পৰাই জেনেৰেল চাৰ্জাৰীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
উল্লেখ্য যে, এম বি বি এছ পাঠ্যক্ৰমৰ সময়ত মৰিয়ামে পাঁচটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল। ২০১৭ চনত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত একেখন কলেজতে সাধাৰণ অস্ত্ৰোপচাৰৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০১৯ চনত ইংলেণ্ডৰ ৰয়েল কলেজ অৱ চাৰ্জনৰ পৰা এম আৰ চি এছ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু ২০২০ চনত  ডিপ্লমা অৱ নেচনেল বোৰ্ডৰ পাঠ্যক্ৰম কৰিছিল। 
 
এইটো ভাৰতৰ বিশেষজ্ঞ চিকিৎসকক প্ৰদান কৰা এক বিশেষ স্নাতকোত্তৰ ডিগ্ৰী। ২০২০ বৰ্ষৰ নীট এছ এছ পৰীক্ষাত শীৰ্ষ নম্বৰ লাভ কৰাৰ পিছত মৰিয়ামে ওছমানিয়া মেডিকেল কলেজত এম চি এইছ- ত বিনামূলীয়াকৈ নামভৰ্তিৰ অনুমতি লাভ কৰিছিল। 
 
মৰিয়ামে  কয় যে মোৰ সফলতা আল্লাহৰ পৰা পোৱা এক বিশেষ উপহাৰ আৰু এতিয়া এই উপহাৰ দায়িত্বলৈ পৰিণত হৈছে। মই নিজৰ পেছাৰ জৰিয়তে সমাজখনক সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিম। মুছলমান যুৱতীসকলক এক বাৰ্তা প্ৰেৰণ কৰি তেওঁ কয়,  "কেতিয়াও হাৰ মানিব নালাগে, কেতিয়াও কাকো ক'ব দিব নালাগে যে আপুনি এইটো কৰিব নোৱাৰে। আপুনি সফলতা লাভ কৰি সকলোকে ভুল প্ৰমাণিত কৰক।"
 
মৰিয়মৰ মাতৃ এগৰাকী অকলশৰীয়া মাতৃ আৰু এগৰাকী শিক্ষয়িত্ৰী। মৰিয়ামক লৈ তেওঁৰ মাতৃয়ে গৌৰৱ কৰে। অধ্যয়নৰ উপৰিও মৰিয়মে চিত্ৰকলা, কেলিগ্ৰাফী আৰু ইছলামিক শিক্ষাৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাইছে। 
 
মৰিয়ামৰ অবিৰত কঠোৰ পৰিশ্ৰমে সফলতাৰ পথত অহা প্ৰতিটো বাধা অতিক্ৰম কৰাত সহায় কৰিছে। ডাঃ মৰিয়াম আফিফা আনছাৰী ভাৰতৰ নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা।