কাশ্মীৰৰ যুৱপ্ৰজন্ম ড্ৰাগছৰ কোৰাল গ্ৰাসৰ পৰা উদ্ধাৰৰ বাবে ডাঃ মহম্মদ মুজাফ্ফৰ খানৰ যুদ্ধ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ডাঃ মহম্মদ মুজাফ্ফৰ খান
ডাঃ মহম্মদ মুজাফ্ফৰ খান
এহচান ফাজিলি / শ্ৰীনগৰ
 
কাশ্মীৰ উপত্যকাত যোৱা ১৫ বছৰত নিচাজাতীয় ঔষধকে ধৰি ব্ৰাউন চুগাৰ, কোকেইন আৰু হেৰোইন আদি নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি প্ৰায় ৬ লাখ যুৱপ্ৰজন্ম ড্ৰাগ আসক্ত হৈ পৰিছে। আনুষ্ঠানিকভাৱে স্বীকৃত এই পৰিসংখ্যাই শ্ৰীনগৰৰ যুৱ উন্নয়ন আৰু নিচা মুক্তি কেন্দ্ৰৰ (ৱাই ডি আৰ চি) সঞ্চালক ডাঃ মহম্মদ মুজাফ্ফৰ খানৰ বাবে এক নতুন সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ কয়, "কাশ্মীৰত বৃহৎ সংখ্যক কিশোৰী আৰু যুৱতীয়ে ড্ৰাগছ সেৱন কৰি আছে। মই প্ৰতি মাহে ৩ ৰ পৰা ৪ গৰাকী ড্ৰাগ আসক্ত মহিলা ৰোগীৰ চিকিৎসা কৰি আছোঁ।"
 
ৱাই ডি আৰ চি হৈছে জম্মু আৰু কাশ্মীৰ আৰক্ষীৰদ্বাৰা পৰিচালিত কাশ্মীৰৰ সৰ্ববৃহৎ নিচা মুক্তি কেন্দ্ৰ। এই কেন্দ্ৰৰ বিশাল চৌহদ শ্ৰীনগৰৰ ঈদগাহলৈ সিচঁৰিত হৈ আছে। যিয়ে ২০০৮ চনৰ পৰা ড্ৰাগছৰ প্ৰতি আসক্ত যুৱকসকলক সহায় কৰি আহিছে। ক্লিনিকেল চাইকোলজিষ্ট ডাঃ খান এই কেন্দ্ৰৰ আৰম্ভণিৰ পৰাই ইয়াৰ সৈতে জড়িত হৈ আছে। 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ খানে কয় যে তেওঁৰ ওচৰলৈ অহা বহু ৰোগীয়ে ব্যৱহাৰ কৰা ব্যয়বহুল নিচাজাতীয় দ্ৰব্য উত্তৰ ভাৰতৰ কোনো ঠাইতে প্ৰস্তুত কৰা নহয়। এই নিচাজাতীয় দ্ৰব্যই ১৭ ৰ পৰা ৩৩ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ স্বাস্থ্যৰ লগতে কাশ্মীৰৰ ঘৰুৱা অৰ্থনীতিও ধ্বংস কৰি পেলাইছে।  
ডাঃ মহম্মদ মুজাফ্ফৰ খানে কয়, "আৰম্ভণিতে, কাশ্মীৰৰত যুৱসকলে নিচাজাতীয় দ্ৰব্য প্ৰতি আসক্ত নাছিল। কিন্তু যোৱা ১৪ বছৰত কাশ্মীৰত ব্যাপকভাৱে এই আসক্তই গা কৰি উঠিছে।" তেওঁ কয় যে যোৱা ১৪ বছৰত সমাজখনে স্বীকাৰ কৰিছে যে যুৱসকলৰ মাজত ড্ৰাগৰ আসক্তি এক সমস্যা হৈ পৰিছে।  
 
যুৱ উন্নয়ন আৰু নিচা মুক্তি কেন্দ্ৰ, শ্ৰীনগৰ
 
ৱাই ডি আৰ চি হৈছে চৰকাৰৰদ্বাৰা মুকলি কৰা প্ৰথম নিচা মুক্তি কেন্দ্ৰ। এই কেন্দ্ৰৰ উপ-কেন্দ্ৰসমূহো বিভিন্ন স্থানত যেনে শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এছ এম এইচ এছ চিকিৎসালয়, পুলৱামা, শ্বপিয়ান, অনন্তনাগ, বুদগাম আৰু কাশ্মীৰৰ বান্দিপুৰ জিলাৰ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হৈছে। 
ডাঃ মুজাফ্ফৰ খানে কয়, "অৱশ্যে, কাশ্মীৰত নিচাজাতীয় দ্ৰব্য সেৱন কৰা লোকৰ সংখ্যা এতিয়াও হ্ৰাস হোৱা নাই। বৰ্তমান চিকিৎসকসকলৰ বাবে মুখ্য প্ৰত্যাহ্বান হৈ পৰিছে হেপাটাইটিছ চি সংক্ৰমণ আৰু অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন ফলত হোৱা মৃত্যুৰ ঘটনা।" তেওঁ কয় যে হেৰোইনৰ প্ৰতি আসক্তসকলে যুৱক যুৱতী সকলে ব্যয়বহুল ড্ৰাগৰ খৰচ পূৰণ কৰিবলৈ প্ৰায়ে অপৰাধমূলক কাম কৰা দেখা যায়। তেওঁলোকে নিচাজাতীয় দ্ৰব্য ক্ৰয় কৰাৰ বাবে যিকোনো প্ৰকাৰে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।
তেওঁ লগতে কয়, "আন এক প্ৰত্যাহ্বান হ'ল নিচাজাতীয় দ্ৰব্য সেৱন কৰা যুৱতীসকল। নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত যুৱতী তথা মহিলাসকলেও চিকিৎসা গ্ৰহণৰ বাবে ওলাই আহিছে। প্ৰতি মাহে কমেও তিনি বা চাৰিগৰাকী যুৱতীয়ে ৱাইডি নিচা মুক্তি কেন্দ্ৰত চিকিৎসাৰ বাবে প্ৰতিবেদন দিয়ে।" 
 
ডাঃ খানে অনুভৱ কৰে যে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ চিকিৎসাৰ বাবে কাশ্মীৰত অধিক নিচা মুক্তি কেন্দ্ৰৰ প্ৰয়োজন। তেওঁ কয়, "ড্ৰাগ নিচা মুক্তি কেন্দ্ৰৰ স্থাপন কৰাটো সহজ নহয়... ইয়াৰ বাবে বেচৰকাৰী সংগঠন, আৰক্ষী, ব্যক্তিগত খেলুৱৈ আৰু চিকিৎসা মহাবিদ্যালয়সমূহ আগবাঢ়ি আহিব লাগে।"   
 
ৱাই ডি আৰ চিৰ দ্বাৰা ঔষধৰ ওপৰত সজাগতা শিবিৰ (সৌজন্য:ফেচবুক ৱাই ডি আৰ চি)
 
তেওঁ কয়, "অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত হোৱা মৃত্যু ৰোধ কৰিবলৈ আমাক কেৱল জৰুৰীকালীন  চিকিৎসা সেৱাৰ প্ৰয়োজন।" কাশ্মীৰৰ তিনিখন অতি পুৰণি চিকিৎসা মহাবিদ্যালয়ত এতিয়ালৈকে এনে সুবিধাৰ ব্যৱস্থা কৰা হোৱা নাই। আনকি বহু পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰ-কন্যাসকলক নিচা মুক্তি কেন্দ্ৰলৈ আহি ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰাৰ ফলত চিকিৎসা গ্ৰহণৰ পৰা আঁতৰি থাকিব লগীয়া হৈ আহিছে।" 
খানে স্বীকাৰ কৰিছে যে ড্ৰাগৰ আসক্তি হ্ৰাস কৰাটো ব্যয়বহুল হয় আৰু সেয়েহে প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিব লাগিব। এই সমস্যাটোৰ মোকাবিলা কৰিবলৈ, ডাঃ খানে লোকসকলৰ মাজত প্ৰতিৰোধ আৰু চিকিৎসাৰ ওপৰত সজাগতা বিয়পাবলৈ "অঘাজ" (এক নতুন জীৱনৰ দিশত) শীৰ্ষক এক প্ৰচেষ্টা আৰম্ভ কৰিছে।  
২০০৮ চনত শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত (পি চি আৰ) জে এণ্ড কে আৰক্ষীয়ে নিচা মুক্তি কেন্দ্ৰৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা ডাঃ খান ৱাই ডি আৰ চিৰ সৈতে জড়িত হৈ আছে। তেওঁ এছিয়াৰ মুখ্য প্ৰতিষ্ঠান ৰাঁচীৰ মনোৰোগ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ক্লিনিকেল চাইকোলজী বিশেষজ্ঞৰ ডিগ্ৰি আহৰণ কৰিছিল। 
 
ৱাই ডি আৰ চিৰ ভিতৰৰ ৰোগীসকলে শৰীৰ চৰ্চা কৰিছে
 
এজন পেছাদাৰী চিকিৎসক হিচাপে তেওঁ স্থানীয় যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগৰ ব্যাপক আসক্তিৰ লক্ষণবোৰ অতি সোনকালে উপলব্ধি কৰিছিল আৰু পিছত শ্ৰীনগৰত এখন ক্লিনিক স্থাপন কৰিছিল। অৱশ্যে, এই  ক্লিনিকখনে বিভিন্ন সামাজিক কাৰণত ৰোগীসকলক আকৰ্ষিত কৰিব পৰা  নাছিল।
ডাঃ খানে কয়, "পিছত, নিচাজাতীয় দ্ৰব্যৰ ভয়াবহতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত নিদানিক মনোবিজ্ঞানৰ ভূমিকাৰ ওপৰত সংশ্লিষ্ট চিকিৎসকৰ এটা গোটে আয়োজিত এক আলোচনাচক্ৰৰ পিছত এক পদক্ষেপ গ্ৰহন কৰিছিল, যিয়ে মোৰ প্ৰচেষ্টাক নতুন উৎসাহ প্ৰদান কৰিছিল। ড্ৰাগছৰ অপব্যৱহাৰৰ বলি হোৱা বহু যুৱক-যুৱতী এই ঠাইবোৰত আগবাঢ়ি আহিছিল। ফলত প্ৰথমতে শ্ৰীনগৰৰ পি চি আৰত নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছিল।"
কেন্দ্ৰটো পি চি আৰৰ প্ৰাৰম্ভিক ১০ ৰ পৰা ২৫ খন বিচনালৈ বৃদ্ধি হৈছিল। যি অৱশেষত ঈদগাহত ৱাই ডি আৰ চিৰ এক বৃহৎ প্ৰকল্পৰ আকাৰ লৈছিল। ডাঃ খানে কয়, "পি চি আৰত কেন্দ্ৰটো অনুপযুক্ত অৱস্থানত থকা স্বত্বেও বহুলোকে সহায় বিচাৰি কেন্দ্ৰলৈ আহিছিল।"
 
এজন ৰোগীৰ সৈতে ডাঃ মহম্মদ মুজাফ্ফৰ খান
 
চৰকাৰে কেন্দ্ৰটোৰ বাবে ঈদগাহৰ পাঁচ কানাল মাটি আৱণ্টন দিছিল আৰু ৭ কোটি টকাৰ কেন্দ্ৰীয় সহায়ত এইচ আই আৰ ডি চি স্থাপন কৰা হৈছিল। যিয়ে হাজাৰ হাজাৰ লোকক স্বাভাৱিক জীৱনলৈ ঘূৰি অনাত সহায় কৰিছে।