প্ৰযুক্তিৰ সহায়ত সমাজলৈ সেৱা আগবঢ়োৱা হায়দৰাবাদৰ ছুহা জুবাইৰে লাভ কৰিলে সন্মানীয় ডায়েনা বঁটা

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ছুহা জুবাইৰ
ছুহা জুবাইৰ
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
ছুহা জুবাইৰ নামৰ হায়দৰাবাদৰ এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে সমাজত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনাৰ ক্ষেত্ৰত ব্যতিক্ৰমী দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে ২০২৩ চনৰ সন্মানীয় 'ডায়েনা বঁটা' লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৯৯ চনত ৱেলছৰ প্ৰয়াত ৰাজকুমাৰী ডায়েনাৰ নামেৰে নামাকৰণ কৰা এই বঁটাটো ৱেলছৰ এইচ আৰ এইচ দ্য প্ৰিন্স অৱ ৱেলছ আৰু দ্য ড্যুক অৱ ছাচেক্স উভয়ৰে সমৰ্থনত একে নামৰ চেৰিটিয়ে প্ৰদান কৰে। মানৱীয় কামৰ বাবে যুৱ  প্ৰজন্মৰ প্ৰতিনিধিক আগবঢ়োৱা এয়া অন্যতম সন্মানীয় বঁটা।
 
যিকোনো প্ৰকাৰৰ সামাজিক কাম-কাজৰ বাবে ৯ৰ পৰা ২৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীক ডায়েনা বঁটাৰ বাবে বাছনি কৰা হয়। 
বৰ্তমান NEETৰ বাবে প্ৰস্তুতি চলাই থকা ছুহা জুবাইৰে শিশুৰ শৰীৰত দেখা দিয়া ষ্ট্ৰেবিজমাছ ৰোগ চিনাক্ত কৰা আৰু এই ৰোগৰ পৰা শিশুক আৰোগ্য কৰাত সহায়ক হোৱাকৈ এটা অভিনৱ ধৰণৰ এপ প্ৰস্তুত কৰিছে। ‘Strabi-cure’ৰ নামৰ যুগান্তকাৰী এপটোৰ বাবে যুৱতীগৰাকীয়ে এই সন্মানীয় বঁটা লাভ কৰিছে।
 
উল্লেখ্য যে, ছুহাৰ ভাতৃৰ শৰীৰত ষ্ট্ৰেবিজমাছ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ দেখিবলৈ পোৱা গৈছিল আৰু এই ৰোগ নিৰ্ণয় কৰিবলৈ চিকিৎসকক চাৰি মাহৰ প্ৰয়োজন হৈছিল। ৰোগ চিনাক্ত কৰাত পলম হোৱাত তেওঁৰ ভাতৃ অন্ধ হোৱাৰ উপক্ৰম ঘটিছিল। ইয়াৰ পিছত ছুহাই ২০১৮ চনত ষ্ট্ৰেবি-কিউ এপছৰ কাম আৰম্ভ কৰে। এপছটোৰ সহায়ত তেওঁ মাত্ৰ ৯ বছৰ বয়সতে এজন বন্ধুক এই ৰোগ চিনাক্ত কৰাত সহায় কৰিছিল। মানুহক ৰোগৰ পৰা উদ্ধাৰত সহায় কৰি এইদৰে ছুহা জুবাইৰ নামৰ প্ৰতিভাৱান কিশোৰীগৰাকীয়ে কম বয়সতে মানৱপ্ৰেম আৰু মমতাৰ পৰিচয় দিছিল।  
 
চুহাই প্ৰটোটাইপ পৰীক্ষা কৰি আছে
 
মানৱপ্ৰেমৰ প্ৰতি থকা নিজৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ ফলত তেওঁ এতিয়ালৈকে সমাজৰ ৫০ টাতকৈও অধিক শিশুক উপযুক্ত চিকিৎসা লাভ কৰাত সহায় কৰিছে আৰু পলমকৈ ধৰা পৰাৰ বিপদৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে।
 
বঁটা অৰ্জনৰ পিছত ছুহাই সংবাদ মাধ্যমক কয়, “দ্য ডায়েনা বঁটাৰে সন্মানিত হোৱাটো মোৰ জীৱনৰ এক উল্লেখযোগ্য কৃতিত্ব। এই স্বীকৃতিয়ে মোক মানৱতাৰ ওপৰত ইতিবাচক প্ৰভাৱ অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰাই নহয়, ভালৰ বাবে ৰূপান্তৰকাৰী হ’বলৈও প্ৰেৰণা যোগাইছিল।”
 
চুবুৰীৰ কোনো শিশুৱে চকুৰ কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি সেই সন্দৰ্ভত উদ্যোগ লোৱা ছুহাই ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃক চকুৰ সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ সজাগতাৰ সৃষ্টি কৰি আহিছে। ছুহাই কয় যে শিশুসকলক চকুৰ দৃষ্টিশক্তি উন্নত কৰি ৰখাত সহায় কৰাটোৱেই তেওঁৰ প্ৰধান লক্ষ্য। 
 
এই অসাধাৰণ কৃতিত্বৰ জৰিয়তে ছুহাই অসংখ্য বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ডাইমণ্ড চেলেঞ্জত ‘Gore Innovation Award of Excellence in Social Innovation’। ছুহাক শীৰ্ষ ২৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত ২০১৯ চনৰ আদি শংকৰ যুৱ বিজ্ঞানী বঁটাৰেও সন্মানিত কৰা হৈছিল। লগতে এ এফ এছ গ্ল’বেল অনলাইন আইডিয়াথনতো তেওঁ অংশগ্ৰহণ কৰিছিল।