টাইৱানৰ কোম্পানীত সংস্থাপনৰ সুযোগ পাব জামিয়া মিলিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
চুক্তি স্বাক্ষৰৰ সময়ত উভয় পক্ষৰ বিষয়াসকল
চুক্তি স্বাক্ষৰৰ সময়ত উভয় পক্ষৰ বিষয়াসকল
 
নতুন দিল্লী

জামিয়া মিলিয়া ইছলামিয়া (জেএমআই)ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে টাইৱানৰ কোম্পানীসমূহত চাকৰিৰ সুযোগ মুকলি হ’ব। এই উদ্দেশ্যেৰে ভাৰতৰ জামিয়া আৰু টাইৱান অৰ্থনৈতিক সাংস্কৃতিক কেন্দ্ৰ (টিইচিচি)ৰ সৈতে এক চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনত মেণ্ডেৰিন চীনা ভাষাৰ পাঠদান আৰু শিক্ষণৰ বাবে শৈক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী হ’ব।

এই বুজাবুজি চুক্তিয়ে জামিয়া আৰু টাইৱানৰ অন্যান্য প্ৰধান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত অংশীদাৰিত্ব অধিক বৃদ্ধিৰ পথ প্ৰশস্ত কৰিব। জামিয়া মিলিয়াৰ পঞ্জীয়ক অধ্যাপক নাজিম হুছেইন আল জাফ্ৰি আৰু নতুন দিল্লীৰ টিইচিচিৰ শিক্ষা বিভাগৰ সঞ্চালক পিটাৰ্ছ চেনে জামিয়া মিলিয়াৰ অধ্যাপক নাজমা আখতাৰ আৰু ভাৰতৰ টাইৱান অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ ৰাষ্ট্ৰদূত বাওছুয়ান গেৰৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

এই উপলক্ষে ৰাষ্ট্ৰদূত গেৰে মেণ্ডেৰিন চীনা ভাষা শিকিলে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিবলগীয়া সুযোগ আৰু সম্ভাৱনাৰ বিষয়ে কয়। কোৱা হৈছে যে এই চুক্তিৰ পিছত টাইৱানৰ ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে সংস্থাপন পাব, যিবোৰে ভাৰতত বিনিয়োগৰ সুযোগ বিচাৰিছে। অধ্যাপক নাজমা আখতাৰে জ্ঞান আৰু উদীয়মান প্ৰযুক্তিৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হোৱাৰ বাবে টাইৱান চৰকাৰৰ সহায়ত জামিয়াত এটা টাইৱান অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত মানৱীয় আৰু ভাষা অনুষদৰ ডীন, প্ৰভাৰী-বিদেশী ভাষা বিভাগ আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰে। এই সময়ত অতিথিসকলক স্মৃতিগ্ৰন্থ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।