ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ বাবে ২ লাখ টকা : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী

Story by  atv | Posted by  [email protected] • 3 Months ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
ভাৰতৰ ৭৭তম স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই স্বাধীনতা সেনানীক সোঁৱৰি তেওঁ অসমবাসীক সম্বোধনেৰে বিভিন্ন কথা ব্যক্ত কৰে।
 
 
এই বছৰ ভিতৰত ৩০০ কাৰ্যালয় অনলাইন কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি স্বাধীনতা দিৱসৰ নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
 
৩ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ একেদিনাই দিয়া হৈছে আৰু এইবছৰৰ শেষৰ ফালে ৬ লাখ লোকক একেদিনাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ’ব।
 
২৮ আগষ্টৰ পৰা তিনি ছেপ্টেম্বৰ ভিতৰত মালিগাঁও উৰণীয়া সেতু মুকলি হ’ব। আনহাতে, দুৰ্গা পূজাৰ পূৰ্বে জু ৰোডৰ ফ্লাই অভাৰ মুকলি কৰা হ’ব বুলিও জনালে মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি, অহা বছৰৰ বিহুৰ আগে পিছে উত্তৰগুৱাহাটী-গুৱাহাটী ফ্লাই অভাৰ মুকলি হ’ব বুলি তেওঁ উল্লেখ কৰে।
 
অৰুণোদয় আঁচনি এই বছৰৰ ভিতৰত ১৪০০ লৈ বৃদ্ধি কৰা হ’ব। অৰ্থাৎ ২৭ লাখ হিতাধীকাৰীলৈ এই আঁচনি বৃদ্ধি কৰা হ’ব। দুই লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে দুই লাখ টকাকৈ দিয়া হ’ব।
 
মুখ্যমন্ত্ৰীয়ে কয় যে,  ভাৰতৰ অৰ্থনীতি ২০১৪ চনলৈ বিশ্বৰ ভিতৰত দশম স্থান লাভ কৰিছিল। বৰ্তমান মোদী চৰকাৰৰ নেতৃত্বত ভাৰতৰ অৰ্থনীতিয়ে পঞ্চম স্থান লাভ কৰিছে আৰু  ২০২৫ চনৰ ভিতৰত ইয়াক তৃতীয় স্থানলৈ অহাৰ লক্ষ্য কৰিছে প্ৰধানমন্ত্ৰীয়ে।
 
কেন্দ্ৰীয় চৰকাৰৰ ডিভাইন আঁচনিয়ে উত্তৰ পূবক অনন্য গতি দিছে। ইয়াৰোপৰি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত উত্তৰ-পূবত অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।
 
বিগত তিনিটা বছৰত কাৰ্বি শান্তি চুক্তি, বড়ো শান্তি চুক্তি, ডিমাছা শান্তি চুক্তি, আদবাসী শান্তি চুক্তিকে ধৰি চাৰিখন শান্তি চুক্তি সমন্ন হৈছে।
 
আনহাতে, ৮০০০ উগ্ৰপন্থী সদস্য মূলসুঁতিলৈ উভতি অহাৰ বিষয়ে তেওঁ জনায়। বোমা গুলি বাৰুদ নাইকীয়া হৈ আহিছে। অসমত AFSPA প্ৰয়োগ আমাৰ চৰকাৰ অহাৰ আগত ৬২বাৰ বলৱৎ হৈছিল বুলি নিজ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।  তেওঁ জনায় যে, এতিয়া ৰাজ্যত অশান্ত অঞ্চল হ্ৰাস কৰি ৮টা অঞ্চলত সীমিত কৰা হৈছে।
 
ইয়াৰোপৰি তেওঁ কয় যে, উত্তৰ পূৱৰ ৰে’লৱেৰ বাবে ভাৰত চৰকাৰে ১০ হাজাৰ ৯৬৯ কোটি টকা ধাৰ্য কৰা হৈছে। বিনিয়োগৰ বহুকেইখন চুক্তিও সম্পাদিত হৈছে। আত্মনিৰ্ভৰ অসমৰ বাবে যুৱচাম আগবাঢ়িব লাগিব বুলিও আহ্বান জনায়।
 
কৃষকক ধান ক্ৰয়ৰে ৰাজ্য চৰকাৰে সকাহ দিয়াৰ কথা কৈ ৯ লাখ লোক কৃষক উন্নয়ন নিধিৰ ধন লাভ কৰিছে বুলি ব্যক্ত কৰে। ৬টা মিল্ক প্ৰচেছিং ইউনিটেৰে প্ৰতি দিনে ১০লাখ লিটাৰ গাখীৰ উৎপাদনৰ দিশত অসম সফল হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
 
ভূমিৰ লগত জড়িত মধ্যভুগিক নাইকিয়া কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত ৮ লাখ ভূমিৰ আৱেদন আৰু দ্বিতীয় বাৰত ১৩ লাখ আৱেদন নিস্পত্তি কৰিছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই ব্যক্ত কৰে।