অদম্য মনোবল আৰু প্ৰবল ইচ্ছাশক্তিৰ যাদু; দুয়োখন হাত নথকা শীতল দেৱীয়ে দেশলৈ কঢ়িয়ালে ৩টাকৈ পদক

Story by  atv | Posted by  [email protected] • 8 Months ago
দুয়োখন হাত নথকা শীতল দেৱীয়ে ভৰিৰে লক্ষ্য ভেদৰ বাবে সাজু হৈছে
দুয়োখন হাত নথকা শীতল দেৱীয়ে ভৰিৰে লক্ষ্য ভেদৰ বাবে সাজু হৈছে
 
নতুন দিল্লী

অদম্য মনোবল আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে মানুহে কি কৰিব নোৱাৰে ! দুয়োখন হাত নথকা সত্ত্বেও সপোন দেখিবলৈ ভয় নকৰা ১৬ বছৰীয়া ধনুৰ্বিদ শীতল দেৱীয়ে হাজাৰ বাধা অতিক্ৰম কৰি এছিয়ান পেৰা গেমছত অসাধ্য সাধনেৰে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছে। 
 
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ লয়ধৰ গাঁৱৰ প্ৰতিভাৱান যুৱতীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী হাতবিহীন মহিলা ধনুৰ্বিদ হিচাপে এছিয়ান পেৰা গেমছত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে। চীনৰ হাংঝোত অনুষ্ঠিত প্ৰতিযোগিতাখনত তেওঁ তিনিটা পদক অৰ্জনেৰে উজলি উঠিছে।
 
মহিলা ডাবলছ কম্পাউণ্ডত ৰূপৰ পদক লাভ কৰাৰ পিছত শীতলে মিক্সড ডাবলছ আৰু মহিলাৰ ব্যক্তিগত শাখাত দুটা সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। জন্মতে ফ’ক’মেলিয়া নামৰ এক বিৰল প্ৰজাতিৰ জন্মগত বিকাৰত ভূগা শীতলে প্ৰথম অৱস্থাত ধনুখনো ভালদৰে তুলিব পৰা নাছিল। কিন্তু, দুমাহমান অনুশীলন কৰাৰ পিছত তেওঁৰ বাবে এয়া সহজ হৈ পৰে। 
“মোৰ পিতৃ-মাতৃৰ মোৰ ওপৰত অগাধ বিশ্বাস আছিল। গাঁৱৰ বন্ধুসকলেও মোক সহায় কৰিছিল। মোৰ হাত নাই বুলি গম পোৱাৰ সময়ত মানুহৰ মুখৰ চাৱনিটো মোৰ ভাল লগা নাছিল। এই পদকবোৰেৰে মই ইয়াৰ প্ৰমাণ দিছো যে হাত নাথাকিলেও মই বিশেষ। এই পদকসমূহ কেৱল মোৰ নহয়, সমগ্ৰ দেশৰ।’-শীতল দেৱীয়ে কয়।
 
উল্লেখ্য যে, স্কুললৈ যোৱা এগৰাকী সাধাৰণ ছোৱালীৰ পৰা এছিয়ান পেৰা গেমছৰ পদক বিজয়ী খেলুৱৈলৈ শীতলৰ ৰূপান্তৰৰ কাহিনী আৰম্ভ হৈছিল ২০২১ চনত কিষ্টৱাৰত ভাৰতীয় সেনাবাহিনীয়ে আয়োজন কৰা এক বাছনি শিবিৰৰ পৰা। তাত শীতলে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে  স্কাউটৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁক কৃত্ৰিম হাত এখন দিবলৈ তেওঁলোকে বেংগালুৰুৰ মেজৰ অক্ষয় গিৰীশ মেম’ৰিয়েল ট্ৰাষ্টৰ ওচৰ চাপিছিল, যিয়ে পাছলৈ বিং ইউ নামৰ অনলাইন প্লেটফৰ্মৰ সৈতে যোগাযোগ কৰিছিল।
 
 
অৱশ্যে কৃত্ৰিম হাতখন তেওঁৰ শৰীৰত ফিট নহ’ল আৰু শীতলৰ ক্ৰীড়া কেৰিয়াৰ অকালতে শেষ হৈ যোৱাৰ আশংকাৰ সৃষ্টি হৈছিল। “যেতিয়া আমি শীতলক দেখিলোঁ, তেতিয়া আমি অনুভৱ কৰিলোঁ যে কৃত্ৰিম হাতখনে তেওঁৰ শৰীৰত কাম নকৰে। তেতিয়া এনে লাগিছিল যে শীতলক লৈ তেওঁলোকে দেখা সকলো আশা শেষ হৈ গ'ল।’-বিং ইউৰ সহ-প্ৰতিষ্ঠাপক প্ৰীতি ৰায়ে কয়।
 
কিন্তু তেওঁলোকে আশা হেৰুওৱা নাছিল। ঘৰলৈ উভতি অহাৰ পিছত শীতলক ভৰি আৰু শৰীৰৰ ওপৰৰ অংশ ব্যৱহাৰ কৰি গছত উঠাৰ চেষ্টা চলায়। ‘স্প’ৰ্টছ ফিজিঅ’থেৰাপিষ্ট শ্ৰীকান্ত আয়েংগাৰে কৰা এটা মূল্যায়নত দেখা গ’ল যে তেওঁৰ শৰীৰৰ ওপৰৰ অংশটো অতি শক্তিশালী। গছত উঠা পৰীক্ষাত শীতলে ১০ৰ ভিতৰত ৮.৫ লাভ কৰিছিল।’-ৰায়ে কয়। তাৰ পিছত আয়েংগাৰে আৰ্চাৰী, সাঁতোৰ আৰু দৌৰক শীতলে ক্ৰীড়া কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব পাৰে বুলি পৰামৰ্শ দিছিল।
ইয়াৰ পিছতে কাট্ৰাৰ শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ড স্প'ৰ্টছ কমপ্লেক্সত শীতলৰ আৰ্চাৰীৰ অনুশীলন আৰম্ভ হয়। 
 
শীতলে কয় যে পিতৃ-মাতৃয়ে তেওঁক আৰু তেওঁৰ দুই ভাই-ভনীক ডাঙৰ কৰিবলৈ যিদৰে কঠোৰ পৰিশ্ৰম কৰিছিল, সেইবোৰ দেখি তেওঁ নিজৰ নাম উজলাবলৈ বদ্ধপৰিকৰ হৈছিল। “দেউতাই গোটেই দিনটো ধান-শাক-পাচলিৰ ফাৰ্মত কাম কৰিছিল, আৰু মায়ে আমাৰ পৰিয়ালৰ তিনি-চাৰিটা ছাগলী চোৱা-চিতা কৰিছিল। দেউতাই যি উপাৰ্জন কৰে, পৰিয়ালত খৰচ হয়; সঞ্চয় বুলিবলৈ আমাৰ একোৱে নাছিল।’-হাত অবিহণে আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰীত অংশ লোৱা প্ৰথমগৰাকী মহিলা ক্ৰীড়াবিদ শীতলে কয়। 
 
এছিয়ান পেৰা গেমছত উজলি উঠাৰ পূৰ্বে শীতলে চলিত বৰ্ষৰ আৰম্ভণিতে চেক গণৰাজ্যৰ পিলচেনত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল। ফাইনেলত তুৰস্কৰ অজনুৰ কিউৰৰ হাতত তেওঁ পৰাস্ত হয় যদিও বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা প্ৰথমগৰাকী হাতবিহীন মহিলা ধনুৰ্বিদ হিচাপে পৰিগণিত হয়।
ইফালে, দেশৰ সকলো ক্ষেত্ৰৰ প্ৰতিভাৰ শলাগ লোৱা আৰু তেওঁলোকক উৎসাহিত কৰি অহা মহিন্দ্ৰা গোটৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই এছিয়ান পেৰা গেমছত ভাৰতৰ হৈ একাধিক সোণৰ পদক লাভ কৰা ১৬ বছৰীয়া ধনুৰ্বিদ শীতল দেৱীক ভূয়সী প্ৰশংসা কৰিছে।
 
খেলুৱৈগৰাকীৰ অদম্য মনোবলৰ পৰা তেওঁ গভীৰভাৱে অনুপ্ৰাণিত বুলি উল্লেখ কৰি মহিন্দ্ৰাই ঘোষণা কৰে যে শীতল দেৱীয়ে মহিন্দ্ৰাৰ যিকোনো এখন গাড়ী বাছি ল’ব পাৰে। এই বাহনখন তেওঁলোকে খেলুৱৈগৰাকীৰ প্ৰয়োজনীয়তা অনুসৰি কাষ্টমাইজ কৰিব বুলি আনন্দ মহিন্দ্ৰাই প্ৰকাশ কৰে।