দূৰ্গম অঞ্চলত ইণ্টাৰনেট অবিহণে যোগাযোগ স্থাপন কৰিব পৰা এপছ উদ্ভাৱন, মনছুৰ আখতাৰ বৰভূঞালৈ ৰাষ্ট্ৰীয় স্বীকৃতি

Story by  atv | Posted by  [email protected] • 1 Years ago
মনছুৰ আখতাৰ বৰভূঞা আৰু সুৰজিৎ ফুকন
মনছুৰ আখতাৰ বৰভূঞা আৰু সুৰজিৎ ফুকন
 
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি

ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ (National Informatics Center)ৰ দুগৰাকী বিজ্ঞানী ক্ৰমে মনছুৰ আখতাৰ বৰভূঞা আৰু সুৰজিৎ ফুকনে ২০২৩ চনৰ সন্মানীয় Economic Times Government DigiTech Awards 2023 লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁলোকক ক্ৰমে পৃথক শাখাত স্বৰ্ণ আৰু ৰূপৰ বঁটাৰে সন্মানিত কৰা হয়।
 
মনছুৰ আখতাৰ বৰভূঞাই প্ৰস্তুত কৰা প্ৰথমটো প্ৰকল্পই ভৌগোলিকভাৱে প্ৰত্যাহ্বানজনক দূৰ্গম অঞ্চলত যোগাযোগৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে, সুৰজিৎ ফুকনৰ দ্বিতীয়টো প্ৰকল্পত নদীৰ পানীৰ স্তৰ স্বয়ংক্ৰিয়ভাৱে নিৰীক্ষণ কৰা হৈছে। প্ৰতিভাৱান বিজ্ঞানী মনছুৰ আখতাৰ সম্প্ৰতি হাইলাকান্দি আৰু সুৰজিৎ ফুকন ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰত কৰ্মৰত।
 
গোৱাত অনুষ্ঠিত Economic Times Government DigiTech বঁটা প্ৰদান অনুষ্ঠানত তেওঁলোকৰ হৈ ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক তথ্য বিজ্ঞান বিষয়া তথা উপ-সঞ্চালক প্ৰধান কবিতা ৰায় দাসে এই বঁটা গ্ৰহণ কৰে।
 
বঁটা প্ৰদান অনুষ্ঠানত কবিতা ৰায় দাস
 
মনছুৰ আখতাৰ বৰভূঞাই 'আৱাজ দ্য ভইচ'ক জনায় যে যোৱা বছৰত যেতিয়া হাফলঙত ভয়ংকৰ বানপানী হৈছিল, তেতিয়া এনে এপ তৈয়াৰ কৰাৰ কথাটো তেওঁৰ মনলৈ আহিছিল। এই ক্ষেত্ৰত তেওঁ ডিব্ৰুগড়ৰ সুৰজিত ফুকনৰ সহায় পাইছিল। তেওঁ কয় যে এনে এপৰ জৰিয়তে ইণ্টাৰনেট নেটৱৰ্ক নথকা স্থানৰ পৰা জৰুৰীকালীন সময়ত যোগাযোগ কৰিব পৰা যায়। ইয়াৰ বাবে খৰচো বহুত কম হ'ব। 
 
'ইণ্টাৰনেট অফ থিংছ'(Internet of Things) ৰ পৰা চিগনাল লৈ ইয়াক ৰেডিঅ' ফ্ৰিকুৱেন্সিলৈ পৰিৱৰ্তন কৰি কোনো তৃতীয় নেটৱৰ্কৰ সহায় অবিহনে যোগাযোগ স্থাপন পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। বৰভূঞাই কয় যে, কোনো দূৰ্যোগ অথবা জৰুৰী সময়ত যেতিয়া ইণ্টাৰনেট বন্ধ হৈ যায়, তেতিয়া এই এপ অত্যন্ত প্ৰয়োজন হৈ পৰে। 
 
ইয়াৰ আগতেও ক'ভিড-১৯ মহামাৰীৰ সময়ত বিজ্ঞানীজনে নিৰ্বাচনৰ লগত জড়িত বিষয়া কৰ্মী সকলৰ প্ৰশিক্ষণৰ বাবে 'প্ৰশিক্ষণ' নামৰ এটা এপ তৈয়াৰ কৰিছিল। এই এপটো বৰ্তমানেও গুগুল প্লে ষ্টৰত উপলব্ধ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা বি টেক পাছ কৰা মনছুৰে সৰুৰে পৰাই এনে কামত নিজকে জড়িত ৰাখিছে।