খৰি বিক্ৰী কৰি পৰিয়ালক আৰ্থিকভাৱে সকাহ দিয়া মুস্তাফা এতিয়া ৩,০০০ কোটি টকীয়া কোম্পানীৰ মালিক

Story by  atv | Posted by  Munni Begum • 4 Months ago
পি চি মুস্তাফা
পি চি মুস্তাফা
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
উদ্যোগীকৰণৰ দক্ষতা আৰু নিজৰ পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা উন্নীত কৰাৰ দুৰ্বাৰ হেঁপাহৰ ফলত পি চি মুস্তাফা নামৰ যুৱকজনে শূন্যৰ পৰা আৰম্ভ কৰা ব্যৱসায় আজি  সফলতাৰে ৩,০০০ কোটি টকাৰ ব্যৱসায়িক সাম্ৰাজ্যত পৰিণত হৈছে। শেহতীয়াকৈ ইউটিউবৰ এক সাক্ষাৎকাৰত তেওঁ শৈশৱৰ কঠিন জীৱন সংগ্ৰাম আৰু ব্যৱসায়িক উত্থানৰ সকলো কথা মুকলিকৈ আলোচনা কৰে।
 
আইডি ফ্ৰেছ ফুডছ(iD Fresh Foods)ৰ চিইঅ’ পিচি মুস্তাফাই ব্যৱসায়মুখী প’ডকাষ্ট দ্য নিয়ন শ্ব’ (The Neon Show)ত নিজৰ দূৰ্বল পাৰিবাৰিক পটভূমিৰ বিষয়ে কয়। তেওঁ কয় যে তেওঁৰ দেউতাকে প্ৰতিদিনে মাত্ৰ ১০ টকা উপাৰ্জন কৰি পৰিয়ালটো পোহপাল দিছিল।
 
মুস্তাফাই তেওঁৰ ব্ৰেণ্ড প্ৰডাক্ট দেখুৱাইছে
 
কেৰালাৰ ৱায়ানাড়ৰ নিম্ন মধ্যবিত্তীয় পৰিয়ালত ডাঙৰ-দীঘল হোৱা মুস্তাফাৰ পিতৃয়ে আগতে দৈনিক মজুৰিৰ শ্ৰমিক হিচাপে কাম কৰিছিল আৰু আদাৰ ফাৰ্মত কাম কৰি প্ৰতিদিনে মাত্ৰ ১০ টকাকৈ উপাৰ্জন কৰিছিল। ইয়াৰ ফলত মুস্তাফা আৰু তেওঁৰ ভাই-ভনীসকলে জীৱন নিৰ্বাহৰ বাবে বৰ্ণনাতীত কষ্ট কৰিবলৈ বাধ্য হৈছিল।
 
পডকাষ্টত iD Fresh Foodsৰ মূৰব্বীজনে নিজৰ গাঁৱত খৰি বিক্ৰী কৰাৰ দৰে কষ্টকৰ কাম কৰাৰ কথা বৰ্ণনা কৰে। অৱশেষত তেওঁ ১৫০ টকা সঞ্চয় কৰি প্ৰথম আৰ্থিক বিনিয়োগ কৰিবলৈ সিদ্ধান্ত লৈছিল। "মই প্ৰতিটো পইচা জমা কৰি এটা ছাগলী কিনিছিলোঁ। সেইটোৱেই আছিল মোৰ পৰিয়ালৰ প্ৰথম সম্পত্তি।"
 
মুস্তাফাৰ আই ডি ব্ৰেণ্ডৰ প্ৰডাক্ট
 
পিছত মুস্তাফাই ছাগলীটো বিক্ৰী কৰি পৰিয়ালৰ বাবে এটা গৰু কিনিছিল। তেওঁ স্মৰণ কৰে যে গৰুৰ গাখীৰৰ পৰা কিছু অতিৰিক্ত ধন উপাৰ্জন কৰি পৰিয়ালটোৱে দিনটোত তিনিবাৰকৈ আহাৰ খাবলৈ সক্ষম হৈছিল।
 
ধন সঞ্চয়েৰে তেওঁ পৰিয়ালটোৰ বাবে সৰু সৰু বিনিয়োগ কৰি যায় আৰু অৱশেষত নেচনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ত যোগদান কৰে। এন আই টিত অধ্যয়নৰ পিছত মুস্তাফাই তথ্য প্ৰযুক্তি খণ্ডত এটা চাকৰি লাভ কৰিবলৈ সক্ষম হয়। শেষত ২০০৬ চনত তেওঁ নিজাকৈ ব্ৰেকফাষ্ট ফুডছ কোম্পানী আই ডি ফ্ৰেছ ফুডছ আৰম্ভ কৰে।
 
আই ডি ফ্ৰেছ ফুডছে ক্লাউড কিচেন কোম্পানীৰ ভিতৰৰ এক দৃশ্য
 
প্ৰথম অৱস্থাত আই ডি ফ্ৰেছ ফুডছে ক্লাউড কিচেন হিচাপে আৰম্ভ কৰিছিল, য’ত ৰেডি টু ইট পেকেজড খাদ্য যোগান ধৰা হৈছিল। পিছলৈ মুস্তাফাই তেওঁৰ ব্ৰেণ্ডৰ অধীনত ইডলি আৰু ডোছা বাটাৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছিল। এয়া তেওঁৰ কোম্পানীটোৰ বাবে এটা ডাঙৰ গেমচেঞ্জাৰ হিচাপে পৰিগণিত হয়।
 
কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, "আমি ভাৰতীয়সকলে আমাৰ পেকেজড খাদ্যক বিশ্বাস নকৰো। পেকেজ ৰূপত যিকোনো বস্তুক অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। বজাৰত প্ৰডাক্টটো মুকলি কৰাৰ সময়ত আমি আচৰিত হৈছিলো, বাটাৰৰ পেকেট এটা কিনিবলৈ কোনেও ইচ্ছুক নাছিল। বজাৰলৈ ১০০টা পেকেট পঠিয়াই আমি ব্যৱসায় আৰম্ভ কৰিছিলো, কিন্তু ইয়াৰে ৯০টাই ঘূৰি আহিছিল।"
 
মাক-দেউতাকৰ সৈতে মুস্তাফা
 
কিন্তু লাহে লাহে iD Fresh Foodsৰ বিক্ৰী বৃদ্ধি পালে আৰু ই ব্ৰেকফাষ্ট ফুডছৰ এটা পৰিচিত নাম হৈ পৰিল। মুস্তাফাই কয় যে তেওঁৰ ব্ৰেণ্ডক যিটোৱে পৃথক কৰি তুলিছে সেয়া হ’ল তেওঁ প্ৰি-মেড বাটাৰত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নাছিল। ইয়াৰ ফলত মধ্যবিত্তীয় পৰিয়ালসমূহৰ মাজত ইয়াৰ গ্ৰহণযোগ্যতা ব্যাপকভাৱে বৃদ্ধি পাইছিল।