আৰিফুল ইছলাম / গুৱাহাটী
ৰাষ্ট্রীয় পৰ্য্যায়ত জিলিকিছে অসমৰ এগৰাকী প্ৰতিভাৱান কিশোৰ। যোৱা বছৰ মহামাৰী ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে পিতৃক কাঢ়ি নিয়াৰ পিছতো অদম্য মানসিক শক্তি আৰু দৃঢ়তাৰ পৰিচয় দি তেওঁ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মনোৰঞ্জনধৰ্মী টেলিভিছন চেনেল কালাৰ্ছত সম্প্ৰচাৰিত 'ডান্স দিৱানে জুনিয়ৰ' নামৰ এক ৰিয়েলিটি শ্ব'ত চমকপ্ৰদ নৃত্যশৈলীৰে সকলোৰে মন জয় কৰা কিশোৰজন হ’ল গুৱাহাটীৰ অৰুণাভ তালুকদাৰ।
জনপ্ৰিয় ৰিয়েলিটি অনুষ্ঠানটোত অডিচন ৰাউণ্ডৰ পৰা এতিয়ালৈকে বহুকেইটা দেওনা পাৰ হৈ অৰুণাভে সফলতাৰ দিশত ক্ৰমাৎ আগুৱাই যাবলৈ সক্ষম হৈছে।
বৰ্তমান তেওঁ হাৰ্ডক'ৰ-১৫লৈ উন্নীত হৈছে। প্ৰথমতে কলকাতাত অডিচনত বাচনি হোৱাৰ পিছত মুম্বাইত তেওঁ ষ্টুডিঅ’ ৰাউণ্ডত উত্তীৰ্ণ হয়। তাৰ পিছত মেগা অডিচনত সফলতাৰে কালাৰ্চ টিভিৰ 'ডান্স দিৱানে'ৰ অংশ হৈ পৰে ১০ বছৰীয়া অৰুণাভ।
গুৱাহাটীৰ জ্ঞান বিকাশ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ অৰুণাভ সৰুৰে পৰা নৃত্যৰ প্ৰতি আগ্ৰহী আছিল। ৪ বছৰ পূৰ্বে তেওঁ গুৱাহাটীৰ জু-ৰোডত অৱস্থিত 'ক'লা ষ্টেচন' নামৰ ডান্স একাডেমী এখনত যোগদান কৰি নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল।
অৰুণাভে সদায় নৃত্যৰ অনুশীলনৰ বাবে যথেষ্ট সময় দিছিল। কেনেকৈ নিজকে অধিক দক্ষ আৰু নিপুণ কৰিব পৰা যায়, তাৰ প্ৰতি কিশোৰজনে গুৰু্ত্ব আৰোপ কৰিছিল। বিভিন্ন প্ৰকাৰৰ ডান্স কৰা অৰুণাভে আণ্ডাৰ গ্ৰাউণ্ড কৰি খুৱ ভাল পায়।
ডান্স ডিৱানেত অৰুণাভ
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অৰুণাভ তালুকদাৰৰ মাতৃয়ে কয়; "অৰুণাভে নৃত্য কৰাটো আমাৰ পৰিয়ালৰ বহুতে ভাল পোৱা নাছিল। পৰিয়ালৰ সদস্য আৰু আন বহু আত্মীয়ই তাক নৃত্য শিকাৰ ক্ষেত্ৰত উৎসাহিত কৰা নাছিল। ক'ভিডৰ দ্বিতীয় ঢৌত অৰুণাভৰ দেউতাকৰ মৃত্যু হৈছিল। তেতিয়া আমাৰ আৰ্থিক অৱস্থা যথেষ্ট বেয়া আছিল। আমাৰ আৰ্থিক সংকট প্ৰত্যক্ষ কৰি সেইসময়ত বহু মানুহে অৰুণাভক আৰু নৃত্যত মনোযোগ দিব নালাগে বুলি পৰামৰ্শ দিছিল। এটা সময়ত ময়ো অৰুণাভক নৃত্য ত্যাগ কৰিবলৈ কোৱাৰ কথা চিন্তা কৰিছিলো। কাৰণ, আমাৰ পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰী অৰুণাভৰ দেউতাকৰ অকাল বিয়োগে আমাক হতাশাৰ মাজলৈ ঠেলি দিছিল।"
তেওঁ কয়; "অৰুণাভৰ ডান্সৰ শিক্ষক সুৰজ নাথ, ফাৰুক আহমেদ খান আৰু তাৰিক সাহাই আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। অৰুণাভৰ দেউতাকৰ মৃত্যু হোৱাৰ পিছতো মানসিক ভাবে আৰু আৰ্থিক ভাৱেও তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। অন্য কোনোবাই অৰুণাভক ডান্স কৰা বন্ধ কৰিব কলেও তেওঁলোকে বন্ধ কৰিব দিয়া নাছিল আৰু দেউতাকৰ মৃত্যু হোৱাৰ পিছত সম্পূৰ্ণ বিনামূলীয়াকৈ অৰুণাভক প্ৰশিক্ষণ দিছিল।"
পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অৰুণাভ
উল্লেখযোগ্য যে, কালাৰ্চ টিভিত সম্প্ৰচাৰিত ‘ডান্স দিৱানে জুনিয়ৰ’ৰ বিচাৰকৰ আসনত আছে বলিউডৰ অভিনেত্ৰী তথা জনপ্ৰিয় নৃত্যশিল্পী নুৰাহ ফাটেহি, বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী নিতু কাপোৰ আৰু কৰিঅ'গ্ৰাফাৰ মাৰ্জি। ৰিয়েলিটি শ্ব'টোৰ প্ৰতিটো খণ্ডতে অৰুণাভে নিজৰ প্ৰতিভাৰে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে আৰু তিনিওগৰাকী বিচাৰকেও অৰুণাভৰ নৃত্য প্ৰদৰ্শনক প্ৰশংসা কৰিছে।
"অৰুণাভৰ দেউতাকৰ মৃত্যু হোৱাৰ পিছত জু-ৰোডস্থিত আমাৰ ভাড়াঘৰৰ ভাড়া মোৰ মায়ে আদায় দি আছে। মোৰ পেহী আৰু পেহাই আমাক ৰেচন যোগান ধৰি আছে। মা আৰু মোৰ পেহা-পেহীয়ে মোৰ এই কঠিন সময়খিনিত যথেষ্ট সমৰ্থন আগবঢ়াইছে। দেউতাকৰ মৃত্যু হোৱাৰ পিছত অৰুণাভক ডান্স কৰাৰ বাবে বিৰোধিতা কৰাসকলে এতিয়া অৰুণাভক সমৰ্থন কৰে। অৰুণাভে নিজৰ প্ৰতিভাৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। বৰ্তমান মুম্বাইত থকা সময়ত এই শ্ব'টোৰ প্ৰডাকচনে আমাৰ থকা খোৱা সকলোবোৰ যোগান ধৰি আছে," অৰুণাভৰ মাতৃ লুপা তালুকদাৰে কয়।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood