মানসিক সমস্যাত আক্ৰান্ত ৯৫ শতাংশ যুৱক-যুৱতী

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

গুৱাহাটী

 

ইণ্টাৰনেট আৰু ম'বাইল ফোনৰ অবাধ ব্যৱহাৰে ভয়াৱহ বিপদ মাতিছে ৰাজ্যৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলৰ জীৱনলৈ। সুলভ হৈ পৰা ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰ তথা ম'বাইল ফোন প্রীতিয়ে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মানসিকতাত বিৰূপ প্ৰভাৱ পেলাইছে তথা তেওঁলোকক অভাৱনীয়ভাৱে ক্ষতি কৰিছে। এই তথ্য প্রকাশ পাইছে 'ইউনিচেফ'ৰ শেহতীয়া এক প্রতিবেদনত।

 

নেচনেল ছাৰ্ভিচ স্কীম এন এছ এছৰ সহযোগত ইউনিচেকে চলোৱা এই অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যখনৰ ১৫ শতাংশ নৱপ্ৰজন্মৰ যুবক- যুবতী তথা কিশোৰ-কিশোৰী বিভিন্ন ধৰণে মানসিকভাবে ভাৰাক্ৰান্ত হৈছে ইন্টাৰনেট আৰু ম'বাইল ফোনৰ অবাধ ব্যৱহাৰৰ বাবে। ৬০ শতাংশ যুবক-যুবতী সামাজিক সম্পৰ্কৰ পৰা বিচ্ছিন্ন হোৱাৰ সমান্তৰালকৈ ২৪ শতাংশ যুৱক-যুৱতী আক্রান্ত হৈছে মানসিক চাপ, ভয় আৰু উদ্বিগ্নতাত। আনহাতে ১১ শতাংশ যুৱক-যুৱতী আন আন ধৰণে মানসিক ভাৰাক্ৰান্তৰ সন্মুখীন হৈছে।

 

অধ্যয়নত প্রকাশ পোৱা মতে নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলৰ ৬১ শতাংশই ফে'চবুক তথা ছ'চিয়েল মিডিয়া ব্যৱহাৰত সিদ্ধহস্ত। আনহাতে, ইয়াৰে ৩৫ শতাংশ যুবক-যুৱতীয়ে মোবাইল ফোনযোগে আপত্তিজনক ফটো, ভিডিঅ' আদান-প্ৰদান কৰাৰ লগতে ছ'চিয়েল মিডিয়াযোগে মিথ্যাচাৰ প্ৰচাৰ কৰি আহিছে।

 

উল্লেখযোগ্য যে সম্প্রতি ইন্টাৰনেটৰ সুলভ ব্যৱহাৰ আৰু ম'বাইল ফোনৰ অবাধ ব্যৱহাৰে নৱপ্ৰজন্মৰ যুবক- যুৱতী তথা কিশোৰ-কিশোৰীসকলৰ শৈক্ষিক দিশৰ লগতে তেওঁলোকৰ মানসিকতাত বিৰূপ প্রভাৱ পেলোৱাৰ বিষয়টো ব্যাপকভাৱে চর্চিত হৈ আহিছে। অসমৰ মুঠ জনসংখ্যাৰ ১৯ শতাংশ ল'ৰা-ছোৱালী  হ'ল ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ ইন্টাৰনেট, ম'বাইল ফোনৰ অবাধ ব্যৱহাৰে এই কিশোৰ-কিশোৰী  তথা যুৱক-যুৱতীসকলৰ মানসিকতাক ক্ষতিগ্রস্ত কৰা বুলি শিক্ষাবিদ, চিকিৎসক, বিশেষজ্ঞসকলেও মতপোষণ কৰি আহিছে। বিষয়টো চৰ্চিত হৈ অহাৰ সময়তে অসমৰ ৯৫ শতাংশ নৱপ্ৰজন্মৰ যুৱক-যুৱতী মানসিকভাৱে ভাৰাক্ৰান্ত হোৱা বুলি ইউনিচেনৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ ঘটনা বিশেষভাৱে লক্ষণীয় হৈ পৰিছে।