বাইকেৰে ভাৰত ভ্ৰমণ কৰি সীমান্তৰ দুয়োপাৰৰ লোকৰ মৰম বুটলিলে পাকিস্তানী Vlogger আব্ৰাৰ হাছানে

Story by  atv | Posted by  [email protected] • 10 Months ago
পাকিস্তানী Vlogger আব্ৰাৰ হাছান
পাকিস্তানী Vlogger আব্ৰাৰ হাছান
নতুন দিল্লী

পাকিস্তানৰ জনপ্ৰিয় Vlogger আব্ৰাৰ হাছানে সমগ্ৰ ভাৰতবৰ্ষত এক অসাধাৰণ মটৰবাইক অভিযান আৰম্ভ কৰিছে। “বন্ধুত্বপূৰ্ণ ভ্ৰমণ” বুলি অভিহিত কৰা এই অভিযানত তেওঁ ৩০ দিনৰ ভিতৰত ৭ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। দুয়োখন দেশৰ মাজত ঐতিহাসিকভাৱে উত্তেজনাপূৰ্ণ সম্পৰ্ক থকাৰ পিছতো হাছানে এই যাত্ৰাত সকলোৰে পৰা অপৰিসীম মৰম আৰু আতিথ্য লাভ কৰিছে। ইয়াক লৈ তেওঁ অত্যন্ত সুখ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে।
 
উৎসাহী বাইক আৰোহীজনে দিল্লী, হাৰিয়ানা, ৰাজস্থান, মুম্বাই আৰু কেৰালাৰ দৰে বিভিন্ন চহৰত তেওঁৰ দুঃসাহসিক অভিযানবোৰ কেমেৰাৰ লেন্সত বন্দী কৰে। নিজৰ ইউটিউব চেনেল "WildLens by Abrar"ত তেওঁ ভাৰত ভ্ৰমণৰ বিভিন্ন মনোমোহা ভিডিঅ' শ্বেয়াৰ কৰিছে। বিলাসী বিএমডব্লিউ এডভেঞ্চাৰ বাইকেৰে হাছানে হেলমেট-মাউণ্টেড আৰু হেণ্ড-হেল্ড প্ৰফেচলেন কেমেৰা ব্যৱহাৰ কৰি তেওঁৰ ভ্ৰমণৰ দৃশ্যগ্ৰহণ কৰা দেখা গৈছে।
 
এই ভ্ৰমণৰ সময়ত পাকিস্তানী ভ্লগাৰজনক বহুতো স্থানীয় লোকে মৰম আৰু আতিথ্য দিয়ে। বহুতে তেওঁক আহাৰৰ বাবে আমন্ত্ৰণ জনাইছিল। কিছুমানে আনকি নিজৰ মটৰচাইকেলেৰে আকবৰ হাছানক সংগ দিয়ে, তেওঁৰ সৈতে ফটো উঠে। উল্লেখ্য যে, হাছানে চলিত বৰ্ষৰ ৩ এপ্ৰিলত তেওঁৰ অভিযান আৰম্ভ কৰিছিল। ইয়াৰ বাবে তেওঁ বহু বছৰ ধৰি ভিছাৰ বাবে চেষ্টা চলাই আছিল বুলিও ভ্লগাৰজনে জানিবলৈ দিছে।
 

 

কেৰালা ভ্ৰমণৰ অভিজ্ঞতাকৰ কথা উল্লেখ কৰি হাছানে কয় যে কেৰালাক কিয় "ঈশ্বৰৰ নিজৰ দেশ" বুলি কোৱা হয়, সেয়া তেওঁ ভালকৈ উপলব্ধি কৰিব পাৰিছে। আন এটা দৃষ্টান্তত তেওঁ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৰাজস্থানৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। "ৰজাৰ দেশ" নামেৰে পৰিচিত এই ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু মনোমোহা ল্যাণ্ডমাৰ্কসমূহে তেওঁ মোহিত কৰিছে বুলি উল্লেখ কৰি হাছানে কয়, "ৰাজস্থান কেৱল অন্যতম মনোমোহা সংস্কৃতিৰ ভূমিয়ে নহয়, ই ধুনীয়া দুৰ্গ, ৰাজপ্ৰসাদ, মন্দিৰ, মছজিদৰ দ্বাৰাও ধন্য। ইয়াত মই বিশাল হাৱা মহলৰ সন্মুখত এতিয়া থিয় হৈ আছো।"

১৪ মে’লৈকে হাছানে উত্তৰৰ পৰা দক্ষিণলৈ ভাৰতৰ বৈচিত্ৰময় প্ৰাকৃতিক দৃশ্যৰ অভিজ্ঞতা লাভ কৰে। প্ৰতিটো দিনতে তেওঁ ভাৰতৰ মাটিত কিবা নহয় কিবা অনন্য অভিজ্ঞতাৰ সাক্ষী হৈছিল। এই সময়ছোৱাত স্থানীয় লোকসকলৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰ আৰু দয়ালু আচৰণে তেওঁক গভীৰভাৱে আপ্লুত কৰিছিল। ই তেওঁৰ যাত্ৰাক অধিক ৰোমাঞ্চকৰ আৰু উপভোগ্য কৰি তুলিছিল।
 
হাছানৰ অনুৰাগীসকলে তেওঁৰ ছবি আৰু ভিডিঅ’সমূহৰ প্ৰতি যথেষ্ট সঁহাৰি দিয়া দেখা গৈছে। তেওঁলোকে হাছানৰ ভাৰত ভ্ৰমণক প্ৰশংসাৰে উপচাই পেলাইছে। এজন ইউটিউব উপভোক্তাই মন্তব্য কৰে, "আপোনাৰ সকলো ইণ্ডিয়া ছিৰিজৰ ভিডিঅ' মই উপভোগ কৰিছো। বিশেষকৈ পঞ্জাৱৰ ভিডিঅ'বোৰ হৃদয়স্পৰ্শী হৈছে। মই সেইবোৰ দুবাৰ চাইছো। আগুৱাই যাওক।"
 
আন এজন অনুৰাগীয়ে লিখিছে, "এই খণ্ডটো আছিল আপোনাৰ ভাৰত ভ্ৰমণৰ হাইলাইট! ভাৰতীয় লোকৰ নিঃচৰ্ত মৰমৰ বাবে সকলোকে ধন্যবাদ। আপোনালোকৰ দেশখন সৌন্দৰ্য্যৰে ভৰি আছে, আৰু হাছান আব্ৰাৰৰ দৰে ভাল মানুহৰ প্ৰতি আপোনালোকৰ আৱেগ আৰু সন্মান দেখি খুৱ ভাল লাগিছে।"
 
 

 

ইফালে, এজন ভাৰতীয় দৰ্শকে নিজৰ দেশখনক সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে হাছানক ধন্যবাদ জ্ঞাপন কৰি কয়, "আমাৰ দেশখনক ইমান সুন্দৰকৈ দেখুওৱাৰ বাবে বহুত বহুত ধন্যবাদ...আপোনাৰ ভিডিঅ'বোৰ আমাৰ দৈনন্দিন কাম-কাজৰ অংশ আছিল। আমি আমাৰ পিতৃ-মাতৃৰ সৈতে নিশাৰ আহাৰ গ্ৰহণৰ সময়ত ভিডিঅ'বোৰ চাইছো। আপুনি ভাৰত সীমান্ত পাৰ হোৱাত মোৰ দেউতা অলপ আৱেগিক হৈ পৰিছিল। এই ভ্ৰমণৰ বাবে আপোনাক বহুত মৰম আৰু আশীৰ্বাদ জনাইছো।"

 
জনপ্ৰিয় ভ্লগাৰজনে তেওঁৰ এই বাইক যাত্ৰাৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰ দুখনৰ জনসাধাণৰ মাজত থকা বন্ধুত্ব আৰু বুজাবুজিৰ মনোভাৱক এক নতুন ৰূপ দিছে।