কোনো প্ৰশিক্ষণ নোহোৱাকৈ APSC পৰীক্ষাত শীর্ষস্থান লাভ ধুবুৰীৰ ৰাছিকা ইছলামৰ

Story by  atv | Posted by  [email protected] • 3 Months ago
ৰাছিকা ইছলাম
ৰাছিকা ইছলাম
 
আৰিফুল ইছলাম/গুৱাহাটী
 
অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল বুধবাৰে নিশা ঘোষণা কৰা হয়। ইয়াৰ পিছতে বহু মেধাবী প্ৰাৰ্থীৰ মুখত হাঁহি  বিৰিঙি উঠা দেখা গৈছে। এচিএছ, এপিএছ আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ উত্তীৰ্ণ হৈছে ৯১৩ গৰাকী প্ৰাৰ্থী। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ ৰাছিকা ইছলামে।
 
মাটিয়াবাগৰ বাসিন্দা, সেনা বাহিনীৰ প্ৰাক্তন কৰ্ণেল ছাইদুল ইছলাম আৰু ৰাইহানা ইছলামৰ কন্যা ৰাছিকা ইছলামে অসম লোকসেৱা পৰীক্ষাত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাছিকা ইছলামৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে সমগ্ৰ গৌৰীপুৰবাসীক। 
 
ফলাফলৰ পিছত ৰাছিকা ইছলামে কয়; "এপিএছচিৰ ফলাফলত শীৰ্ষস্থান দখল কৰি মই অত্যন্ত সুখী। ইয়াৰ পূৰ্বে ২০২১ চনৰ অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাতো মই উত্তীৰ্ণ হৈছিলোঁ। বৰ্তমান মই ধুবুৰীত কৰ পৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছোঁ। ধুবুৰীৰ দৰে ঠাই এডোখৰৰ পৰা শীৰ্ষস্থান দখল কৰাটো মোৰ কাৰণে সচাই ডাঙৰ কথা। মোৰ স্বামী, মোৰ মা-দেউতাই মোক যথেষ্ট সহযোগ কৰিছে। যদি প্ৰশিক্ষণ কেন্দ্ৰত পঢ়ি আপুনি পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰে, তেন্তে ভাল কথা, কিন্তু আপোনাৰ নিজৰ অধ্যয়নৰ ওপৰত সকলো নিৰ্ভৰ কৰে। কিছুমানে হয়তো ভাবিব পাৰে প্ৰশিক্ষণ নোহোৱাকৈ কেনেকৈ উত্তীৰ্ণ হ'ব, তেনে কোনো কথা নাই। প্ৰশিক্ষণ নোহোৱাকৈও বহুত ভালকৈ উত্তীৰ্ণ হ'ব পাৰে। ইউটিউব আৰু ৱেবচাইটত সকলোবোৰ বিনামূলীয়াকৈ আছেই। গতিকে নিজেই কিমান অধ্যয়ন কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব।"
 
ৰাছিকা ইছলাম
 
কিমান সময় পঢ়াৰ প্ৰয়োজন বুলি প্ৰশ্ন কৰাত ৰাছিকাই কয়; "আচলতে ইয়াৰ কোনো সঠিক উত্তৰ নাই। মই যিহেতু চাকৰি কৰি আছো, মোৰ নিজৰ কামৰ দায়িত্বও আছে। তথাপিও মই ৪ ৰ পৰা ৫ ঘণ্টা অধ্যয়ন কৰিবলৈ সময় পাইছিলোঁ আৰু সেই সময়খিনিতে মই অধ্যয়ন কৰিছিলোঁ।" 
 
২০২০-২১ বৰ্ষত মেধাৱী ছাত্ৰীগৰাকীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। যোৱা দুবছৰ ধৰি ৰাছিকা ইছলামে ধুবুৰী ছেল টেক্স কাৰ্যালয়ত চাকৰি কৰি আছে।
 
ৰাছিকা ইছলামৰ স্বামী ৰ'ছুন উল আলম এগৰাকী নিৰ্বাচনী বিষয়া। ৰছিকাৰ পিতৃ আছিল এগৰাকী সেনা বিষয়া। স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে পিতৃয়ে। ৰছিকাৰ স্বামীও এগৰাকী প্ৰশাসনিক বিষয়া।
 
উল্লেখযোগ্য যে, পিতৃ সেনা বিষয়া আছিল বাবে পঢ়া সূত্ৰে দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিবলগীয়া হৈছিল ৰাছিকাই। পিতৃৰ সৈতে পঞ্জাবতো আছিল ৰাছিকা। ইফালে, গুৱাহাটীৰ নাৰেংগীস্থিত আৰ্মী পাব্লিক স্কুলৰ লগতে আন আন বহু কেইখম আৰ্মী  স্কুলত অধ্যয়ন কৰিছিল ৰচিকাই।
 
অসম লোকসেৱা আয়োগ
 
উল্লেখযোগ্য যে, অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ ফলাফলত ৰাছিকাৰ উপৰিও বহু সংখ্যালঘু শিক্ষাৰ্থী উজ্বলিবলৈ সক্ষম হৈছে। সফল সংখ্যালঘু শিক্ষাৰ্থীৰ নামসমূহ তলত উল্লেখ কৰা হৈছে:- 
 
এচিএছত ৰাছিকা ইছলাম, ৱাহিদুজ জামান, জামানুৰ ইছলাম, আস্ফাক লস্কৰ, বেনাজিৰ ইলিয়াছ, আবু চইদ মহম্মদ, গোলজাৰ হুছেইন, আফান খান।
 
এপিএছত ফায়েজ আহমেদ, ৰুবিনা বেগম, আৰছাদ ৱাচিম আহমেদ, এছ কে ছাজিদুৰ ইছলাম। কৰ অধীক্ষক ছাবনুৰ ৰহমান, চাহজাহান আলী। 
 
অসম বিত্ত সেৱা মহম্মদ আব্দুল ৱাকিল। ব্লক উন্নয়ন বিষয়া মহছিন ছিদ্দিকি, জাহিদ হুছেজন হাজৰিকা খোৰছীদা খানম, অন্তৰা হুছেইন। এচিষ্টেণ্ট মেনেজাৰ, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰীজ চেণ্টাৰ ফৰিদা য়াছমিন। এচিষ্টেণ্ট ৰেজিষ্টাৰ অফ ক' অপাৰেটিভ সচাঁইটিছ পিনাজ ৰহমান। কৰ পৰিদৰ্শক পাকিজা বেগম, জাভেদ আখতাৰ লস্কৰ। 
 
ইন্সপেক্টৰ অফ এক্সচাইজ মহম্মদ তাজিম আহমেদ, ইমৰান হুছেইন, ছাৰনাজ মেহবুব। চাব ৰেজিষ্টাৰ, মুদ্ৰিকা ঝাবিউল্লা হিন্দী। এচিষ্টেণ্ট অ'দিত অফিচাৰ চাবিহা ছবনম, তনৱীৰ, পাৰভেজ, হামিদুৰ ৰহমান, চালিম মাজিদ, আঞ্জুম পাৰবিন, জাহাংগীৰ আলম বৰভূঞা। 
 
এচিষ্টেণ্ট একাউণ্ট অফিচাৰ ফিল'ৰিনা বেগম, তনৱীৰ আমিন, ৱাচিম আহমেদ, চৈয়দা তামান্না য়াছমিন, মানিন উদ্দীন আহমেদ, নেকিব জামান আহমেদ, জাফৰিন ৰহমান, ফিৰদুছৰ ৰহমান, জেকি আহমেদ, ৰৌচনা পাৰবিন আকাণ্ড, মিৰ্জা কৌছাৰ আহমেদ, চামচুৰ ৰহমান, আব্দুল্লাহ আহমেদ, খণ্ডকাৰ খাইৰুল ইছলাম, ছাবানা ৰাকীয়া আহমেদ, মহম্মদ আলী, আবু বক্কৰ ছিদ্দিক।  
 
ৰিচাৰ্চ এচিষ্টেণ্ট, ট্ৰেন্সপোৰ্ট চাৰ্ভিছ বিভাগত আহমেদ ফাৰাজ। অসম অৰ্বান এডমিনিস্ট্রেটিভ চাৰ্ভিছত অজহাৰুল আলম, আছিফ আলী খান, বাইতুল আলম ৰহমান, আজমল হুছেইন।