ছানিয়া মিৰ্জাই শ্বোৱেব মালিকৰ পৰা ‘খুলা’ লৈছিল

Story by  atv | Posted by  Munni Begum • 3 Months ago
ছানিয়া মিৰ্জা আৰু শ্বোৱেব মালিক তেওঁলোকৰ পুত্ৰৰ সৈতে
ছানিয়া মিৰ্জা আৰু শ্বোৱেব মালিক তেওঁলোকৰ পুত্ৰৰ সৈতে
 
নতুন দিল্লী
 
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক শ্বোৱেব মালিকে শনিবাৰে কয় যে, তেওঁ দ্বিতীয়বাৰৰ বাবে জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। 
 
ইফালে ছানিয়া মিৰ্জাৰ পিতৃ ইমৰাণ মিৰ্জাৰ কয় যে, সেয়া "খুলা" আছিল। আচলতে "খুলা" হৈছে এগৰাকী মুছলমান মহিলাৰ স্বামীক একপক্ষীয়ভাৱে বিবাহ বিচ্ছেদ কৰাৰ অধিকাৰ। 
 
ইয়াৰ পূৰ্বে ২০১০ চনৰ এপ্ৰিল মাহত ছানিয়া মিৰ্জাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা শ্বোৱেব মালিকে ছ’চিয়েল মিডিয়াত নতুন পত্নীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছিল - "আলহামদুলিল্লাহ, তেওঁ আমাক দম্পতী হিচাপে সৃষ্টি কৰিছে।" ক্ৰিকেটাৰগৰাকীৰ পাঁচ বছৰীয়া পুত্ৰ ইজান মাতৃ ছানিয়া মিৰ্জাৰ সৈতে থাকে।
 
২০২২ চনৰ পৰা শ্বোৱেব আৰু ছানিয়াৰ সম্পৰ্কত ফাট মেলিছিল আৰু যোৱা কিছু বছৰৰ পৰা তেওঁলোকক একেলগে থকা নাছিল। শেহতীয়াকৈ মালিকে ইনষ্টাগ্ৰামত ছানিয়া মিৰ্জাক আনফ’ল’ কৰিছিল।  
 
২০২০ চনত গায়ক ওমেৰ জছৱালৰ সৈতে পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বিখ্যাত অভিনেত্ৰী ছানা জাভেদৰ সৈতে শ্বোৱেব মালিকৰ বিবাহপাশত আবদ্ধ হয় জীৱনৰ নতুন পাতনি মেলে। অৱশ্যে দুমাহ পূৰ্বে ছানা জাভেদ আৰু ওমেৰ জছৱালৰ বিবাহ বিচ্ছেদৰ খবৰ পোহৰলৈ আহিছিল।