দ্বিতীয়টো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী হ'ল ১৫ বছৰীয়া ছৌদি সাহিত্যিক ৰীতাজ আল হাজমী

Story by  atv | Posted by  [email protected] • 3 Months ago
১৫ বছৰীয়া ছৌদি সাহিত্যিক ৰীতাজ আল হাজমী
১৫ বছৰীয়া ছৌদি সাহিত্যিক ৰীতাজ আল হাজমী
 
অনিকা মহেশ্বৰী / নতুন দিল্লী

ছৌদি স্তম্ভলেখক তথা লেখিকা ১৫ বছৰীয়া ৰীতাজ আল হাজমীয়ে এইবাৰ বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা বাতৰি কাকতৰ স্তম্ভলেখক হিচাপে দ্বিতীয়টো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিছে। ইয়াৰ পূৰ্বে মাত্ৰ ১২ বছৰ বয়সতে গ্ৰন্থ শৃংখলা প্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে বিখ্যাত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছিল যুৱ লেখিকাগৰাকী।
 
এতিয়া সাংবাদিকতাৰ জগতখনত ভৰি দি আল-হাজমীয়ে ছৌদি আৰৱৰ ৰূপান্তৰৰ বিষয়ে বাতৰি প্ৰকাশ কৰি দেশখনৰ অৰ্থনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।
 
ভিজন ২০৩০ কাৰ্যসূচীৰ ভিতৰত চৌদি আৰৱত দ্য লাইন আৰু এন ই অ’ এমৰ দৰে প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰব নিউজৰ বাবে ১০টা প্ৰবন্ধ লিখি শেহতীয়াকৈ ১৫ বছৰীয়া যুৱতীগৰাকীয়ে নতুন অভিলেখ গঢ়ে। আল-হাজমীয়ে চৌদি আৰৱৰ মহাকাশ কাৰ্যসূচী, সাংস্কৃতিক সংৰক্ষণ, বহনক্ষমতাৰ লগতে স্থানীয় পদক্ষেপ আদিৰ দৰে বিষয়সমূহো সামৰি লৈছিল।
 
 
উল্লেখ্য যে, আল-হাজমীয়ে মাত্ৰ ছয় বছৰ বয়সতে পৰিয়ালৰ উৎসাহত চুটিগল্প লিখিবলৈ আৰম্ভ কৰে। পৰিয়ালৰ লোকে তেওঁক সৃষ্টিশীল লেখাৰ প্ৰতি আকৰ্ষিত কৰিছিল। ২০১৯ চনত তেওঁৰ প্ৰথম ইংৰাজী ভাষাৰ উপন্যাস "ট্ৰেজাৰ অৱ দ্য লষ্ট ছি" আৰু "পৰ্টেল অৱ দ্য হিডেন ৱৰ্ল্ড" প্ৰকাশ পাইছিল। ২০২১ চনত তেওঁৰ তৃতীয়খন উপন্যাস "বিয়ণ্ড দ্য ফিউচাৰ ৱৰ্ল্ড" প্ৰকাশ পায়।
উচ্চাকাংক্ষী লেখকসকলক কি পৰামৰ্শ দিব বুলি সোধাত আল-হাজমীয়ে কয়, “যদি আপুনি লেখক হ’বলৈ আগ্ৰহী, তেন্তে এটা কথা মনত ৰখা উচিত যে আপুনি যিমানেই অসুবিধাৰ সন্মুখীন নহওক কিয়, আপুনি সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। লেখা হৈছে নিজৰ চিন্তা আৰু মতামত বিশ্ববাসীৰ সৈতে প্ৰকাশ কৰাৰ এক উপায়। ই এক সৃষ্টিশীল প্ৰক্ৰিয়া।”
 
আল-হাজমীয়ে শেহতীয়া অভিলেখ স্থাপনৰ পিছত নিজৰ টুইটাৰ একাউণ্টত কয়, “বাতৰি কাকতৰ সবাতোকৈ কম বয়সীয়া স্তম্ভ লেখক হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নতুন খিতাপ। আৰব নিউজ নামৰ কাকতখনত নটাতকৈও অধিক লেখা প্ৰকাশ কৰাৰ পিছত এই অভিলেখৰ গৰাকী হৈছো। নতুন প্ৰজন্মক শক্তিশালী কৰাৰ বিষয়ে এই লেখাসমূহ লিখা হৈছে।"