দুই যমজ কন্যা ছাবিৰা আৰু তাহিৰাৰ সাফল্য নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে

Story by  Daulat Rahman | Posted by  Munni Begum • 11 Months ago
ছাবিৰা শইকীয়া আৰু তাহিৰা শইকীয়া
ছাবিৰা শইকীয়া আৰু তাহিৰা শইকীয়া
 
দৌলত ৰহমান / গুৱাহাটী
 
প্ৰথমে তেওঁলোকে অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা (Assm-CEE)ত স্থান দখল কৰি অভিযন্তা হিচাপে কেৰিয়াৰ গঢ়াৰ পথ মুকলি কৰিলে। ইয়াৰ পিছত নেশ্যনেল এলিজিবিলিটি-কাম-এণ্ট্ৰেন্স টেষ্ট (NEET)ত শেহতীয়াকৈ সফলতাৰে উত্তীৰ্ণ হৈ তেওঁলোকে চিকিৎসক হোৱাৰ সুযোগ লাভ কৰিছে। অসমৰ মেধাসম্পন্ন যমজ কন্যা ছাবিৰা শইকীয়া আৰু তাহিৰা শইকীয়াৰ এনে সফলতা অসমৰ বিশেষকৈ কামৰূপ জিলাৰ অসমীয়া মুছলমান গাঁও দামপুৰবাসীৰ বাবে আনন্দ আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছে।
 
ছাবিৰা আৰু তাহিৰাই সদ্যঘোষিত NEETৰ পৰীক্ষাত ক্ৰমে ৬২৭ আৰু ৫৭৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সম্ভাৱ্য কাট অফ নম্বৰ অনুসৰি, ছাবিৰাই উত্তৰ-পূব ভাৰতৰ অন্যতম আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় গৌহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত আসন লাভ কৰিব। একেদৰে, তাহিৰাইও অসমৰ যিকোনো এখন অন্যতম প্ৰতিষ্ঠিত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ পাব। 
 
ইয়াৰ পূৰ্বে Assam-CEE পৰীক্ষাত ছাবিৰাই ৪০সংখ্যক ৰেংক লাভ কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তিৰ পথ মুকলি কৰিছে।  একেটা পৰীক্ষাতে তাহিৰাই ৬৭ সংখ্যক ৰেংক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
 
যমজ কন্যাদ্বয়ৰ পিতৃ ছাহাবুদ্দিন শইকীয়াই 'আৱাজ-দ্য ভইচ অসম'ক জনোৱা মতে, তেওঁৰ দুয়োগৰাকী কন্যাই শৈক্ষিক কেৰিয়াৰৰ অন্যতম দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত সফল হোৱাত তেওঁলোক অত্যন্ত সুখী। তেওঁ কয় যে কন্যাক সদায় শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰিব লাগে আৰু লিংগৰ ভিত্তিত কেতিয়াও বৈষম্য কৰা উচিত নহয়। 
 
সদ্যঘোষিত নীট পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাইছে আনাৰুল হুছেইন, ছাকিল হুছেইন
 
উল্লেখ্য যে, ছাবিৰা আৰু তাহিৰা উভয়ে গুৱাহাটীৰ খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে NEETৰ দৰে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনলাইন কোচিং আৰম্ভ কৰিছিল। তেওঁলোকৰ মাক আতিকা শইকীয়া এগৰাকী গৃহিণী।
 
ইফালে, দুই মেধাৱী ছাত্ৰী ছাবিৰা আৰু তাহিৰাৰ সফলতা দামপুৰবাসীৰ বাবে আনন্দ আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছে। ‘যমজ কন্যা ছাবিৰা আৰু তাহিৰাৰ পিতৃ ছাহাবুদ্দিন শইকীয়াৰ পৰিয়াল কেইবাবছৰ ধৰি গুৱাহাটীত থাকিলেও তেওঁলোক মূলতঃ দামপুৰ গাঁওৰ বাসিন্দা। গতিকে ছাবিৰা আৰু তাহিৰাৰ সফলতাক দামপুৰৰ বাবে এক কৃতিত্ব হিচাপে গণ্য কৰা হৈছে আৰু গাঁৱৰ নৱ প্ৰজন্ম তেওঁলোকৰ এই সফলতাৰ পৰা অনুপ্ৰাণিত হ’ব,’ দামপুৰৰ বাসিন্দা আতিকুৰ ৰহমানে এইদৰে কয়।
 
কামৰূপ জিলাৰ হাজো চক্ৰৰ দামপুৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে বিশেষভাৱে পৰিচিত। দামপুৰ হৈছে নামনি অসমৰ একমাত্ৰ গাঁও, য'ত ১০০ শতাংশ খিলঞ্জীয়া অসমীয়া মুছলমান জনসংখ্যা আছে। সাধাৰণতে ধাৰণা কৰা হয় যে ঐতিহ্যমণ্ডিত হাজোৰ সাম্প্ৰদায়িক সম্প্ৰীতি মূলতঃ দামপুৰৰ শান্তিপ্ৰিয় জনসাধাৰণৰ বাবেই সম্ভৱ হৈছে।
 
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্য সত্য বুলি প্ৰমাণিত কৰি অসমৰ মুছলমান অধ্যুষিত অঞ্চলৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এইবাৰৰ NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। শেহতীয়াকৈ শৰ্মাই সংখ্যালঘু মুছলমান ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰি কয় যে যদিও চৰ অঞ্চলত বাস কৰা লোকসকল পিছপৰা শ্ৰেণীৰ বুলি গণ্য কৰা হয়, তথাপি এই অঞ্চলত এক শৈক্ষিক বিপ্লৱৰ সূচনা হৈছে। 
 
মৌলানা বদৰুদ্দিন আজমলে চুপাৰ ৪০ শিক্ষাৰ্থীৰ সফলতা উদযাপন কৰিবলৈ এটা বিশাল কেক কাটিছে
 
মুখ্যমন্ত্ৰী শৰ্মাই সংখ্যালঘু (মূলতঃ মুছলমান)ৰ মাজত এনে শৈক্ষিক উত্তৰণ ঐতিহাসিক বুলি উল্লেখ কৰে। প্ৰতিবছৰে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তি লাভ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
 
"চৰ অঞ্চলত শৈক্ষিক উত্তৰণ ঘটিছে। চৰ অঞ্চলৰ শিক্ষাৰ্থীসকলে আমাৰ চিকিৎসা বিজ্ঞানৰ পৰীক্ষাৰ ফলাফলত খুব ভাল প্ৰদৰ্শন কৰিছে। ধৰ্মীয় সংখ্যালঘু শিক্ষাৰ্থীসকলৰ ভালে সংখ্যকে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিছে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হৈ তেওঁলোকে মেধাৰ ভিত্তিত নামভৰ্তি কৰাৰ সুযোগ পাইছে। যোৱা বছৰ ৩২০ জন শিক্ষাৰ্থীয়ে (১,০০০ আসনৰ ভিতৰত) চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। ধৰ্মীয় সংখ্যালঘু অঞ্চলবোৰে তুলনামূলকভাৱে শৈক্ষিক দিশত ভাল ফলাফল দাঙি ধৰিছে। চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰিসংখ্যাই ইয়াৰ প্ৰমাণ দাঙি ধৰিছে," মুখ্যমন্ত্ৰীয়ে কয়।