প্ৰেমৰ নাই কোনো সীমা; পঞ্জাৱৰ নমন লুথ্ৰাৰ পাকিস্তানী প্ৰেমিকাই লাভ কৰিলে ভাৰতীয় ভিছা, এপ্ৰিলত বিয়া

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্বাহনীল জাভেদ আৰু নমন লুথ্ৰা
শ্বাহনীল জাভেদ আৰু নমন লুথ্ৰা
 
নতুন দিল্লী
 
প্ৰেমৰ নাই কোনো সীমা। প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো সীমা। বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান, মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টা আৰু ৰাণী মুখাৰ্জী অভিনীত জনপ্ৰিয় ছবি‘বীৰ-জাৰা’-এ চলচ্চিত্ৰ অনুৰাগীৰ মন জয় কৰিছিল আৰু বক্স অফিচত এখন সফল ৰোমাণ্টিক ছবি হিচাপে চিহ্নিত হৈছিল। য়শ চোপ্ৰা পৰিচালিত ছবিখনত এজন ভাৰতীয় যুৱকৰ প্ৰেমত পৰিছিল এগৰাকী পাকিস্তানী যুৱতী। 
 
পঞ্জাৱৰ বটালাত শেহতীয়াকৈ 'বীৰ-জাৰা'ছবিৰ দৰেই এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী পোহৰলৈ আহিছে। বটালাৰ বাসিন্দা নমন লুথ্ৰাই বহু ঘাত-প্ৰতিঘাতৰ অন্তত অৱশেষত ৭ বছৰৰ পিছত লাভ কৰিলে নিজৰ প্ৰেয়সীক। দৰাচলতে তেওঁৰ পাকিস্তানী প্ৰেমিকা শ্বাহনীল জাভেদে শেহতীয়াকৈ ভাৰতৰ ভিছা লাভ কৰিছে আৰু বহু অপেক্ষাৰ পিছত প্ৰেমিক যুগলে এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হ’ব পাৰিব।
 
পাকিস্তানৰ লাহোৰৰ ২৪ বছৰীয়া শ্বাহনীল জাভেদে ২০১৬ চনত পাঞ্জাৱৰ বাটালা চহৰৰ নমন লুথ্ৰা নামৰ এজন অধিবক্তাৰ সৈতে বাগ্দানত আৱদ্ধ হৈছিল।  সেই সময়ত শ্বাহনীল কিশোৰী আছিল বাবে বিয়া হৈ ভাৰতলৈ আহিবলৈ দুবছৰমান অপেক্ষা কৰিবলগীয়া হৈছিল। নমন লুথ্ৰাইও প্ৰেয়সীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছিল।
 
বিয়াৰ উপযুক্ত বয়স হোৱাত দুয়োপক্ষই পৰৱৰ্তী বছৰবোৰত বিয়াৰ পৰিকল্পনা কৰিছিল যদিও সেই সময়তে ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল আৰু নমন আৰু শ্বাহনীলৰ বিবাহত ই হেঙাৰ হৈ পৰিছিল। দুয়ো দেশৰ ৰাজনৈতিক সংঘাতৰ বাবে শ্বাহনীলাক ভাৰতীয় পক্ষই ভিছাৰ পৰা বঞ্চিত কৰিছিল। তথাপি তেওঁলোকে হাৰি যোৱা নাছিল আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিল। 
 
অৱশেষত যোৱা ডিচেম্বৰত নমন লুথ্ৰাই এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখাৰ সিদ্ধান্ত লয়। তেওঁ লগতে লোকসভাৰ সদস্য তথা জনপ্ৰিয় অভিনেতা ছানী দেউলক সাক্ষাৎ কৰি এই ক্ষেত্ৰত সাংসদজনৰ সহায় বিচাৰিছিল। ছানী দেউলৰ এই প্ৰচেষ্টাৰ বাবে শেহতীয়াকৈ শ্বাহনীলে ভাৰতৰ ভিছা লাভ কৰিছে। ইয়াৰ পিছতে দুয়োখন ঘৰত এতিয়া উগুল-থুগুল পৰিৱেশ। বহু অপেক্ষাৰ অন্তত এপ্ৰিল মাহত নমন আৰু শ্বাহনীলৰ বিবাহ অনুষ্ঠান সম্পন্ন হ'ব।
 
ৱাগাহ সীমান্তৰ এক দৃশ্য
 
ইফালে, গুৰদাসপুৰৰ বটালাৰ বাসিন্দা নমনে ভাৰত চৰকাৰক ধন্যবাদ জনাই কয় যে, "শ্বাহনীলে বৃহস্পতিবাৰে (১৬ মাৰ্চ) লাভ কৰে আৰু এতিয়া এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ভাৰতলৈ আহি আছে। এবাৰ ইয়াত উপস্থিত হ'লে আমি বিবাহপাঁশত আৱদ্ধ হ'ম। নমন লুথ্ৰা আৰু তেওঁৰ পাকিস্তানী প্ৰেয়সী শ্বাহনীল জাভেদ হৈছে দূৰ সম্পৰ্কীয় আত্মীয়। পাৰিবাৰিক অনুষ্ঠানত লগ পোৱাৰ সময়তে দুয়ো প্ৰেমত পৰিছিল যদিও সীমান্ত সমস্যাই তেওঁলোকৰ প্ৰেমত বাধা হৈ পৰিছিল।
 
এতিয়া শ্বাহনীলে ভাৰতৰ ভিছা পোৱাৰ লগে লগে অৱশেষত তেওঁলোকৰ প্ৰেম সাৰ্থক হোৱাৰ দিশত আগবাঢ়িছে। অধিবক্তা নমন লুথ্ৰাই স্পষ্টকৈ কয় যে বিয়াৰ পিছত পত্নীৰ সৈতে তেওঁলোক বটালাত থাকিব। 
 
উল্লেখ্য যে, বিভাজনত লুথ্ৰাৰ পৰিয়ালে লাহোৰৰ পৰা প্ৰব্ৰজন কৰি বাটালাত বসতি স্থাপন কৰে। কিন্তু তেওঁৰ প্ৰপৌত্ৰই লাহোৰত পৰিয়ালৰ সৈতে থাকিবলৈ বাছি লৈছিল আৰু পিছলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। ৰেডক্লিফ লাইনৰ দুয়োকাষে বাস কৰাৰ পিছতো পৰিয়াল দুটাৰ মাজত যোগাযোগ বজাই ৰাখিছিল। আত্মীয়ক বিয়া হ’ব বিচৰা বুলি কোৱা লুথ্ৰা আৰু শ্বাহনীলে ২০১৬ চনত লাহোৰত কিশোৰ অৱস্থাত বাগ্দান কৰিছিল।
 
২০১৮ চনত শ্বাহনীলে বটালা ভ্ৰমণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁক কেইবাবাৰো ভিছাৰ পৰা বঞ্চিত কৰা হৈছিল। শ্বাহনীল আৰু নমনে পাকিস্তানৰ কৰতাৰপুৰৰ চাহিব সিং গুৰুদ্বাৰাত সঘনাই লগ পাইছিল। কাৰণ, তাত ভাৰতীয়সকলে পাকিস্তানত প্ৰৱেশ কৰিবলৈ ভিছাৰ প্ৰয়োজন নহয়।
 
ইফালে লাহোৰস্থিত শ্বাহনীলা জাভেদ আৰু তেওঁৰ পৰিয়ালে এই সন্দৰ্ভত অধিক কথা ক’বলৈ অস্বীকাৰ কৰি কয় যে তেওঁলোক বিয়াৰ প্ৰস্তুতিত ব্যস্ত। স্থানীয় সংবাদ মাধ্যমৰ আগত তেওঁৰ মাকে কয় যে তেওঁ নিজৰ কন্যাক ৱাগাহ সীমান্তৰে কইনা হিচাপে পঠিয়াব।