Mann Ki Baatত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা অসমৰ যুৱকজন কোন ?

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী

প্ৰতি মাহৰ শেষৰটো দেওবাৰৰ দৰে আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান 'মন কি বাত'ত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। দেওবাৰে সম্প্ৰচাৰ হোৱা 'মন কি বাত'ৰ ৯৮ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীয়ে আন বিভিন্ন দিশৰ লগতে অসমৰ কামৰূপ জিলাৰ বাসিন্দা দীনেশ গোৱালা নামৰ এজন যুৱকৰ কথা উল্লেখ কৰে।

এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিচুকনি গীত লিখা প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰা গোৱালাৰ সৃষ্টিৰাজিত অসমৰ মাটিৰ পাত্ৰ নিৰ্মাণ কৰা মৃৎশিল্পীসকলৰ কলা-কৌশল প্ৰতিফলিত হৈছিল। দ্বিতীয় পুৰস্কাৰ লাভ কৰা গোৱালাৰ নিচুকনি গীতটোও প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত সম্প্ৰচাৰ কৰা হয়। 

উল্লেখ্য যে, নিচুকনি গীত লিখা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ বি এম মঞ্জুনাথে। কানাড়া ভাষাত লিখা নিচুকনি গীত ‘মালাগু কাণ্ডা’ৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল। সাধাৰণতে মাক আৰু আইতাকে শিশুক নিচুকাবলৈ গোৱা মৃদু গীতবোৰক নিচুকনি গীত বুলি কোৱা হয়। 

ইফালে, দেশৰ ডিজিটেল অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে বিশ্বৰ বহু দেশ ভাৰতৰ ইউ পি আই(UPI) লেনদেনৰ প্ৰতি আকৰ্ষিত হৈছে। ‘মন কি বাত’ত তেওঁ মন্তব্য কৰে যে ইউ পি আই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ) ব্যৱস্থা আৰু ই-সঞ্জীৱনী এপ ডিজিটেল ইণ্ডিয়াৰ শক্তিৰ উজ্জ্বল উদাহৰণ।
 
প্ৰধানমন্ত্ৰীয়ে কয় যে ক'ভিড-১৯ মহামাৰীৰ সময়ত ই-সঞ্জীৱনী এপটো ৰাইজৰ বাবে এক বৃহৎ আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। ডিজিটেল ইণ্ডিয়াৰ শক্তিৰ ই এক উজ্জ্বল নিদৰ্শন বুলিও তেওঁ কয়।
"এই এপটোৰ জৰিয়তে টেলি কনচালটেচনৰ সহায়ত অৰ্থাৎ বহু দূৰত বহি থাকিও ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আপোনাৰ বেমাৰৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিব। এতিয়ালৈকে এই এপটো ব্যৱহাৰ কৰা লোকৰ সংখ্যাই ১০ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে। এজন ৰোগী আৰু এজন চিকিৎসকৰ মাজত এই আশ্চৰ্যজনক বন্ধন। এই সাফল্যৰ বাবে মই সকলো চিকিৎসক আৰু ৰোগীক অভিনন্দন জনাইছো। ভাৰতবাসীয়ে প্ৰযুক্তিক কিদৰে নিজৰ জীৱনৰ অংশ হিচাপে লৈছে, এয়া তাৰ এক জীয়া উদাহৰণ। "-এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে।