২০২৩ত কোনে দখল কৰিলে Google Searchৰ শীৰ্ষ স্থান ?

Story by  atv | Posted by  [email protected] • 4 Months ago
২০২৩ত কোনে দখল কৰিলে Google Searchৰ শীৰ্ষ স্থান ?
২০২৩ত কোনে দখল কৰিলে Google Searchৰ শীৰ্ষ স্থান ?
 
নতুন দিল্লী

চাঁওতে চাঁওতে বিদায় বেলাত উপনীত হৈছে ২০২৩ বৰ্ষ। আৰু কেইটামান ক্ষণৰ পিছতে আমি ভৰি দিম এটা নতুন বছৰত। এনে এক সময়ত আমি ২০২৩ বৰ্ষত গুগলত আটাইতকৈ বেছি ছাৰ্জ কৰা ভাৰতীয় ব্যক্তিসকলৰ নাম প্ৰকাশ কৰিব বিচাৰিছো। আচৰিত কথাটো হ’ল যে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বিৰাট কোহলিয়ে Google Searchৰ শীৰ্ষ দহৰ ভিতৰতো স্থান লাভ কৰা নাই।
 
এই তালিকাৰ শীৰ্ষস্থান দখল কৰা ভাৰতীয়গৰাকী হৈছে বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী। বলীউডৰ সতীৰ্থ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে হোৱা বিয়াৰ বাবে তেওঁ Google Searchত জনপ্ৰিয়তাৰ শীৰ্ষত উঠিবলৈ সক্ষম হৈছে। 
 
ইয়াৰ পিছতে আছে আই পি এলত গুজৰাট টাইটানছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয় দখল কৰা টীম ইণ্ডিয়াৰ নৱতম তাৰকা শুভমন গীল। তৃতীয় স্থানত আছে ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ৰাচিন ৰবীন্দ্ৰ। তেওঁৰ নামটো ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰৰ সৈতে সংযোগৰ উৰা বাতৰি বিয়পিছিল। 
 
চতুৰ্থ স্থান নিশ্চিত কৰিছে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীয়ে। তেওঁ ২০২৩ চনৰ আইচিচি বিশ্বকাপত চাঞ্চল্যকৰ বলিঙেৰে ভাৰতক ফাইনেললৈ উন্নীত কৰিছিল।