গুৱাহাটী
দুদিনীয়া অসম ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বিয়লি ২.৫০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে প্রধানমন্ত্ৰী মোদী। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে বিমানবন্দৰৰ নৱনিৰ্মিত বাঁহ অর্কিড টার্মিনেল ভৱন। নতুন টাৰ্মিনেল ভৱনত প্রধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰায় ১৫ মিনিট সময় নতুন টাৰ্মিনেলটোও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। টাৰ্মিনেল মুকলিৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।
টাৰ্মিনেল মুকলিৰ পিছত অনুষ্ঠিত জনসভাত প্ৰধানমন্ত্ৰী মোদী
সভাত আদৰণি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি আমাৰ ৰাজ্যখনৰ বাবে আনন্দ আৰু গৌৰৱৰ দিন। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে। আৰু নতুন টাৰ্মিনেলৰ মুকলি কৰিলে। আমি সকলোৱে জানো যে এই টাৰ্মিনেলটো অসমৰ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। কপৌফুলৰ আৰ্হিৰে ইয়াক নিৰ্মাণ কৰা হৈছে। কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰক সমুখত ৰাখি এই সুন্দৰ টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে। এনেকুৱা অত্যাধুনিক টাৰ্মিনেল বিল্ডিং কেইবছৰমান আগলৈকে অসমবাসীয়ে যে দেখা পাব, তাক আমি চিন্তাও কৰিব পৰা নাছিলোঁ।’’
বিশাল জনসভাত অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ উন্নয়নত নতুন অধ্যায়ৰ আৰম্ভণি হৈছে বুলি উল্লেখ কৰে। তেওঁ কয়, ''লুইতৰ পাৰ জিলিকাবলৈ আমি সংকল্পবদ্ধ। ব্ৰহ্মপুত্ৰৰ দৰেই অব্যাহত ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়নৰ ধাৰা থাকিব।’’ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মই জানিবলৈ পাই সুখী হৈছোঁ যে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে বিবেচিত হৈছে। তদুপৰি ৫০ লাখতকৈও অধিক স্মাৰ্ট মিটাৰ স্থাপন কৰি অসমে এক নতুন অভিলেখ ৰচিছে। ভাষণত তেওঁ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমবাসীক নতুন টাৰ্মিনেলটোৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অসমক পূব পাকিস্তানৰ সৈতে একত্ৰিত হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানৰ কথা তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীক গুৱাহাটীত উষ্ম আদৰণি ৰাইজৰ
নতুন টাৰ্মিনেলে কেনেদৰে বাৰ্ষিক ১.৩ কোটি যাত্ৰী নিয়ন্ত্রণ ক্ষমতাৰে সমৃদ্ধ হ'ব আৰু ইয়াক বহনক্ষমতাৰ প্ৰচাৰৰ বাবে গছ-গছনি আৰু বাঁহৰ ব্যাপক ব্যৱহাৰেৰে প্ৰাকৃতিকভাৱে মনোমোহা ধৰণে ডিজাইন কৰা হৈছে, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত সেতুসমূহে অসমলৈ উন্নয়নৰ নতুন জোৱাৰ আনিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বৰাজোত্তৰ ছটা দশকত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন সেতু আছিল, কিন্তু যোৱা এটা দশকতে আমি চাৰিখন সেতু নিৰ্মাণ কৰিছোঁ আৰু কেইবাখনৰো নিৰ্মাণ অব্যাহত আছে। অসমে হিংসাৰ পথ ত্যাগ কৰি উন্নয়নৰ পথ বাছি লৈছে বুলি উল্লেখ কৰি পূৰ্বতে যিসমূহ অঞ্চল হিংসাৰে জর্জৰিত আছিল, সেই অঞ্চলসমূহ আহি থকা দিনবোৰত ঔদ্যোগিক কৰিড'ৰ হিচাপে গঢ় লৈ উঠিব বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্রায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰিছে।
ইয়াৰ পাছত প্রধানমন্ত্রীয়ে সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়লৈ বৃহৎ ৰোড শ্ব'ত অংশগ্রহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে।