গুৱাহাটী
অদম্য সাহস আৰু কঠোৰ পৰিশ্ৰমৰ বলত পুনৰবাৰ বিশ্বৰ বুকুত অসমৰ নাম উজলাই তুলিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই। গোৱাৰ উপকূলত প্ৰচণ্ড ঢৌ আৰু সাগৰীয় প্ৰত্যাহ্বানক নেওচি তেওঁ প্ৰথমগৰাকী অসমীয়া হিচাপে ৩৫০ কিলোমিটাৰৰ এক 'ছুইম ৰিলে' (Swim Relay) সফলতাৰে সম্পূৰ্ণ কৰি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।
৬ ফেব্ৰুৱাৰীত পুৱাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ৯ ফেব্ৰুৱাৰীত বিয়লি অন্ত পৰে। একেৰাহে চাৰিদিন ধৰি সাগৰৰ বুকুত চলোৱা এই অভিযানত এলভিছে প্ৰায় ৮০ ঘণ্টা সময় সাঁতোৰে। সাগৰৰ মাজত কেৱল এখন ব’টৰ আশ্ৰয় লৈ দিন-ৰাতি একাকাৰ কৰি আগুৱাই যোৱাটো তেওঁৰ বাবে আছিল এক অতি ভয়ংকৰ তথা ৰোমাঞ্চকৰ অভিজ্ঞতা।
সাঁতোৰৰ এই যাত্ৰাপথত এলভিছে অলেখ বাধাৰ মুখামুখি হৈছিল। তেওঁৰ ভাষ্য অনুসৰি যোৱা চাৰিটা দিনত তেওঁ ঠিকমতে আহাৰ গ্ৰহণ কৰিব পৰা নাছিল আৰু টোপনিৰ বাবেও কোনো বিশেষ সময় পোৱা নাছিল। তদুপৰি গোৱাৰ সাগৰৰ পানীত অগণন জেলিফিচৰ মাজত সাঁতুৰিবলগীয়া হোৱাটো তেওঁৰ বাবে আছিল অতি যন্ত্ৰণাদায়ক আৰু প্ৰত্যাহ্বানমূলক।
জোৱাৰ-ভাটাৰ পৰিৱৰ্তনৰ লগে লগে সাগৰৰ সোঁত ইমানেই শক্তিশালী হৈ পৰিছিল যে সেই মুহূৰ্তবোৰত নিজক বচাই ৰাখি সাঁতুৰি থকাটো অতি কঠিন আছিল।
ভাৰতত এনে ধৰণৰ দুঃসাহসিক সাতোঁৰ (Adventure Swimming) অতি বিৰল। শাৰীৰিকভাৱে অত্যন্ত ভাগৰুৱা অনুভৱ কৰিলেও, এই বিৰল কৃতিত্ব অৰ্জন কৰিব পৰা বাবে এলভিছ আলী হাজৰিকাই অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে। তেওঁৰ এই সফলতাই কেৱল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এক নতুন প্ৰেৰণাৰ সৃষ্টি কৰিছে।
"এয়া এক অবিস্মৰণীয় অভিজ্ঞতা। মাজে মাজে মই বহুত ভয় খাইছিলোঁ, কিন্তু লক্ষ্যত উপনীত হ'ব পৰা বাবে মই গৌৰৱান্বিত।" — এলভিছ আলী হাজৰিকাই কয়৷